অপূৰ্বা আৰোৰা (ইংৰাজী ভাষা: Apoorva Arora) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যি মূলতঃ হিন্দী ভাষা, গুজৰাটী ভাষা, পঞ্জাবী ভাষা আৰু কন্নড় ভাষা চলচ্চিত্ৰত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ বিভিন্ন ৱেব ছিৰিজ আৰু সংগীত ভিডিঅ'ত অভিনয় কৰিছে।
কৰ্মজীৱন
তেওঁ হিন্দী ভাষা, কন্নড় ভাষা, পঞ্জাবী ভাষা আৰু গুজৰাটী ভাষা চলচ্চিত্ৰত অভিনয় কৰে।
বিনয় ৰাজকুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰা সিদ্ধাৰ্থ বোলছবিখনৰ জৰিয়তে তেওঁ কন্নড় ভাষা চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল, যিখন আছিল তেওঁৰ অভিষেকী ছবি। বোলছবিখন চোৱা বহু লোকে তেওঁক বিখ্যাত তেলুগু ভাষা অভিনেত্ৰী অমলা আক্কিনেনীৰ কন্যা বুলি ভুল কৰিছিল।
মাত্ৰ ১২ বছৰ বয়সতে তেওঁ প্ৰথমবাৰৰ বাবে এখন বোলছবিত অভিনয়ৰ সুযোগ পাইছিল। ইয়াৰ পিছত তেওঁ বিভিন্ন বিজ্ঞাপন অভিযানত অংশ লয় আৰু বিশেষকৈ গ্লেম আপ আৰু কেডবেৰী পাৰ্কৰ বিজ্ঞাপনৰ পিছত এক পৰিচিত মুখ হৈ পৰে। বৰ্তমান অপূৰ্বা এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী। ২০১২ চনত তেওঁ ডিছকভাৰী কিডছৰ মিষ্ট্ৰী হাণ্টাৰ্ছ ইণ্ডিয়া নামৰ তথ্যচিত্ৰ ধাৰাবাহিকখনত এগৰাকী অন্বেষণকাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।১ তেওঁ ইউটিউব চেনেল ফিল্টাৰ কপীৰ সৈতেও জড়িত। ৰোহন শ্বাহৰ সৈতে অভিনয় কৰা তেওঁৰ ভিডিঅ’ এভ্ৰি স্কুল ৰোমাঞ্চ-এ ইউটিউবত মাত্ৰ ৫ দিনতে ৭.৫ নিযুত দৰ্শন লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ গগন আৰোৰাৰ সৈতে কলেজ ৰোমাঞ্চ নামৰ এখন ৱেব ছিৰিজত অভিনয় কৰিছিল। তেওঁ ৰং নম্বৰ নামৰ ইউটিউব ৱেব ছিৰিজতো 'খুছী' নামৰ চৰিত্ৰত অভিনয় কৰিছে।
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰ
| বছৰ | শীৰ্ষক | চৰিত্ৰ | ভাষা | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১১ | বাবল গাম | জেনি | হিন্দী | ২ | |
| ২০১২ | অ’ এম জি – অ’ মাই গড! | জিজ্ঞা মেহতা | ৩ | ||
| ২০১৩ | টিনএজ | প্ৰীতি | কানাড়া | ৪ | |
| ২০১৪ | ডিস্কো সিং | প্ৰিয়া | পঞ্জাবী | ৫ | |
| দেখ তমাশা দেখ | শ্বাব্বো | হিন্দী | ৬ | ||
| হলিডে: এ চোলজাৰ ইজ নেভাৰ অফ ডিউটি | পিংকী বক্সী | ৭ | |||
| সাথিও চলয়ো খোদালধাম | অমি পেটেল/ বিজলী | গুজৰাটী | ৮ | ||
| ২০১৫ | ছেক্স ইজ লাইফ | আলেক্সা | ইংৰাজী | ৯ | |
| সিদ্ধাৰ্থ | খুছী | কানাড়া | ১০ | ||
| ২০১৭ | মাঞ্জা | মায়া | মাৰাঠী | ১১ | |
| মুগুলু নাগে | চাৰুলতা | কানাড়া | ১২ | ||
| ২০১৮ | টাৰ্ণিং পইণ্ট | — | হিন্দী | ||
| ২০১৯ | প্ৰণাম | চোহা | |||
| বিহাইণ্ড দ্য ট্ৰীজ | অপূৰ্বা | ইংৰাজী | |||
| ২০২০ | যহাঁ সবহি জ্ঞানী হ্যেয় | গোল্ডী | হিন্দী | ||
| হোম ষ্টৰিজ | জিয়া | ১৩১৪ | |||
| ২০২১ | দ্য কলডেষ্ট ৰিভেঞ্জ | মীৰা কাপাড়িয়া | চুটি ছবি | ||
| ২০২২ | বদবোলী ভাৱনা | ভাৱনা | |||
| লষ্ট এণ্ড ফাউণ্ড ইন চিংগাপুৰ | চিতাৰা | ১৫ | |||
| ৰাণী পিংক | অনন্যা | চুটি ছবি | ১৬ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Meet Vinay Rajkumar's heroine Apoorva. The Times of India
- ↑ (21 July 2011). Apoorva Arora's hair scare. The Times of India
- ↑ Hungama, Bollywood. OMG Oh My God! Cast List · OMG Oh My God! Movie Star Cast · Release Date · Movie Trailer · Review- Bollywood Hungama. Bollywood Hungama
- ↑ (22 March 2017). Tellyho onto the silverscreen. Deccan Chronicle
- ↑ Disco Singh Movie Review {2.5/5}: Critic Review of Disco Singh by Times of India
- ↑ Movie Review Dekh Tamasha Dekh - It's a riot. Deccan Chronicle
- ↑ Hungama, Bollywood. Holiday – A Soldier Is Never Off Duty Cast List · Holiday – A Soldier Is Never Off Duty Movie Star Cast · Release Date · Movie Trailer · Review- Bollywood Hungama. Bollywood Hungama
- ↑ Sathiyo Chalyo Khodaldham Movie: Showtimes, Review, Trailer, Posters, News & Videos · eTimes
- ↑ 'Disco Singh' dances its way to the box-office. The Times of India
- ↑ (4 May 2014). Apoorva Arora is Vinay's Pair in Siddarth. Chitraloka
- ↑ Watch Manjha Full HD Movie Online on ZEE5. ZEE5
- ↑ Amulya leaves Mugulu Nage, Apoorva steps in. The New Indian Express
- ↑ 'Home Stories': Arjun Mathur and Apoorva Arora starrer 'Home Stories' Official Trailer · Entertainment - Times of India Videos. The Times of India
- ↑ (11 June 2020). Netflix's 'Home Stories' is an anthology of unique tales of lockdown made at home, for you to watch at home. Business Upturn
- ↑ WATCH! Lost & Found In Singapore - Official trailer starring Rithvik Dhanjani and Apoorva Arora. MX Player - Youtube
- ↑ (2023-11-13). Siddharth Nigam and Apoorva Arora share their Diwali memories, their onscreen bond and more. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপূৰ্বা আৰোৰা” প্ৰবন্ধৰ সংশোধন ৬০০০৪৯ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।