অৰ্চনা গৌতম (ইংৰাজী ভাষা: Archana Gautam; জন্ম: ১৯৯৪ বা ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। গৌতমক ২০১৪ চনত মিছ উত্তৰ প্ৰদেশ হিচাপে মুকুট পিন্ধোৱা হৈছিল আৰু তেওঁ ২০১৮ চনত মিছ কচম’ছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বিশেষকৈ ৰিয়েলিটি শ্ব’ বিগ বছ ছিজন ১৬-ত অংশগ্ৰহণৰ বাবে পৰিচিত, য’ত তেওঁ তৃতীয় ৰানাৰ-আপ হিচাপে আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ফিয়েৰ ফেক্টৰ: খত্ৰো কে খিলাড়ী ১৩ আৰু চেলিব্ৰিটি মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ১-ত অংশগ্ৰহণ কৰিছিল আৰু দুয়োটা শ্ব’তে শীৰ্ষ ৬-ত স্থান লাভ কৰিছিল। ২০২৫ চনত তেওঁ ৰিয়েলিটি ৰাণীছ অৱ দ্য জাংগল ছিজন ২-ত অংশ লৈ প্ৰথম ৰানাৰ-আপ হিচাপে নিৰ্বাচিত হয়। বৰ্তমান তেওঁ দ্য ৫০ ইণ্ডিয়া নামৰ ৰিয়েলিটি শ্ব’টোৰ এগৰাকী প্ৰতিযোগী।
প্ৰাৰম্ভিক জীৱন
গৌতমৰ জন্ম উত্তৰ প্ৰদেশৰ মিৰাটত হৈছিল।১২ তেওঁ নিজৰ চহৰৰ পৰাই গণসংযোগ বিষয়ত পঢ়া-শুনা সম্পূৰ্ণ কৰিছে।
অভিনয় জীৱন

২০১৪ চনত তেওঁক মিছ উত্তৰ প্ৰদেশ খিতাপ প্ৰদান কৰা হৈছিল। তেওঁ ২০১৮ চনত মিছ বিকিনি ইণ্ডিয়া জয় কৰে আৰু মিছ বিকিনি ইউনিভাৰ্ছ ২০১৮-ত ভাৰতক প্ৰতিনিধিত্ব কৰে।৩ গৌতমে মালয়েছিয়াত অনুষ্ঠিত মিছ কচম’ছ ২০১৮-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ২০১৮ চনৰ মোষ্ট টেলেণ্ট উপ-খিতাপ অৰ্জন কৰিছিল।৪
২০২২ চনৰ অক্টোবৰৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে তেওঁক কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব’ বিগ বছ ১৬-ত এগৰাকী প্ৰতিযোগী হিচাপে দেখা গৈছিল,৫ য’ত তেওঁ তৃতীয় ৰানাৰ-আপ হিচাপে প্ৰতিযোগিতাখন সমাপ্ত কৰে।৬ ইয়াৰ পিছত তেওঁক ষ্টাণ্ট-ভিত্তিক ৰিয়েলিটি শ্ব’ খত্ৰন কে খিলাড়ী ১৩-ত অংশগ্ৰহণ কৰা দেখা গৈছিল। তেওঁক কেইবাটাও মিউজিক ভিডিঅ’ত দেখা গৈছে আৰু তেওঁ চেলিব্ৰিটি মাষ্টাৰচেফ ইণ্ডিয়া ২০২৫-ৰ এগৰাকী প্ৰতিযোগী আছিল।
ৰাজনৈতিক জীৱন
তেওঁ ২০২১ চনৰ নৱেম্বৰ মাহত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু ২০২২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে হস্তিনাপুৰ (বিধানসভা সমষ্টি)ৰ পৰা টিকট লাভ কৰে।৭ তেওঁ এই সমষ্টিৰ ৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত অন্যতম আছিল। তেওঁ বিজেপিৰ প্ৰাৰ্থী দিনেশ খটিকৰ হাতত এই আসনখনত পৰাজিত হয়। খটিকে ১,০৭,৫৮৭ টা ভোট লাভ কৰাৰ বিপৰীতে গৌতমে মাত্ৰ ১,৫১৯ টা ভোট লাভ কৰিছিল।৮
২০২৩ চনত লোকসভাত মহিলা সংৰক্ষণ বিধেয়কৰ সন্দৰ্ভত মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধীক অভিনন্দন জনাবলৈ নতুন দিল্লীৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোঁতে গৌতম আৰু তেওঁৰ পিতৃৰ ওপৰত আক্ৰমণ চলোৱা হয়। গৌতমে প্ৰিয়ংকা গান্ধীৰ ব্যক্তিগত সহায়ক সন্দীপ কুমাৰৰ বিৰুদ্ধে তেওঁক হত্যাৰ ভাবুকি দি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ লগতে অভিযোগ কৰে যে কংগ্ৰেছ দলৰ কাৰ্যালয়ৰ মহিলা কৰ্মীয়ে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিছিল আৰু নিজৰ প্ৰাণ বচাবলৈ তেওঁ তাৰ পৰা পলাই যাবলগীয়া হৈছিল। বাতৰি অনুসৰি তেওঁৰ পিতৃ আৰু তেওঁৰ লগতে তেওঁৰ চালকজনকো আক্ৰমণ কৰা হৈছিল।৯
তথ্যসূত্ৰ
- ↑ (21 January 2022). I have come to break draupadi's curse. The Times of India
- ↑ In pics: Politician-actress Archana Gautam's journey from Miss Bikini India to Bigg Boss 16, Khatron Ke Khiladi 13
- ↑ (11 March 2022). Archana Gautam, beauty pageant winner who contested UP polls, got 1,519 votes. Hindustan Times
- ↑ Miss Bikini India 2018 and UP Congress candidate Archana Gautam on her viral bikini pictures: 'Don't mix my professions'. The Times of India
- ↑ (2 October 2022). Meet Bigg Boss 16 contestant Archana Gautam, who went from modelling to politics. The Indian Express
- ↑ Archana Gautam gets evicted from the winner's race and becomes the third runner up. The Times of India
- ↑ (15 January 2022). UP election: Actor-model Archana Gautam, now Congress candidate, has a request. Hindustan Times
- ↑ (2 October 2022). 'Bikini Girl' Archana Gautam, Hastinapur's Congress Candidate, Got 1519 Votes But Has 756K Insta Followers!. News18
- ↑ No less than a road rape. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্চনা গৌতম” প্ৰবন্ধৰ সংশোধন ৫৮৬৭১০ (১০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।