অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমৃতা আইয়াৰ

অমৃতা আইয়াৰ (জন্ম: ১৪ মে' ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ প্ৰথম মুখ্য ভূমিকাৰ চলচ্চিত্ৰ আছিল তামিল ছবি পদাইভীৰণ (২০১৮)। তাৰ পাছত তেওঁ বিগিল (২০১৯), লিফ্‌ট (২০২১) আদি তামিল আৰু ৰেড (২০২১), হনু মান (২০২৪) আদি তেলুগু চলচ্চিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ১ ডিচেম্বৰ ২০২৫ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অমৃতা আইয়াৰ (জন্ম: ১৪ মে' ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ প্ৰথম মুখ্য ভূমিকাৰ চলচ্চিত্ৰ আছিল তামিল ছবি পদাইভীৰণ (২০১৮)। তাৰ পাছত তেওঁ বিগিল (২০১৯), লিফ্‌ট (২০২১) আদি তামিল আৰু ৰেড (২০২১), হনু মান (২০২৪) আদি তেলুগু চলচ্চিত্ৰত অভিনয় কৰিছে।১

২০২৪ চনৰ তেলুগু চলচ্চিত্ৰ হনু মান-এ বহু বক্স–অফিচ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছিল। এই ছবিখনে ৰো অধিক আহৰণ কৰে,২ আৰু মুক্তিৰ সময়ত (জানুৱাৰী, ২০২৪) ২০২৪ৰ সৰ্বাধিক আয় কৰা তেলুগু চলচ্চিত্ৰসমূহৰ চাৰি নম্বৰ, ২০২৪ৰ শততম স্থানত থকা ভাৰতীয় ছবি আৰু বিশ্বব্যাপী অষ্টম সৰ্বাধিক আয় কৰা তেলুগু ছবি হিচাপে পৰিগণিত হয়।৩

জীৱনৰ প্ৰাথমিক অৱস্থা

১৯৯৪ চনৰ ১৪ মে' তাৰিখে চেন্নাইৰ এটা তামিলভাষী পৰিয়ালত অমৃতা আইয়াৰৰ জন্ম হৈছিল। তেওঁৰ লালন–পালন কৰ্ণাটকৰ বেংগালুৰুত হৈছিল।৪ তেওঁ বেংগালুৰুৰ এন.এইচ.আৰ. বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে আৰু পাছত বেংগালুৰুৰ ছেণ্ট জ’জেফছ কলেজ অৱ কমাৰ্চৰপৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।৫

কেৰিয়াৰ

তেওঁ মুখ্য অভিনেত্ৰী হিচাপে প্ৰথম উপস্থিত হয় পদাইভীৰণ (২০১৮) ছবিখনত, য’ত তেওঁৰ সংগী অভিনেতা আছিল বিজয় এসুদাছ। দ্য হিন্দুৰ এখন সমালোচনাত উল্লেখ কৰা হৈছিল যে “অমৃতাই নিজৰ ভূমিকালৈ যথোপযুক্ত ৰূপত খাপ খাই যায়”।৬

তাৰ পিছত তেওঁ বিজয় এণ্টনিৰ বিপৰীতে কালী (২০১৮) ছবিত মুখ্য ভূমিকাত অভিনয় কৰে।৭

২০১৯ চনত তেওঁ কন্নড় ভাষা ভাষাৰ গ্ৰামায়ণ ছবিৰ জৰিয়তে অভিষেক কৰিবলগীয়া হৈছিল, কিন্তু COVID–19-ৰ সময়ত নিৰ্মাতাৰ মৃত্যু ঘটাত প্ৰজেক্টটো স্তব্ধ হয়।৮

তেওঁ বিগিল (২০১৯) ছবিত তামিলনাডু মহিলাৰ ফুটবল দলৰ অধিনায়ক "থেন্দ্ৰাল"ৰ ভূমিকা পালন কৰে, য’ত তেওঁৰ সংগী অভিনেতা আছিল বিজয়।২

২০২১ চনত তেওঁ তেলুগু ছবি ৰেডত ৰাম প’থিনেনিৰ লগত অভিনয় কৰে।৯

তেওঁৰ ২০২১ চনৰ দ্বিতীয় মুক্তিপ্ৰাপ্ত ছবি আছিল ৱানাক্কাম দা মাপ্পিলেই, যি Sun NXT-ৰ জৰিয়তে মুক্তি লাভ কৰিছিল। তাৰ পিছত মুক্তি পায় লিফ্‌ট, যি শেহতীয়াকৈ Disney+ Hotstar-ত মুক্তি পায়।১০

২০২২ চনৰ তেওঁৰ একমাত্ৰ মুক্তিপ্ৰাপ্ত ছবি আছিল কফি উইথ কাৰ্ধল, য’ত তেওঁৰ সংগী অভিনেতা আছিল জয়।১১

পছন্দৰ জীয়া ছবিৰ পাছত, তেওঁ তেলুগু সুপাৰহিৰ' ছবি হনু মানত তেজা সাজাৰ বিপৰীতে অভিনয় কৰে।১২ লগতে তেওঁ তামিল–তেলুগু দ্বিভাষিক এখন নাম নথকা ছবিত টিজে আৰুনাচলামৰ বিপৰীতেও অভিনয় কৰিছে।১৩ হনু মান ছবিখন ১২ জানুৱাৰী ২০২৪ত মুক্তি পায়।১৪

তথ্যসূত্ৰ

  1. ↑ (31 January 2020). Amritha Aiyer: Lesser known facts about 'Bigil' actress who is all set to make her Tollywood debut. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (17 May 2019). Amritha joins Vijay's 'Thalapathy 63' shoot. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (27 January 2024). HanuMan director Prasanth Varma says he 'wasted a lot of time' waiting for stars like Ram Charan, Allu Arjun and Jr NTR: 'Even if Tom Cruise comes to me…'. দ্য ইণ্ডিয়ান এক্সপ্ৰেছ
  4. ↑ Vanakkam Tamizha with Actress Amritha Aiyer | Full Show | 12 Dec 2022 | Sun TV
  5. ↑ (31 January 2020). Amritha Aiyer: Lesser known facts about 'Bigil' actress who is all set to make her Tollywood debut. দি টাইমছ অফ ইণ্ডিয়া
  6. ↑ Ramanujam, Srinivasa. (2 February 2018). Padaiveeran review: Caste and effect. দ্য হিন্দু
  7. ↑ Suganth, M. (27 July 2017). Amritha is one of the female leads in 'Kaali'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ (8 September 2018). 'Gramayana': Vinay Rajkumar plays 'Sixth Sense Seena' in the film. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  9. ↑ (12 January 2021). Spotted: Ram Pothineni, Nivetha Pethuraj, Malvika Sharma, Amritha Aiyer, and Kishore Tirumala at the pre-release event of RED. দ্য টাইমছ অফ ইণ্ডিয়া
  10. ↑ Jha, Lata. (27 September 2021). Tamil film 'Lift' to stream on Disney+ Hotstar. mint
  11. ↑ (6 June 2022). Jiiva, Jai and Srikanth's film with Sundar C's titled Coffee With Kaadhal. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  12. ↑ (2023-07-03). Prasanth Varma's superhero film Hanu Man gets release date; to hit the theatres in 11 languages. দ্য ইণ্ডিয়ান এক্সপ্ৰেছ
  13. ↑ (4 March 2022). Teejay Arunasalam's next goes on floors, actor shares images from the shooting spot. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  14. ↑ Sistu, Suhas. (2024-01-10). 'Hanu-Man' premiere shows tickets sold out as hot cakes. দ্য হান্স ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৃতা আইয়াৰ” প্ৰবন্ধৰ সংশোধন ৫৫৯৬১৩ (১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।