ঈশা শৰৱানী (জন্ম: ২৯ ছেপ্টেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় সমসাময়িক নৃত্যশিল্পী আৰু অভিনেত্ৰী। তেওঁ নিজৰ শৈলীগত ভাৰতীয় সমসাময়িক আৰু এৰিয়েল ডান্স প্ৰদৰ্শনৰ বাবে পৰিচিত।১২ তেওঁ কেইবাখনো বলিউড, মালয়ালম ভাষা আৰু তামিল ভাষা কথাছবিটো অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
ঈশাৰ জন্ম ভাৰতৰ গুজৰাটত হৈছিল। তেওঁ নৃত্যশিল্পী দক্ষ শেঠ আৰু অষ্ট্ৰেলিয়াৰ পাৰ্থৰ সংগীতজ্ঞ দেৱ ইছাৰোৰ জ্যেষ্ঠ কন্যা।৩ তেওঁ আহমেদাবাদত বাস কৰিছিল, য’ৰপৰা তেওঁ তিৰুৱনন্তপুৰমত নিগাজিকৈ থিতাপি লোৱাৰ আগতে দিল্লী, বৃন্দাবন আৰু বেংগালুৰুলৈ গৈছিল।২ তেওঁৰ টাও ইছাৰো নামৰ এজন সৰু ভাতৃ আছে, যি এজন প্ৰখ্যাত বাদ্যযন্ত্ৰী।
ঈশাৰ পিতৃ-মাতৃয়ে তিৰুৱনন্তপুৰমত 'একাডেমী ফৰ আৰ্ট ৰিচাৰ্চ, ট্ৰেইনিং এণ্ড ইনোভেচন' (AARTI) নামৰ এখন কলা বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল,৪ য’ত তেওঁ ১৩ বা ১৪ বছৰ ধৰি বাস কৰিছিল। তেৰ বছৰ বয়সত তেওঁ মাতৃ দক্ষ শেঠৰ ওচৰত তেওঁৰ নৃত্য বিদ্যালয়ত আনুষ্ঠানিকভাৱে নৃত্য শিকিবলৈ আৰম্ভ কৰে আৰু কালৰিপায়াত্তু, কথক আৰু ছৌ নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ যোৱা কেইবছৰমানত ২২খন দেশত নৃত্য প্ৰদৰ্শন কৰিছে।
'ইণ্ডিয়া ডেইলী'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ঈশাই উল্লেখ কৰিছিল যে তেওঁ চলচ্চিত্ৰ জগতৰপৰা সম্পূৰ্ণ আঁতৰত এক ভিন্ন জীৱন কটাইছিল। তেওঁ কৈছিল, "১১ বছৰ ধৰি মই অতি শৃংখলাবদ্ধ পৰিৱেশত দিনে আঠৰপৰা ১০ ঘণ্টাকৈ প্ৰশিক্ষণ লৈছিলোঁ য’ত ল’ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাছিল। নখ কাটিলেও মই কান্দিব নোৱাৰিছিলোঁ। মঞ্চৰ বাহিৰত আনকি মোৰ কাপোৰবোৰো বেছিভাগেই ল’ৰা-ছোৱালী উভয়ে পিন্ধিব পৰা জিন্স আৰু টি-চাৰ্ট আছিল।" তেওঁ এজন প্ৰশিক্ষিত মালকাম নৃত্যশিল্পী।৫
তেওঁৰ লুকা বাছেট নামৰ এজন পুত্ৰ সন্তান আছে।৬
কৰ্মজীৱন

চলচ্চিত্ৰ নিৰ্মাতা সুভাষ ঘাইৰ চকুৰ পৰাৰ আগলৈকে ঈশাই ছবিত অভিনয় কৰাক বৰ এটা অগ্ৰাধিকাৰ দিয়া নাছিল। ঘাইক তেওঁৰ ছবি কিচনাৰ (২০০৫) বাবে এগৰাকী দক্ষ নৃত্যশিল্পীৰ প্ৰয়োজন আছিল। তেওঁ ঈশাক বিবেক অবেৰয়ৰ বিপৰীতে মুখ্য মহিলা চৰিত্ৰত অভিনয়ৰ প্ৰস্তাৱ দিছিল। অৱশ্যে ছবিখনে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। তেওঁ 'পাৰ্লে হাইড এণ্ড ছিক'ৰ বিজ্ঞাপনত ঋত্বিক ৰোশনৰ বিপৰীতে নৃত্য পৰিৱেশন কৰিছিল, য’ত তেওঁলোকৰ যুটিটোক দৰ্শকে যথেষ্ট পছন্দ কৰিছিল। তাৰ পিছৰেপৰা তেওঁ মঞ্চত নৃত্য প্ৰদৰ্শন অব্যাহত ৰখাৰ লগতে ২০০৬ আৰু ২০০৭ চনত মুক্তি পোৱা কেইবাখনো ছবিত চুক্তিবদ্ধ হয়। ২০০৬ চনত তেওঁ হিন্দী কমেডী ছবি দৰকাৰীাজা বন্দ ৰাখোত মুখ্য মহিলা চৰিত্ৰত অভিনয় কৰিছিল।
বৰ্তমান তেওঁ 'দক্ষ শেঠ ডান্স কোম্পানী'ৰ মুখ্য নৃত্যশিল্পী আৰু মুম্বাই, লণ্ডন, পাৰ্থ আৰু মাস্কটকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত দৰ্শকৰ সন্মুখত নৃত্য পৰিৱেশন কৰিছে।৭ ২০১২ চনত ঈশাই কালাৰ্ছ টিভিত সম্প্ৰচাৰিত নৃত্য ৰিয়েলিটী শ্ব’ ঝলক দিখলা জাৰ পঞ্চম ছিজনত অংশগ্ৰহণ কৰিছিল আৰু অনুষ্ঠানটোত তেওঁৰ নৃত্য প্ৰদৰ্শনৰ বাবে যথেষ্ট প্ৰশংসা বুটলিছিল।৮
২০১৩ চনত তেওঁ ওড়িয়া চুটি ছবি ঈশাত এজনী চোৰৰ চৰিত্ৰত অভিনয় কৰিছিল, যিটো আছিল ৫ সুন্দৰীকাল নামৰ ছবি সংকলনৰ এটা অংশ।৯ ২০১৪ চনত শৰৱানীয়ে মালায়ালম ছবি আয়োবিণ্টে পুস্তকমত অভিনয় কৰিছিল। ২০১৫ চনত তেওঁ মালায়ালম কথাছবি ডাবল বেৰেলত নামভূমিকাত অভিনয় কৰিছিল।১০
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Isha Sharvani. annettecarmichael.com
- ↑ (19 February 2016). Gene Junction: Isha Sharvani. Verve
- ↑ Swaminathan, Chitra. (8 February 2010). Dance beyond boundaries. The Hindu
- ↑ (20 August 2000). Inspiring life. Spectrum
- ↑ (15 December 2004). Subhash Ghai's new discovery Isha Sharvani - better than Madhuri and Ashwariya - ready for bold Bollywood. India Daily
- ↑ The Times of India. (3 February 2020). Isha Sharvani: I feel lucky to have a loving son like Luca
- ↑ Daksha Seth Dance Company
- ↑ (16 June 2012). Contestants List of Jhalak Dikhhla Jaa 5
- ↑ George, Vijay. (20 June 2013). Five star experiment. The Hindu
- ↑ Watch Double Barrel Full Movie Online, Release Date, Trailer, Cast and Songs · Comedy Film. www.digit.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈশা শৰৱানী” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৯০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।