অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰুন্ধতী (অভিনেত্ৰী)

অৰুন্ধতী (ইংৰাজী: Arundhati) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। অৰুন্ধতীয়ে ২০১০ চনত এছ এ চন্দ্ৰশেখৰৰদ্বাৰা প্ৰযোজিত তামিল ছবি ভেলুথু কাট্টুৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।

হালনাগাদ: ২৪ মাৰ্চ ২০২৬ ২৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অৰুন্ধতী (ইংৰাজী ভাষা: Arundhati) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল ভাষা আৰু কন্নড় ভাষা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। অৰুন্ধতীয়ে ২০১০ চনত এছ এ চন্দ্ৰশেখৰৰদ্বাৰা প্ৰযোজিত তামিল ছবি ভেলুথু কাট্টুৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।

প্ৰাৰম্ভিক জীৱন

অৰুন্ধতীৰ জন্ম ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুত ভেংকটস্বামী আৰু গীতাৰ কোলাত হৈছিল। যোগেশ নামৰ তেওঁৰ এজন কনিষ্ঠ ভাতৃ আছে। তেওঁ বেংগালুৰুৰ বাপু কম্পোজিট পিইউ কলেজত প্ৰাক-বিশ্ববিদ্যালয় পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল আৰু তাৰ পিছত বেংগালুৰুতে এয়াৰ হোষ্টেছ হিচাপে এটা প্ৰশিক্ষণ পাঠ্যক্ৰম আৰম্ভ কৰিছিল।

কেৰিয়াৰ

পৰিচালক তথা প্ৰযোজক এছ এ চন্দ্ৰশেখৰে অৰুন্ধতীৰ ছাত্ৰী অৱস্থাতে এখন মন্দিৰত তেওঁক দেখা পাইছিল আৰু ভেলুথু কাট্টু নামৰ ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয়ৰ প্ৰস্তাৱ দিছিল।১ ছবিখনৰ বক্স অফিচৰ উপাৰ্জন গড়মানৰ আছিল যদিও সমালোচকসকলে তেওঁৰ অভিনয়ৰ প্ৰশংসা কৰিছিল।

এছ এ চন্দ্ৰশেখৰে তেওঁক 'অৰুন্ধতী' নামটো দিছিল, যিটো পৰৱৰ্তী সময়ত তামিল চলচ্চিত্ৰ জগতত গ্ৰহণ কৰা হয়। তেওঁ চৰিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত অতি সাৱধান আছিল, যাৰ ফলত তেওঁ ২০১১ চনত ইৰফানৰ বিপৰীতে বোডিনায়াক্কানুৰ গণেশ আৰু ২০১৩ চনত সুন্দাট্টমত অভিনয় নকৰা পৰ্যন্ত কেইবাটাও প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। ২০১৪ চনত তেওঁ নেত্ৰু ইন্দ্ৰু ছবিত এগৰাকী বেশ্যাৰ বেশত থকা আৰক্ষী বিষয়াৰ এটা প্ৰত্যাহ্বানমূলক চৰিত্ৰত অভিনয় কৰিছিল। অৱশ্যে এই ছবিখন বক্স অফিচত বিশেষ সফল নহ’ল।

ইয়াৰ পিছত তেওঁ চিবি সত্যৰাজৰ বিপৰীতে কমেডী-থ্ৰিলাৰ ছবি নায়েগল জাকীৰাথাই (২০১৪) ত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰাৰ পাছত থমন কুমাৰৰ বিপৰীতে ৰোমাণ্টিক থ্ৰিলাৰ থোট্টাল থোডাৰাম (২০১৫) ত অভিনয় কৰে। এই ছবিখন বক্স অফিচত সফল হোৱাৰ লগতে সমালোচকৰপৰাও ইতিবাচক সঁহাৰি লাভ কৰে।২ ২০১৬ চনত তেওঁ একচন ধাৰাৰ ছবি অৰ্ধনাৰীত মুখ্য চৰিত্ৰত অভিনয় কৰে, যিখন ছবি বক্স অফিচত বিফল হয়। তেওঁ বহু তাৰকা অভিনীত ছবি কালাত এটা চৰিত্ৰত অভিনয় কৰিছিল। তেওঁক বৰ্তমান নিৰ্মাণাধীন হৈ থকা মুগম ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ কৰা হৈছে।৩

তথ্যসূত্ৰ

  1. ↑ (18 April 2010). Owe it to six yards. Bangalore Mirror
  2. ↑ Vasudevan, K. V. (16 July 2016). Air hostess to actress: Arundhati. The Hindu
  3. ↑ K., Janani. (14 August 2017). Arundhati essays a bold role in Kaala. Deccan Chronicle

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুন্ধতী (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫৯৩২৮৮ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।