অভিকা গৌৰ (ইংৰাজী ভাষা: Avika Gor; জন্ম: ৩০ জুন ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ভাষা আৰু তেলুগু ভাষা চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। গৌৰক বালিকা বধূত আনন্দী সিং আৰু চশুৰাল চিমাৰ কাত ৰোলী দ্বিবেদী ভৰদ্বাজৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক জনা যায়। তেওঁ চাৰিটা ইণ্ডিয়ান টেলিভিছন একাডেমী এৱাৰ্ড আৰু এটা চাউথ ইণ্ডিয়ান ইণ্টাৰনেচনেল মুভি এৱাৰ্ড সহ কেইবাটাও সন্মান লাভ কৰিছে।১
টেলিভিছনত শিশু শিল্পী হিচাপে কাম কৰাৰ পাছত গৌৰে হিন্দী ছবি মৰ্নিং ৱাকৰ (২০০৯) জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ উইয়ালা জাম্পালা (২০১৩) ছবিৰ জৰিয়তে তেলেগু চলচ্চিত্ৰলৈ সম্প্ৰসাৰিত হয়, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ চিমা (SIIMA) বঁটা লাভ কৰে। তেওঁৰ আন কেইখনমান উল্লেখযোগ্য ছবি হ’ল— চিনেমা ছুপিস্থা মাৱা (২০১৫), কেয়াৰ অৱ ফুটপাথ ২ (২০১৫), এক্কাদিকি পোথাৱু চিন্নাৱাদা (২০১৬), ৰাজু গাৰী গাধী ৩ (২০১৯), ১৯২০: হৰৰ্ছ অৱ দা হাৰ্ট (২০২৩) আৰু ষন্মুখ (২০২৫)।
প্ৰাৰম্ভিক জীৱন
গৌৰৰ জন্ম ১৯৯৭ চনৰ ৩০ জুনত মুম্বাইৰ এটা গুজৰাটী ভাষা পৰিয়ালত হৈছিল।২৩৪ তেওঁ মুম্বাইৰ মুলুণ্ড উপকণ্ঠৰ চেৰন ইংলিছ হাইস্কুলত পঢ়া-শুনা কৰিছিল।৫
কেৰিয়াৰ

গৌৰে ২০০৭ চনত শশশ্ব... কই হ্যায় ধাৰাবাহিকৰ জৰিয়তে হিন্দী ভাষা টেলিভিছনত আত্মপ্ৰকাশ কৰে।৬ তেওঁ ২০১৩ চনত উইয়ালা জাম্পালাৰ জৰিয়তে তেলেগু চলচ্চিত্ৰ জগতত (টলিউড) খোজ পেলায়৭ আৰু এই ছবিখনৰ বাবে শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ 'চিমা' বঁটা লাভ কৰে।৮
২০২২ চনত গৌৰে কাজাখাস্তানৰ ছবি কাজাখ বিজনেছ ইন ইণ্ডিয়াৰ জৰিয়তে কাজাখাস্তানৰ চলচ্চিত্ৰ জগতত অভিষেক ঘটায়।৯১০ তেওঁ ছবিখনৰ স্পিন-অফ মুভি আই গো টু স্কুলতো অভিনয় কৰিছিল।১১
২০২৫ চনত গৌৰে আদি সাইকুমাৰৰ বিপৰীতে ষন্মুখ নামৰ ছবিত এগৰাকী অনুসন্ধানকাৰী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰে।১২ একে বছৰতে তেওঁ তেওঁৰ বাগদত্তা মিলিন্দ চান্দৱানীৰ সৈতে ৰিয়েলিটি শ্ব’ পতি-পত্নী ঔৰ পংগা – জোড়ীয়োঁ কা ৰিয়েলিটি চেকত অংশগ্ৰহণ কৰে।১৩
ব্যক্তিগত জীৱন
গৌৰে ২০১৯ চনত সমাজকৰ্মী মিলিন্দ চান্দৱানীক লগ পায় আৰু ২০২০ চনৰপৰা তেওঁলোক প্ৰেমৰ সম্পৰ্কত আবদ্ধ হয়।১৪ পাঁচবছৰীয়া সম্পৰ্কৰ অন্তত ২০২৫ চনৰ জুন মাহত এই যুগলৰ আঙঠি পিন্ধোৱা পৰ্ব (এংগেজমেণ্ট) সম্পন্ন হয়।১৫১৬ ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰত গৌৰে টেলিভিছন ধাৰাবাহিক পতি-পত্নী ঔৰ পংগা – জোড়ীয়োঁ কা ৰিয়েলিটি চেকৰ চেটত চান্দৱানীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১৭১৮
তথ্যসূত্ৰ
- ↑ (19 August 2009). Stars sizzle at Rajiv Gandhi Awards. India Today
- ↑ (30 June 2021). Happy Birthday Avika Gor: Five interesting facts we bet you didn't know about Balika Vadhu's Anandi. Pinkvilla
- ↑ (30 June 2016). Avika Gor turns 19, brings in her birthday with Sasural Simar Ka actor Manish Raisinghan?. India Today
- ↑ (29 April 2018). I'd love to do a Gujarati movie: Avika Gor. The Times of India
- ↑ Olivera, Roshni K. (22 December 2008). Work? Acting is my hobby!. The Times of India
- ↑ Avika Gor says she gets work because of her talent and not social media: 'If you're trying to please..'. DNA India
- ↑ Exclusive: Avika Gor talks about Balika Vadhu, her Bollywood debut and the lessons she learnt. filmfare.com
- ↑ (15 January 2017). 2014 SIIMA award winners list. The Times of India
- ↑ Chowdhury, Titas. (15 March 2022). After debut Kazakh film, Avika Gor aims to be a global actor. Hindustan Times
- ↑ (24 March 2022). Avika Gor on working in a Kazakh project. The Tribune
- ↑ (24 March 2022). Қоянбаевтың тағы бір фильмі кассалық рекорд жаңартты. sn.kz
- ↑ Naresh, Nelki. Shanmukha Review: షణ్ముఖ రివ్యూ - ఆది సాయికుమార్ డివోషనల్ థ్రిల్లర్ మూవీ ఎలా ఉందంటే?. Hindustantimes Telugu
- ↑ Mazumdar, Shreyanka. (11 June 2025). After Hina Khan-RockyJaiswal, Avika Gor And Fiance Milind Chandwani Join Pati Patni Aur Panga. News18
- ↑ (2021-11-15). Exclusive! Avika Gor reveals how boyfriend Milind Chandwani and she manage their long distance relationship. The Times of India
- ↑ (11 June 2025). How Avika Gor met IIT graduate future husband Milind Chandwani? Check Balika Vadhu star's love story. The Economic Times
- ↑ (11 June 2025). Exclusive! Avika Gor reveals how boyfriend Milind Chandwani and she manage their long distance relationship. The Indian Express
- ↑ (30 September 2025). Avika Gor marries long-time boyfriend Milind Chandwani on Pati, Patni Aur Panga. India Today
- ↑ Keswani, Simran. (30 September 2025). Balika Vadhu fame Avika Gor ties the knot with longtime partner Milind Chandwani, SEE FIRST PICS. India.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিকা গৌৰ” প্ৰবন্ধৰ সংশোধন ৫৯৭৪৭৯ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।