অন্তৰা বিশ্বাস (জন্ম: ২১ নৱেম্বৰ), যি পেছাদাৰীভাৱে মোনালিকা নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ ভোজপুৰী ভাষা চলচ্চিত্ৰ আৰু হিন্দী ভাষা টেলিভিছনত কাম কৰে। তেওঁ ২০১৬ চনত বিগ বছ ১০-ত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল আৰু অলৌকিক ধাৰাবাহিক নজৰ-ত মোহনা ৰাথোড়ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সৰ্বাধিক পৰিচিত।১ মোনালিকাক ভোজপুৰী চিনেমাৰ অন্যতম সৰ্বাধিক পাৰিতোষিক পোৱা অভিনেত্ৰী হিচাপে গণ্য কৰা হয়।২৩
প্ৰাৰম্ভিক জীৱন
অন্তৰা বিশ্বাসৰ জন্ম ২১ নৱেম্বৰত এটা বঙালী হিন্দু পৰিয়ালত হৈছিল।৪৫ তেওঁ নিজৰ খুৰাকৰ অনুৰোধত 'মোনালিকা' নামটো মঞ্চনাম হিচাপে গ্ৰহণ কৰিছিল।৪ তেওঁ দক্ষিণ কলকাতাৰ এলগিন ৰোডত অৱস্থিত জুলিয়ান ডে স্কুলত পঢ়া-শুনা কৰিছিল আৰু কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ আশুতোষ কলেজৰপৰা সংস্কৃতত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ কেইবছৰমান পিছত তেওঁ ওড়িয়া ভিডিঅ' এলবামৰ মডেল আৰু এজনী সৰু পৰ্দাৰ অভিনেত্ৰী হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।৬
কেৰিয়াৰ

অজয় দেৱগন আৰু সুনীল শেট্টী অভিনীত ব্লেকমেইলৰ জৰিয়তে বলীউডত অভিষেক ঘটোৱাৰ পূৰ্বে মোনালিকাই কেইবাখনো কম বাজেটৰ ছবিত অভিনয় কৰিছিল।৬ ইয়াৰ পিছত তেওঁ দক্ষিণ ভাৰতীয় ছবিত অভিনয় কৰে আৰু আমিন গাজীৰ বিপৰীতে তৌবা তৌবাত কৰা অভিনয়ৰ জৰিয়তে চৰ্চালৈ আহে। তেওঁ জেকপট নামৰ এখন কানাড়া ছবিতো অভিনয় কৰিছিল।৭
মোনালিকাই মিঠুন চক্ৰৱৰ্তী আৰু মনোজ তিৱাৰীৰ সৈতে ভলে শংকৰৰ জৰিয়তে ভোজপুৰী ছবিত আত্মপ্ৰকাশ কৰে। ছবিখন ব্যাৱসায়িকভাৱে যথেষ্ট সফল হৈছিল আৰু ভোজপুৰী ছবিৰ আটাইতকৈ ডাঙৰ আৰম্ভণিৰ (opening) অভিলেখ ভংগ কৰিছিল।৮ ইয়াৰ পিছত তেওঁ হাম বাহুবলী, সাত সহেলিয়াঁ, দেৱৰা বড়া সতাৱেলা আৰু দেৱৰা ভাইল দিৱানা আদি সফল ছবিৰে ভোজপুৰী চিনেমাৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰে।৯
টেলিভিছনৰ ক্ষেত্ৰত মোনালিকাৰ আটাইতকৈ উল্লেখযোগ্য চৰিত্ৰসমূহৰ ভিতৰত আছে নজৰত মোহনা মেহতা ৰাথোড়, নমক ইস্ক কাত ইৰাৱতী বাৰ্মা আৰু বেকাবোত যামিনী ৰায়চান্দ।১০১১ ২০২২ চনত তেওঁ স্বামী বিক্ৰান্ত সিং ৰাজপুতৰ সৈতে স্মাৰ্ট জোড়ীত অংশগ্ৰহণ কৰে আৰু পিছলৈ ফব্বাৰা চকত ৰামাৰ চৰিত্ৰত অভিনয় কৰে।১২১৩
তথ্যসূত্ৰ
- ↑ Verma, Sukanya. (17 October 201). Bigg Boss 10: Wild theme, wacky participants!. Rediff
- ↑ (19 April 2018). Amrapali Dubey is highest paid Bhojpuri actress. See how much Monalisa and Rani Chatterjee earn. India Today
- ↑ (27 July 2022). कभी 120 रुपये रोजाना कमाने के लिए नौकरी करती थीं मोनालिसा, ऐसे बनीं भोजपुरी स्टार. Aaj Tak
- ↑ Born to a Bengali Hindu family, Antara adopted the stage name of Mona Lisa at the behest of her uncle.. The Times of India
- ↑ (21 November 2016). Bigg Boss 10 November 21, episode 36 update: Manu's surprise for his 'good friend' Mona Lisa on her birthday. The Times of India
- ↑ (14 December 2005). Dare girl from Gariahat. The Telegraph Calcutta
- ↑ (16 July 2006). Understanding love. The Hindu
- ↑ (3 October 2008). Mithun's first Bhojpuri film creates record in Bihar. Screen
- ↑ (17 December 2014). Ravi Kishan and Rajkumar R Pandey together again. দ্য টাইম্ছ অৱ ইণ্ডিয়া. Times News Network
- ↑ Shweta Keshri. (30 July 2018). Nazar to Hum: 2 new shows are all set to hit your screens today. India Today
- ↑ Doshi, Hasti. Monalisa on joining Bekaboo: I will be seen in a 90s look and I'm very excited about that. The Times of India
- ↑ The Times f India. (18 April 2017). Monalisa and Vikrant Singh Rajput bring on-screen chemistry to city streets. www.timesofindia.com
- ↑ (2 December 2022). Monalisa: Every comedy show needs an element of tadka and my character in Favvara Chowk is just that. TOI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্তৰা বিশ্বাস” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৩৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।