{{Infobox person | name = আমনা শ্বৰীফ | image = Aamna Sharif in 2018.jpg | image_size = 240 px | caption = ২০১৮ চনত | birth_name = | birth_date = ১৬ জুলাই ১৯৮২ | birth_place = মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত | nationality = | occupation = অভিনেত্ৰী | spouse = অমিত কাপুৰ (২০১৩)১ | children = ১২ | years active = ২০০১-২০০৭ ২০০৯ ২০১১-২০১৪ ২০১৯-২০২০ | known_for = ''"দিল কা আলম" গীত আশিকী ছবিকহিঁ তো গোগাএক ভিলেইনকছৌটি জিন্দেগী কী টিভি ধাৰাবাহিক। }} আমনা শ্বৰীফ ( Aamna Sharif), জন্ম: ১৬ জুলাই ১৯৮২ চন, এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী, যিয়ে কহিঁ তো হোগা ধাৰাবাহিকত কাশিছ, হোংগে জুদা না হমত মুস্কান আৰু কছৌটি জিন্দাগী কী ২ ত কমলিকা চৌবে বাসুৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত পৰিচিত হৈছে।৩৪ তদুপৰি তেওঁ কেইখনমান হিন্দী আৰু এখন তামিল ছবিতো অভিনয় কৰিছিল৷
জন্ম আৰু শিক্ষা
আমনাৰ ১৯৮২ চনৰ ১৬ জুলাইত জন্ম হয়।৫ তেওঁৰ পিতৃ মুম্বাইৰ মহাৰাষ্ট্ৰৰ বাসিন্দা আৰু ভাৰতীয় আনহাতে তেওঁৰ মাতৃ পাৰ্চী-বাহৰেইন মূলৰ।৬৭ তেওঁ বান্দ্ৰাৰ ছেইণ্ট এন্নেছ হাইস্কুলত অধ্যয়ন কৰিছিল।৭
ব্যক্তিগত
২০১২ চনত আমনা শ্বৰীফে প্ৰকাশ কৰিছিল যে, তেওঁৰ শৈশৱৰ পৰাই এক্ৰ'ফ'বিয়া অৰ্থাৎ উচ্চতাৰ প্ৰতি ভয়, আছে।৮ প্ৰায় এবছৰ ধৰি যোগাযোগ থকাৰ পিছত শ্বৰীফে ২০১৩ চনৰ ২৭ ডিচেম্বৰত তেওঁৰ ছবিৰ বিতৰকৰ পৰা প্ৰযোজকলৈ পৰিণত হোৱা প্ৰেমিক অমিত কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৯১০ ২০১৫ চনৰ ২ ছেপ্টেম্বৰত এই দম্পতীহালৰ প্ৰথম সন্তান আৰেইন নামৰ ল'ৰা এটাৰ জন্ম হয়।১১১২১৩
কৰ্মজীৱন
কলেজৰ দ্বিতীয় বৰ্ষত পঢ়ি থাকোঁতেই শ্বৰীফে বিভিন্ন ব্ৰেণ্ডৰ মডেলিঙৰ অফাৰ লাভ কৰিবলৈ আৰম্ভ কৰে। শ্বৰীফে মিউজিক ভিডিঅ'ত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।১৪ তেওঁ ৰাজীৱ খাণ্ডেলৱালৰ বিপৰীতে কহিঁ তো হোগা ধাৰাবহিকত কাশীছ সিনহাৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।১৫ ২০১২ চনৰ পৰা ২০১৩ চনলৈ ছ’নী টিভিৰ হোংগে জুদা না হম ধাৰাবহিকত ৰাকেশ বশিষ্ঠৰ সৈতে মুস্কান মিশ্ৰৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল।
২০০৯ চনত আফতাব শিৱদাসানীৰ সৈতে বলীউড ছবি আলু চাটৰ জৰিয়তে আমনা শ্বৰীফে চলচ্চিত্ৰ অভিনয়ত প্ৰৱেশ কৰে।১৪ সেই বছৰতে তেওঁ পুনৰ শিৱদাসানীৰ সৈতে আও উইচ কৰেঁত অভিনয় কৰে।১৬ ২০১৪ চনত তেওঁ মোহিত ছুৰীৰ এক ভিলেইন নামৰ ছবিত অভিনয় কৰে।১৪ কিন্তু তেওঁৰ কোনো এখন ছবিয়েই স্বীকৃতি লাভ কৰা নাছিল আৰু ২০১২ চনত হোংগে জুডা না হামৰ যোগেদি তেওঁ পুনৰ টেলিভিছনলৈ ঘূৰি আহিছিল।১৭
২০১৯ চনত শ্বৰীফে ছয় বছৰৰ পিছত ষ্টাৰপ্লাছৰ কছৌটি জিন্দেগি কীৰ মাজেৰে পুনৰ টেলিভিছনৰ মাজলৈ উভতি আহে য'ত তেওঁ হিনা খানৰ ঠাইত নিগেটিভ চৰিত্ৰ কমলিকা বাছুৰ চৰিত্ৰত অভিনয় কৰে।১৮
আমনাই কেইবাখনো হিন্দী ছবিত অভিনয় কৰিছিল যদিও কোনো এখন ছবিয়েই বক্স অফিচত সফলতা লাভ কৰিব নোৱাৰিলে৷ তেওঁ ২০০২ চনত জাংছন নামৰ তামিল ছবি এখনতো অভিনয় কৰিছিল৷১৯ ২০০৯ চনত হিন্দী ছবি আলু চাত৪ সেই একে বছৰতে আও উইচ কৰেঁ১৬ চকল পে মাত জা১৭ আৰু ২০১৪ চনৰ এক ভিলেইন ছবিত অভিনয় কৰিছিল৷২০
ছবিত অভিনয় কৰাৰ উপৰি আমনাই দিল কা আলম, য়ে কিছনে জাদু কিয়া, চলনে লগা হায় হাৱায়েঁ, নীন্দো মেঁ খোৱাবোঁ কা, মুঝকো পিয়া কি য়াদ সতায়ে, হাছনা কামাল তেৰা নাচনা কামাল আদি জনপ্ৰিয় সংগীত ভিদিঅ’ত অভিনয় কৰে৷
কহিঁ তো হোগা,১৫ কছৌটি জিন্দগী কী, কুমকুম – এক প্যাৰা সা বন্ধন, কাব্যঞ্জলি, কৰম আপনা আপনা, হংগে জুডা না হম,২১ এক থি নায়িকা২২ কছৌটি জিন্দগী কী২ আদি জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছিল৷
তথ্যসূত্ৰ
- ↑ Aamna Sharif shares heartfelt birthday post for husband: 'Thank you for being the best friend I never had'. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Aamna Sharif shares happy moments with 5 year old son Arain. News 18
- ↑ (30 September 2016). New mommy Aamna Sharif debuts on Instagram; bff Mouni Roy welcomes her. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ From Kashish to Komolika: Aamna Sharif's transformation shouldn't be missed. Mid Day
- ↑ Kasautii Zindagii Kay 2's Komolika aka Aamna Sharif celebrates birthday with Parth Samthaan & Mouni Roy. ABP News
- ↑ Aamna Sharif birthday: 10 times the Ek Villain actress impressed the fashion police with her style game!. Times Now
- ↑ Aamna Shariff: Who is she?. The Indian Express
- ↑ (21 October 2012). Aamna Sharif suffers from acrophobia. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Inside Aamna Sharifs wedding reception. NDTVMovies.com
- ↑ TV Actor Aamna Sharif Ties the Knot. The New Indian Express
- ↑ TV actress Aamna Sharif gives birth to a baby boy. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Kasautii Zindagii Kay 2's Aamna Sharif's Son Turns 5; TV's Komolika Celebrates His Birthday. ABP News
- ↑ (12 October 2016). Aamna Sharif reavels her son's name; shares an adorable pic. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Aamna Sharif doesn't look like her 'Kahiin To Hoga' days anymore; a look at her style evolution. The Times of India
- ↑ Aamna Sharif: Kahiin To Hoga was the best thing that ever happened to me. India Today
- ↑ (14 November 2009). Review: Aao Wish Karein. Hindustan Times
- ↑ Rajeev Khandelwal, Indraneil Sengupta, Aamna Shariff and others: TV actors returning to their roots!. Daily News and Analysis
- ↑ Confirmed! Aamna Sharif to replace Hina Khan as Komolika in Kasautii Zindagii Kay · Entertainment News. timesnownews.com
- ↑ Read on to find out Aamna Sharif's career so far ahead of her comeback
- ↑ (26 September 2019). Aamna Sharif is the new Komolika on Kasautii Zindagii Kay. Eastern Eye
- ↑ Aamna Sharif back on small screen with Honge Judaa Na Hum. India Today
- ↑ Huma Qureshi, Aamna Sharif share screen space in 'Ek Thhi Naayka'. Zee News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমনা শ্বৰীফ” প্ৰবন্ধৰ সংশোধন ৬০৩৭১২ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।