অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰুণা শ্বিল্ডছ

অৰুণা লাক্কুৰ নাগাপ্পা শ্ৰীনিবাস মূৰ্তি (ইংৰাজী: Aruna Lakkur Nagappa Srinivasa Murthy), যি অৰুণা শ্বিল্ডছ (ইংৰাজী: Aruna Shields) নামেৰে অধিক পৰিচিত, এগৰাকী ব্ৰিটিছ মনোচিকিৎসক আৰু প্ৰাক্তন অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অৰুণা লাক্কুৰ নাগাপ্পা শ্ৰীনিবাস মূৰ্তি (ইংৰাজী ভাষা: Aruna Lakkur Nagappa Srinivasa Murthy), যি অৰুণা শ্বিল্ডছ (ইংৰাজী ভাষা: Aruna Shields) নামেৰে অধিক পৰিচিত, এগৰাকী ব্ৰিটিছ মনোচিকিৎসক আৰু প্ৰাক্তন অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ বিবেক অবেৰয় অভিনীত ২০১০ চনৰ ভাৰতীয় ছবি প্ৰিন্সৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।

কৰ্মজীৱন

এগৰাকী ভাৰতীয় পিতৃ আৰু ব্ৰিটিছ মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰা অৰুণাক এখন থিয়েটাৰ কৰ্মশালাত এজন অভিনয় এজেণ্টে প্ৰথম লক্ষ্য কৰিছিল।১ গুগল ট্ৰেণ্ডছৰ মতে, ২০১০ বৰ্ষত ভাৰতৰপৰা কৰা ইণ্টাৰনেট সন্ধানত শ্বিল্ডছ আছিল আটাইতকৈ বেছি বিচৰা অভিনেত্ৰী।২

২০১৫ চনৰপৰা শ্বিল্ডছৰ ইউটিউবত 'অৰুণা শ্বিল্ডছ টিভি' নামৰ এটা সুস্থতা সম্পৰ্কীয় চেনেল আছে।৩

তেওঁ গিল্ডহল স্কুল অফ মিউজিক এণ্ড ড্ৰামাৰপৰা বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱাৰ লগতে চেণ্ট্ৰেল চেইণ্ট মাৰ্টিন্সৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। তেওঁ লণ্ডনত হিপ্ন’চিছ মনোচিকিৎসা অধ্যয়ন কৰিছে আৰু মাইণ্ডফুলনেছৰ প্ৰশিক্ষণ লৈছে।

২০১০ চনৰ ৯ এপ্ৰিলত মুক্তি পোৱা একচন থ্ৰিলাৰ প্ৰিন্সৰ জৰিয়তে তেওঁ বলিউডত অভিষেক ঘটায়। সেই একে বছৰতে তেওঁ ৩০,০০০ বছৰ আগৰ এখন হেৰুৱা জগতৰ প্ৰেমকাহিনীৰ ওপৰত আধাৰিত মহাকাব্যিক ছবি আও: দ্য লাষ্ট নিয়াণ্ডাৰথালত মুখ্য মহিলা চৰিত্ৰত অভিনয় কৰিছিল। ইউৰোপীয় চিনেমা চেইন ইউজিচিয়ে এই ছবিখন প্ৰযোজনা কৰিছিল।

তেওঁৰ ছবি মিষ্টাৰ সিং মিচেছ মেহতা ২০১০ চনৰ ২৫ জুনত মুক্তি পাইছিল।৪

শ্বিল্ডছ এগৰাকী নৃত্য পৰিচালক আৰু বেলী ডান্সাৰ হিচাপেও অভিজ্ঞ।৫

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰ

বৰ্ষশীৰ্ষক৬চৰিত্ৰটোকা
২০০২জীচাচ দ্য কাৰী কিংসাংবাদিক
২০০৫প্ৰাইভেট ম’মেণ্টছচাইৰা
২০০৭মিছন ইমপ্ৰ’বেবল
২০১০প্ৰিন্সমায়া
মিষ্টাৰ সিং মিচেছ মেহতানীৰা সিং
আও: দ্য লাষ্ট হাণ্টাৰঅকি
২০১১ধাডাললিতাআইটেম নম্বৰ
২০১২ভেনিলা চানডেজাজ কৌৰ
২০১৪গ’ল্ড ফ্ৰাপ

টেলিভিছন

টেলিভিছনচৰিত্ৰটোকা
আনকভাৰিং ইৰাণখেলুৱৈবিবিচি
ব্ৰেকফাষ্ট উইথ ফ্ৰষ্টঅতিথি
বাইকাৰ গ্ৰোভপ্ৰেমিকাচৰ ডেভিড ফ্ৰষ্ট

তথ্যসূত্ৰ

  1. ↑ Biography. arunashields.com
  2. ↑ (10 December 2010). Top 10 Searches of Google India in 2010. GadgetCage. Gadgetcage.com
  3. ↑ Aruna Shields
  4. ↑ Mr. Singh Mrs. Mehta: Complete cast and crew details. Bollywood Hungama
  5. ↑ Parimal M. Rohit. Interview: Aruna Shields. Buzzine Bollywood
  6. ↑ Official Filmography

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদভাৰতীয় অভিনেত্ৰীবৃটিছ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণা শ্বিল্ডছ” প্ৰবন্ধৰ সংশোধন ৫৯৭৫১২ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।