অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আদিতি পোহংকৰ

আদিতি পোহংকৰ (Aaditi Pohankar; জন্ম: ১ জানুৱাৰী ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী, মাৰাঠী আৰু তামিল চলচ্চিত্ৰ তথা ৱেব চিৰিজত অভিনয় কৰে। ২০১৪ চনত মুক্তিপ্ৰাপ্ত মাৰাঠী একচন ছবি লাই ভাৰীত ৰিতেশ দেশমুখৰ বিপৰীতে অভিনয় কৰি তেওঁ বিশেষ সফলতা লাভ কৰিছিল।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ৪০২ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আদিতি পোহংকৰ (Aaditi Pohankar; জন্ম: ১ জানুৱাৰী ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী ভাষা, মাৰাঠী ভাষা আৰু তামিল ভাষা চলচ্চিত্ৰ তথা ৱেব চিৰিজত অভিনয় কৰে। ২০১৪ চনত মুক্তিপ্ৰাপ্ত মাৰাঠী ভাষা একচন ছবি লাই ভাৰীত ৰিতেশ দেশমুখৰ বিপৰীতে অভিনয় কৰি তেওঁ বিশেষ সফলতা লাভ কৰিছিল।১ তেওঁ হিন্দী ৱেব চিৰিজ চি আৰু আশ্ৰম (দুয়োখন ২০২০–বৰ্তমান)ত কৰা অভিনয়ৰ বাবে ব্যাপক চৰ্চালৈ আহে।২

প্ৰাৰম্ভিক জীৱন

আদিতি পোহংকৰৰ জন্ম সুধীৰ আৰু শোভা পোহংকৰৰ ঘৰত হৈছিল, যি দুয়ো গৰাকী খেলুৱৈ আছিল।৩ স্কুলত পঢ়ি থকা সময়ত তেওঁ এথলেটিকছত মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছিল আৰু ১০০ মিটাৰ তথা ২০০ মিটাৰ দৌৰত পদক জিকিছিল।

কেৰিয়াৰ

পোহংকৰে থিয়েটাৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০১০ চনত হিন্দী এন্থ'লজী ছবি লাভ চেক্স অৰ ধোকাত প্ৰথমবাৰৰ বাবে এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল। ২০১১ চনত মাৰাঠী ছবি কুনাচাথি কুনিটাৰীত তেওঁ প্ৰথমটো মুখ্য চৰিত্ৰ লাভ কৰে।৪৩৫ মুম্বাইত মকৰন্দৰ নাটক টাইম বয় চাই থকা অৱস্থাত পৰিচালক নিশিকান্ত কামাটে তেওঁক লক্ষ্য কৰিছিল, য'ত অভিনেত্ৰীগৰাকীয়ে এজন সাতবছৰীয়া ল’ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল। কামাটে তেওঁৰ মাৰাঠী ছবি লাই ভাৰী (২০১৪)-ৰ এটা চৰিত্ৰৰ বাবে তেওঁক দুদিন ধৰি স্ক্ৰীণ টেষ্ট কৰাইছিল আৰু তেওঁৰ অভিনয়ত আপ্লুত হৈ ৰিতেশ দেশমুখৰ বিপৰীতে তেওঁক অভিনয়ৰ সুযোগ দিছিল। পোহংকৰে প্ৰকাশ কৰিছিল যে শ্বুটিং চলি থকাৰ সময়ত কামাটে তেওঁক এগৰাকী অভিনেত্ৰী হিচাপে নিজৰ মতে কাম কৰাৰ স্বাধীনতা দিছিল আৰু চৰিত্ৰটোত সোমাই পৰিবলৈ তেওঁ নিজকে এজন "দুষ্ট ব্যক্তি" হিচাপে কল্পনা কৰিছিল। লাই ভাৰীয়ে ইতিবাচক সঁহাৰি লাভ কৰিছিল আৰু পোহংকৰৰ খলনায়িকা চৰিত্ৰটোৱে যথেষ্ট প্ৰশংসা বুটলিছিল।৬৭ এই ছবিখন সৰ্বাধিক উপাৰ্জন কৰা মাৰাঠী ছবিসমূহৰ অন্যতম হিচাপে পৰিগণিত হয়।৮

২০১৭ চনত পোহংকৰে অথৰ্বৰ সৈতে তামিল ছবি জেমিনি গণেশানুম চুৰুলী ৰাজানুমত অভিনয় কৰে।৯

তিনি বছৰৰ পাছত ২০২০ চনত পোহংকৰে নেটফ্লিক্সৰ ৱেব চিৰিজ চিত অভিনয় কৰে, য'ত তেওঁ এগৰাকী আৰক্ষী কনিষ্টবলৰ চৰিত্ৰত অভিনয় কৰিছিল।১০ স্ক্ৰল ডট ইনৰ নন্দিনী ৰামনাথে পোহংকৰৰ চৰিত্ৰটোক "আকৰ্ষণীয়" বুলি অভিহিত কৰি কয় যে তেওঁ চৰিত্ৰটোৰ জটিলতাক সফলভাৱে ফুটাই তুলিছে।১১

২০২০ চনৰে শেষৰফালে তেওঁ আশ্ৰমত অভিনয় কৰে। ইয়াত তেওঁ এগৰাকী যুৱ মল্লযুঁজাৰুৰ চৰিত্ৰত অভিনয় কৰিছিল, যি আশ্ৰমৰ আপাত গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি আকৰ্ষিত হয়। তেওঁ গম পাইছিল যে দলিত হোৱাৰ বাবে জাতিবাদৰ ফলত তেওঁৰ সফলতাত বাধা আহিছে। তেওঁ হিন্দী ৱেব চিৰিজ চি আৰু আশ্ৰম (দুয়োখন ২০২০–বৰ্তমান)ত কৰা অভিনয়ৰ বাবে ব্যাপক চৰ্চালৈ আহে।২১২১৩ এই চৰিত্ৰটোৰ বাবে তেওঁক মল্লযুঁজাৰু সংগ্ৰাম সিঙে প্ৰশিক্ষণ দিছিল।১৪ আইএএনএছৰ এজন পৰ্যালোচকে মত প্ৰকাশ কৰে যে, "আদিতি পোহংকৰৰ উৎসাহী পম্মিৰ চৰিত্ৰটোৱে অভিনেত্ৰীগৰাকীয়ে চৰিত্ৰটো যি ধৰণে অংকন কৰিছে তাৰ বাবে বিশেষভাৱে চকুত পৰে।"

সংবাদ মাধ্যমত

পোহংকৰে কেডবেৰী মাঞ্চ, গোদৰেজ এয়াৰ, এয়াৰটেল, লেন্সকাৰ্ট আৰু চেমচাঙকে ধৰি বিশখনতকৈও অধিক ব্ৰেণ্ডৰ বিজ্ঞাপন আৰু বাণিজ্যিক ছবিত অভিনয় কৰিছে, যিবোৰত তেওঁক সুজিত সৰকাৰে নিৰ্দেশনা দিছিল।১৫

২০২০ চনৰ দ্য টাইমছ মষ্ট ডিজাইৰেবল উইমেন তালিকাত পোহংকৰে ৪৭ নং স্থান লাভ কৰিছিল।১৬

তথ্যসূত্ৰ

  1. ↑ Singh, Suhani. (27 February 2021). The OTT Generation. India Today
  2. ↑ (30 January 2021). Aaditi Pohankar: I want people to remember my roles. Hindustan Times
  3. ↑ Santhosh, K. (28 October 2012). Straddling stage, screen and stadium. The Hindu
  4. ↑ (5 January 2022). Aaditi Pohankar
  5. ↑ Aaditi to debut in Mollywood. The Times of India
  6. ↑ Review: Lai Bhaari is awesome. Rediff
  7. ↑ Interview: Aditi Pohankar: Vile Yet beautiful. Satarblockbuster
  8. ↑ (27 November 2014). Riteish Deshmukh would be a fantastic father: Aaditi Pohankar
  9. ↑ Anandhi walks out; now, Aaditi in Atharvaa's film. The Times of India
  10. ↑ Ramnath, Nandini. (25 March 2020). 'I have arrived': How web series 'She' has given Aaditi Pohankar the role of a lifetime. Scroll.in
  11. ↑ Ramnath, Nandini. 'She' review: Profane games and limp erotic thrills in Imtiaz Ali's first web series for Netflix. Scroll.in
  12. ↑ Sachin, Ambica. (24 November 2020). Aaditi Pohankar basks in the success of 'Aashram'. Khaleej Times
  13. ↑ bureau, Odisha Diary. (2 September 2020). Actress Aaditi Pohankar Speaks About Her Journey In MX Player Originals 'Aashram'. Odisha Diary
  14. ↑ Ashram 2: Sangram Singh trains Aaditi Pohankar for her role as a wrestler in Aashram. Mumbai Live
  15. ↑ (6 October 2015). When Aaditi Pohankar went fishing with the King - Sushant Singh Rajput!. Urban Asian
  16. ↑ The Times Most Desirable Women of 2020. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদিতি পোহংকৰ” প্ৰবন্ধৰ সংশোধন ৬৩৫৮৬৮ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।