ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
সাবিত্ৰী হৈস্নাম্
সাবিত্ৰী হৈস্নাম্ (Sabitri Heisnam, জন্ম: ৫ জানুৱাৰী ১৯৪৬) বা হৈস্নাম্ সাবিত্ৰী এগৰাকী ভাৰতীয় মঞ্চ অভিনেত্ৰী আৰু মণিপুৰী থিয়েটাৰৰ অন্যতম উল্লেখযোগ্য থিয়েটাৰ ব্যক্তিত্ব। তেওঁ মধুশ্ৰী দত্তৰ দ্বাৰা পৰিচালিত সমালোচনামূলকভাৱে প্ৰশংসিত চুটি ছবি 'স্ক্ৰিবেলছ অন আক্কা'ত অভিনয় কৰিছিল।
-
সায়েশা সৈগল
সায়েশা সৈগল (Sayesha Saigal), সায়েশা নামে পৰিচিত, ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী গৰাকী যিয়ে মূলতঃ তামিল চলচ্চিত্ৰ উপস্থিত হয় আৰু তেওঁ হিন্দী আৰু তেলুগু চলচ্চিত্ৰতো উপস্থিত হৈছিল।
-
সাহিত্য জগন্নাথন
সাহিত্য জগন্নাথন (ইংৰাজী: Sahithya Jagannathan) এগৰাকী ভাৰতীয় ক্ৰীড়া ঘোষিকা, ভিজে, স্তম্ভলেখক, মডেল, অভিনেত্ৰী আৰু ২০০৯ চনৰ মিছ চেন্নাই প্ৰতিযোগিতাৰ বিজয়ী।
-
সাৰন্য পোনভান্নন
সাৰন্য পোনভান্নন ( Saranya Ponvannan; জন্ম ২৬ এপ্ৰিল ১৯৭০) এগৰাকী জনপ্ৰিয় দক্ষিণ ভাৰতীয় অভিনেত্ৰী, যাৰ জন্মৰ নাম শীলা ক্ৰিষ্টিনা। তামিল, তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ কমকৈ কন্নড় ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
সুৰভি জ্যোতি
সুৰভি জ্যোতি (ইংৰাজী: Surbhi Jyoti; জন্ম: ২৯ মে' ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী দূৰদৰ্শন আৰু পঞ্জাবী চলচ্চিত্ৰত কাম কৰে। কবুল হ্যায় ধাৰাবাহিকত জয়া ফাৰুকী আহমেদ খানৰ চৰিত্ৰত কৰা অভিনয়ৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে।
-
হংসিকা মোটৱানী
হংসিকা মোটৱানী (ইংৰাজী: Hansika Motwani; জন্ম: ৯ আগষ্ট ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। মোটৱানীয়ে হিন্দী ছবিত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ দেশমুদুৰু (২০০৭), কান্তি (২০০৮) আৰু মাস্কা (২০০৯) আদিকে ধৰি কেইবাখনো তেলেগু…
-
ৰিংকু ৰাজগুৰু
প্ৰেৰণা “ৰিংকু” মহাদেৱ ৰাজগুৰু (रिंकू राजगुरू; জন্ম: ৩ জুন ২০০১) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে বিশেষকৈ মাৰাঠী ভাষাৰ ছবিত অভিনয় কৰিছে। ছেইৰট নামৰ ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেখেত পৰিচিত।
-
ৰিচা শৰ্মা
ৰিচা শৰ্মা ( Richa Sharma); ১৯৮৭ চনত সঞ্জয় দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৯৯৬ চনত ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ মৃত্যু হয়।
-
ৰিতিকা সিং
ৰিতিকা মোহন সিং (ইংৰাজী: Ritika Mohan Singh; জন্ম: ১৬ ডিচেম্বৰ ১৯৯৪) — এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল চলচ্চিত্ৰত কাম কৰে। তেওঁ সুধা কোংগৰা প্ৰসাদৰ তামিল ছবি ইৰুধী চুট্ৰু (একে সময়তে হিন্দীত চালা খাডুছ নামেৰে নিৰ্মাণ কৰা হৈছিল)ত আৰ. মাধৱনৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
-
ৰেণুকা সাহানে
ৰেণুকা সাহানে ( Renuka Shahane), (জন্ম: ৭ অক্টোবৰ ১৯৬৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰ আৰু কেইবাখনো টেলিভিছন প্ৰযোজনাৰ বাবে বহুলভাৱে পৰিচিত।
-
অংকিতা লোখণ্ডে
অংকিতা লোখণ্ডে জৈন (ইংৰাজী: Ankita Lokhande Jain; জন্ম: তনুজা লোখণ্ডে; ১৯ ডিচেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰ আৰু টেলিভিশ্যনত কৰা কামৰ বাবে পৰিচিত। তেওঁ ২০০৯ চনত পৱিত্ৰ ৰিষ্টা ধাৰাবাহিকত অৰ্চনা মানৱ দেশমুখৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল (২০০৯–২০১৪)।
-
অংগীৰা ধৰ
অংগীৰা সতীশ ধৰ (ইংৰাজী: Angira Satish Dhar) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰে। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কামসমূহৰ ভিতৰত 'লাভ পাৰ স্কোৱাৰ ফুট' (২০১৮), 'কমাণ্ডো ৩' (২০১৯) আৰু 'ৰানৱে ৩৪' (২০২২) ছবিৰ লগতে 'বেং বাজা বাৰাত' (২০১৫) আৰু 'চাচ, বহু ঔৰ…
-
অঙ্কিতা চক্ৰৱৰ্তী
অঙ্কিতা চক্ৰৱৰ্তী এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ বঙালী চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে।
-
অঞ্জনা সুখানী
অঞ্জনা সুখানী (ইংৰাজী: Anjana Sukhani; জন্ম: ১০ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, মূলতঃ হিন্দী আৰু কেইখনমান তেলুগু চলচ্চিত্ৰৰ লগতে এখন কন্নড় চলচ্চিত্ৰত অভিনয় কৰিছে।
-
অঞ্জলি লাৱনিয়া
অঞ্জলি লাৱনিয়া (ইংৰাজী: Anjali Lavania) এগৰাকী ভাৰতীয় মডেল, এগৰাকী হলিষ্টিক লাইফ-কোচ আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ পৱন কল্যাণ অভিনীত ২০১১ চনৰ তেলুগু চলচ্চিত্ৰ পাঞ্জাৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
অঞ্জু ঘোষ
অঞ্জলি "অঞ্জু" ঘোষ (ইংৰাজী: Anju Ghosh) এগৰাকী অভিনেত্ৰী যিয়ে বাংলাদেশ আৰু ভাৰতীয় (টলিউড) চলচ্চিত্ৰত কাম কৰিছে। ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত বেদেৰ মেয়ে জোছনা ছবিত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
অঞ্জৰী অলঘ
অঞ্জৰী অলঘ (ইংৰাজী: Anjori Alagh) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ অভিনেত্ৰী মায়া অলঘ আৰু সুনীল অলঘৰ কন্যা। তেওঁ মাত্ৰ ৪ বছৰ বয়সতে এটা বিজ্ঞাপনৰ জৰিয়তে প্ৰথম আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ অভিষেকী চলচ্চিত্ৰ আছিল বিক্ৰম ভাটৰ লাইফ মেইন কভী কভী (২০০৭)।
-
অদিতি গোবিত্ৰিকাৰ
অদিতি গোবিত্ৰিকাৰ (ইংৰাজী: Aditi Govitrikar; জন্ম: ২১ মে' ১৯৭৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, চিকিৎসক আৰু প্ৰাক্তন মডেল। তেওঁ ২০০১ চনত মিচেছ ৱৰ্ল্ড খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।
-
অদিতি ৰাথোৰ
অদিতি ৰাথোৰ (ইংৰাজী: Aditi Rathore) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। তেওঁ মূলতঃ ষ্টাৰ প্লাছৰ ধাৰাবাহিক নামকৰণত অৱনী আয়েশা আৰু ছাব টিভিৰ ধাৰাবাহিক আংগন - আপনো কাত তন্বী শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।
-
অনন্যা
আইল্যা গোপালকৃষ্ণন (জন্ম: ২৯ মাৰ্চ ১৯৮৭), যিজনী পেছাগতভাৱে অনন্যা (ইংৰাজী: Ananya) নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ মালয়ালম আৰু তামিল ভাষাৰ চলচ্চিত্ৰৰ লগতে কেইখনমান তেলুগু আৰু কন্নড় ছবিত অভিনয় কৰে। তেওঁ এগৰাকী কণ্ঠশিল্পী আৰু এগৰাকী ধনুৰ্ধৰো।
-
অনন্যা নাগাল্লা
অনন্যা নাগাল্লা (Ananya Nagalla) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ মাল্লেশম (২০১৯) ছবিৰ জৰিয়তে অভিনয় জগতত পদাৰ্পণ কৰিছিল আৰু ইয়াৰ পিছত প্লে বেক (২০২১) আৰু ৱাকিল চাব (২০২১) আদি ছবিত অভিনয় কৰিছে।
-
অনিছা বাট
অনিছা বাট (ইংৰাজী: Anisa Butt; জন্ম: ১৮ জানুৱাৰী ১৯৯৩) এগৰাকী ব্ৰিটিছ টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে ভাৰতীয় টেলিভিছন আৰু চিনামাত কাম কৰে। তেওঁ ডিজনী চেনেল ইণ্ডিয়াত সম্প্ৰচাৰিত টেলিভিছন শ্ব’ ঈশান: সপ্নো কো আৱাজ দেত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
অনিতা শ্ৰফ আদাজানিয়া
অনিতা শ্ৰফ আদাজানিয়া (ইংৰাজী: Anaita Shroff Adajania; জন্ম: ২৫ ফেব্ৰুৱাৰী, ১৯৭২) এগৰাকী ভাৰতীয় ফেশ্বন ষ্টাইলিষ্ট, পোছাক পৰিকল্পনাকৰ্তা (কষ্টিউম ডিজাইনাৰ) আৰু অভিনেত্ৰী। তেওঁ ভ’গ ইণ্ডিয়া ফেশ্বন আলোচনীৰ ফেশ্বন ডিৰেক্টৰ।
-
অনু আগৰৱাল
অনু আগৰৱাল (ইংৰাজী: Anu Aggarwal; জন্ম: ১১ জানুৱাৰী, ১৯৬৯) এগৰাকী প্ৰাক্তন ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ মূলত আচিকী, খল-নায়িকা, দা ক্লাউড ড'ৰ আৰু থিৰুদা থিৰুদা বোলছবিত কৰা কামৰ বাবে সৰ্বাধিক পৰিচিত।
-
অনু ইমানুৱেল
অনু ইমানুৱেল (ইংৰাজী: Anu Emmanuel; জন্ম: ২৮ মাৰ্চ ১৯৯৭) এগৰাকী আমেৰিকান মূলৰ ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰৰ লগতে তামিল আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। ইমানুৱেল এগৰাকী প্ৰযোজক গিল্ড ফিল্ম বঁটা বিজয়ী।
-
অনু চৌধুৰী
অনসুয়া দাশ চৌধুৰী, যি পেছাদাৰীভাৱে অনু চৌধুৰী নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ যিয়ে মূলতঃ ওড়িয়া, বঙালী, তেলুগু আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে। ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত মা গোজাবায়ানি আছিল তেওঁৰ প্ৰথম ওড়িয়া বোলছবি।
-
অনু সীতাৰা
অনু সীতাৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ মালয়ালম ছবিত অভিনয় কৰে। তামিল কিছুমান ছবিতো অভিনয় কৰিছে। ২০১৩ চনত শিশু শিল্পী পট্টাছ বম হিচাপে অভিষেক ঘটা অনুৰ লগতে এগৰাকী প্ৰশিক্ষিত ভাৰতনাট্যম নৃত্যশিল্পী আৰু মঞ্চ অনুষ্ঠানৰ বাবে সুপৰিচিত।
-
অনুয়া ৱাই ভাগৱত
অনুয়া ৱাই ভাগৱত (ইংৰাজী: Anuya Y Bhagwat; জন্ম: ৬ ছেপ্টেম্বৰ, ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল, হিন্দী আৰু বঙালী চলচ্চিত্ৰত কাম কৰে। তেওঁ বিশেষকৈ শিৱ মানাসুলা শক্তি (২০০৯) নামৰ ছবিখনৰ চৰিত্ৰৰ বাবে পৰিচিত।
-
অনুষ্কা সেন
অনুষ্কা সেন ( Anushka Sen; জন্ম ৪ আগষ্ট ২০০২) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু মডেল। বলবীৰ, ঝান্সি কি ৰাণী, ফিয়াৰ ফেক্টৰ: খাট্ৰন কে খিলাদি ১১, আৰু দিল দোস্তি ডাইলেমা আদি ছবিৰ বাবে তেওঁ সুপৰিচিত।
-
অনুৰাধা (অভিনেত্ৰী)
অনুৰাধা (জন্ম: সুলোচনা দেৱী) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী। তেওঁ মূলতঃ ১৯৮০ আৰু ১৯৯০ৰ দশকত সক্ৰিয় আছিল। তেওঁ বিশেষকৈ নিজৰ আইটেম নম্বৰসমূহৰ বাবে পৰিচিত আছিল। তেওঁ তামিল, মালয়ালম, তেলুগু, কন্নড়, হিন্দী আৰু ওড়িয়া ভাষাৰ ছবিত অভিনয় কৰিছে।