উদ্ভিদজগত
১৪৯ প্ৰবন্ধ
-
গেজেং কপৌ
গেজেং কপৌ বা চিম্বিডিয়াম এলইফলিয়াম হৈছে একপ্ৰকাৰৰ অৰ্কিডৰ প্ৰজাতি। ইয়াক এছিয়া মহাদেশৰ চীন আৰু দক্ষিণ-পূব এছিয়াত বাৰ্মাৰ পৰা সুমাত্ৰা পৰ্যন্ত পোৱা যায়। ইয়াক শিলৰ মাজত বা আন উদ্ভিদৰ ওপৰত গজি থকা দেখা যায়। চিম্বিডিয়াম শব্দটো গ্ৰীক কুম্বছৰ পৰা আহিছে। ইয়াৰ অৰ্থ গাঁত বা গুহা।
-
চোম গছ
চোম বা চোম গছ (বৈজ্ঞানিক নাম: Machilus gamblei) Lauraceae পৰিয়ালৰ এবিধ সপুষ্পক বৃক্ষজাতীয় উদ্ভিদ। এই গছৰ পাত মুগা পলুৱে খাদ্য হিচাপে গ্ৰহণ কৰে আৰু ইয়াৰ পৰা মুগা সূতা উৎপন্ন হয়। উজনি অসমত মুগা পলুৰ বাবে চোম গছৰ খেতি কৰা হয়। চোম পাতে অহীয়াঁ পলুৰ উৎপাদন কৰে।
-
নগা টেঙা
নগা টেঙা (বৈজ্ঞানিক নাম:Rhus chinensis; ইংৰাজী নাম:Chinese sumac বা nutgall tree এনাকাৰ্ডিয়েচি (Anacardiaceae)পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বনৰীয়া গছ৷ নগা টেঙাৰ বাকলিৰ বৰণ মদৰুৱা বা ছাই বৰণীয়া আৰু পাত দীঘলীয়া আৰু ডিম্বাকৃতিৰ৷নগাটেঙাৰ ফুলবোৰ বগা চানকীয়া বা সামান্যভাৱে সেউজীয়া হয়৷ নগা টেঙাৰ ফল…
-
নুনী
নুনী (white mulberry, silkworm mulberry, বৈজ্ঞানিক নাম: Morus alba) সৰুৰ পৰা মজলীয়া আকাৰৰ এবিধ moraceae পৰিয়ালৰ উদ্ভিদ। ই প্ৰায় ১০–২০ মিটাৰ (৩৩–৬৬ ফুট) ওখ হ'ব পাৰে। তুলনামূলকভাৱে নুনী গছৰ আয়ুসকাল কম যদিও কোনো কোনো ক্ষেত্ৰত ই ২৫০ বছৰ পৰ্যন্ত জীয়াই থকাৰ উদাহৰণ পোৱা যায়।
-
নৰা বগৰী
নৰা বগৰী (plum, বৈজ্ঞানিক নাম: Prunus domestica) ৰোজাচিয়া পৰিয়ালৰ এবিধ পৰ্ণপাতী, সপুষ্পক উদ্ভিদ। একেই প্ৰুনাছ (Prunus) গণৰ আহোম বগৰী নামৰ এবিধ ফলো অসমত পোৱা যায়। গ্ৰীনগাগেছ (greengages) আৰু ডেমছনছ (damsons) নামৰ উদ্ভিদো নৰা বগৰীৰ উপপ্ৰজাতিৰ অন্তৰ্গত।
-
বহঁত
বহঁত (বৈজ্ঞানিক নাম: Artocarpus lacucha) বা ডেৱা Moraceae পৰিয়ালৰ এবিধ গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ উদ্ভিদ। ইয়াক ইংৰাজীত monkey fruit বা monkey jack বোলা হয়। ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এচিয়াজুৰি এই উদ্ভিদবিধ বিস্তৃত গছজোপাৰ কাঠ মূল্যৱান আৰু ইয়াৰ ফলসমূহ খোৱাৰ উপযোগী।
-
বাঁহ কপৌ
বাঁহ কপৌ বা অৰুণ্ডিনা গ্ৰেমিনিফ'লিয়া (Arundina graminifolia) হৈছে অৰ্কিডৰ এটা প্ৰজাতি আৰু অৰুণ্ডিনা জাতৰ অন্তৰ্গত। এছিয়াৰ এই গ্ৰীষ্মমণ্ডলীয় প্ৰজাতিটো ম্যানমাৰ, ভাৰত, শ্ৰীলংকা, নেপাল, থাইলেণ্ড, ভিয়েটনাম, ৰুকিউ দ্বীপপুঞ্জ, মালয়েছিয়া, ছিংগাপুৰ, চীনৰ পৰা ইণ্ডোনেছিয়া, ফিলিপাইনছ আৰু নিউগিনিলৈকে…
-
ভাটৌ ফুল
ভাটৌ ফুল হৈছে এক প্ৰজাতিৰ অৰ্কিড। দক্ষিণ-পূৱ এছিয়াত ইয়াৰ কেইবাটাও প্ৰকাৰভেদ পোৱা যায়। ইয়াক য়ুনান আৰু হিমালয়ৰ নিকতবৰ্তী অঞ্চলতো দেখা পোৱা যায়। ইয়াৰ এটা প্ৰকাৰ 'Andersonii'ৰ ভগ্নী প্ৰকাৰ Vanda 'Miss Joaquim' হৈছে চিংগাপুৰৰ ৰাষ্ট্ৰীয় ফুল।
-
মেকুৰী খুজীয়া কপৌ
মেকুৰী খুজীয়া কপৌ বা ডেণ্ড্ৰবিয়াম জেনকিনচি অৰ্কিডৰ এবিধ প্ৰজাতি। ইয়াক জেনকিন্সৰ ডেণ্ড্ৰবিয়াম নামেৰেও জনা যায়। এই অৰ্কিডবিধ দক্ষিণ চীন (য়ুনান), পূব হিমালয় (ভূটান, অসম) আৰু উত্তৰ ইণ্ডোচাইনাৰ (ভিয়েটনাম, থাইলেণ্ড, লাওছ, ম্যানমাৰ) থলুৱা উদ্ভিদ।
-
অসমৰ বনৌষধি
অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ বনৌষধি পোৱা যায়। প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহ, এই বনৌষধি বিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। বনৌষধি সমূহৰ পাৰ্শ্বক্ৰিয়া কম। পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত।
-
ওলকচু
ওলকচু (Elephant foot yam or Elephant yam, বৈজ্ঞানিক নাম = Amorphophallus spp.) ( পৰিয়াল, Equisetopsida গোত্ৰ, Araceae) গোটেই বিশ্বত ওলকচুৰ ১৭৬ টাতকৈ বেছি প্ৰজাতি পোৱা যায়।
-
কেচেৰু গছ
কেচেৰু (বৈজ্ঞানিক নাম: Heteropanax fragrans) Araliaceae পৰিয়ালৰ এবিধ চিৰসেউজ উদ্ভিদ। বৃক্ষজাতীয় এই উদ্ভিদজোপাৰ পাত এৰী পলুৱে খাদ্য হিচাপে গ্ৰহণ কৰে। মিজো ভাষাত ইয়াক চাংখেন নামেৰে জনা যায়। এই গছবিধ চীন, ভূটান, ভাৰত, ইণ্ডোনেছিয়া, ম্যানমাৰ, নেপাল, থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়।
-
ক’লা নুনী
ক’লা নুনী ( black mulberry, বৈজ্ঞানিক নাম: Morus nigra) Moraceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই দক্ষিণ এচিয়া আৰু আইবেৰিয়ান উপদ্বীপৰ থলুৱা উদ্ভিদ। এই দুই স্থানত ইমানেই প্ৰাচীন কালৰ পৰা ক’লা নুনীৰ খেতি কৰা হয় যে ইয়াৰ সঠিক প্ৰাকৃতিক সময় নিৰূপণ কৰাটো কঠিন।
-
চামকঁঠাল
চামকঁঠাল (chaplash, বৈজ্ঞানিক নাম: Artocarpus chama) Moraceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই কঁঠালজাতীয় এবিধ বনৰীয়া গছ। ভিয়েটনামত ইয়াক মিট নাই (অন্য কিছু বনৰীয়া প্ৰজাতিৰ সৈতে) বুলিও কোৱা হয়। ইয়াক য়ুনান চীন, বাংলাদেশ, ভূটান, ভাৰত, লাওচ, মালয়েচিয়া, ম্যানমাৰ আৰু থাইলেণ্ডত দেখা পোৱা যায়।
-
চেংমৰা
চেংমৰা (Spiny Arum, বৈজ্ঞানিক নাম: Lasia spinosa) ভাৰতকে ধৰি এচিয়া মহাদেশৰ বিভিন্ন দেশ আৰু পাপুৱা নিউগিনিত পোৱা এবিধ কচুজাতীয় চিৰসেউজ উদ্ভিদ। এই উদ্ভিদজোপা বাৰীৰ ঢাপ, পিটনি, নদীকাষৰীয়া সেমেকা বা জেকা ঠাই আদিত পোৱা যায়| ইয়াক কাঁইটীয়া কচু, ওলমোটোকা, কেশঠুৰী,, লা-ঘটুৱা আদি নামেৰেও জনা যায়।
-
চেলেং গছ
চেলেং (বৈজ্ঞানিক নাম: Balakata baccata) ইউফৰবিয়েচিয়া (Euphorbiaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। পূৰ্ৱতে ইয়াক Sapium baccatum নামেৰে নামকৰণ কৰা হৈছিল। অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত প্ৰচুৰ পৰিমানে চেলেং গছ পোৱা যায়। পেকেজিং বাকচ তৈয়াৰ কৰিবলৈ ইয়াৰ কাঠ ব্যৱহাৰ কৰা হয়।
-
জিলমিল
জিলমিল (বৈজ্ঞানিক নাম: Chenopodium album) অমৰান্থেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। এই একবৰ্ষজীৱী উদ্ভিদবিধ দ্ৰুত গতিত বৃদ্ধি পায়। বিশ্বৰ বহু অঞ্চলত এই উদ্ভিদৰ খেতি কৰা হয় যদিও কিছুমান ঠাইত এই উদ্ভিদক অপতৃণ বুলি গণ্য কৰা হয়।
-
নাগচম্পা
নাগচম্পা (cannonball tree, বৈজ্ঞানিক নাম: Couroupita guianensis) এক প্ৰকাৰৰ বৃক্ষজাতীয় উদ্ভিদ। ই Lecythidaceae পৰিয়ালৰ এজোপা সপুষ্পক আৰু পৰ্ণপাতী উদ্ভিদ। এই গছজোপা মধ্য আৰু দক্ষিণ আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অৰণ্যৰ এবিধ থলুৱা উদ্ভিদ।
-
নাচপতি
নাচপতি পাইৰাছ (Pyrus,) গণ আৰু ৰ’জেচি (Rosaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ফল। এই ফল খাদ্যৰ বাবে বহুঠাইত খেতি কৰা হয়।
-
নেফাফু
নেফাফু (Clerodendrum colebrookianum; East Indian Glory Bower) এবিধ লেমীয়াছী (Lamiaceae) পৰিয়ালৰ বহু বৰ্ষজীৱি ঔষধী উদ্ভিদ। নেফাফু গছৰ পাত উচ্চ ৰক্তচাপ (hypertension), মধুমেহ (diabetes), কাহ, আৰু বিভিন্ন বাতবিষ জাতীয় ৰোগৰ (rheumatism) বাবে উপকাৰী।
-
পৰাশ্ৰয়ী উদ্ভিদ
পৰাশ্ৰয়ী উদ্ভিদ হল এনেবোৰ উদ্ভিদ যিয়ে আন উদ্ভিদ(গছ আদি)ৰ ওপৰত গজে। পৰজীৱি উদ্ভিদৰ নিচিনাকৈ পৰাশ্ৰয়ী উদ্ভিদে আশ্ৰয়দাতা গছজোপাৰ ক্ষতিসাধন নকৰে। এনে উদ্ভিদে নিজৰ পুষ্টিৰ বাবে বতাহ, বৰষুণ, জলীয় বাষ্প আৰু আশ্ৰয়দাতা গছজোপাৰ ওপৰত জমা হোৱা আৱৰ্জনাৰ ওপৰত নিৰ্ভৰ কৰে।
-
বিলম্বি টেঙা
বিলম্বি টেঙা বা বিলম্বি (bilimbi', cucumber tree, tree sorrel, বৈজ্ঞানিক নাম: Averrhoa bilimbi) Oxalidaceae পৰিয়ালৰ এবিধ ফলসম্ভৱা গছ। ই কৰ্দৈ গছৰ নিকট সম্পৰ্কীয় উদ্ভিদ।
-
বৰ থেকেৰা
বৰ থেকেৰা(Garcinia pedunculata) এবিধ টেঙা ফল লগা চিৰসেউজ গছ। ই ঘাইকৈ এছিয়াৰ দক্ষিণ-পূব অঞ্চল বিশেষকৈ ম্যানমাৰ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায়। অসমীয়া জন জীৱন আৰু খাদ্য প্ৰণালীত থেকেৰাৰ ব্যৱহাৰ অতীজৰে পৰা হৈ লাগিছে।
-
মিৰিকা টেঙা
মিৰিকা টেঙা বা বন জৰা (Silver berry, বৈজ্ঞানিক নাম: Elaeagnus caudata Schltdl.) এবিধ চিৰসেউজ গুল্মজাতীয় সপুষ্পক উদ্ভিদ। মিৰিকা টেঙা অসমত প্ৰাকৃতিকভাৱে গজে। ইয়াৰ ফল খাদ্যৰ উপযোগী। মিচিং ভাষাত ইয়াক বিৰাই এছিং আৰু কাৰ্বি ভাষাত ছোলেঙি এৰিকং বোলা হয়।
-
মেজাংকৰি
মেজাংকৰি (বৈজ্ঞানিক নাম: Litsea citrata) ল'ৰেচি (Lauraceae) পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ৷ এই গছজোপা ভাৰত, ভিয়েটনাম আৰু চীনৰ থলুৱা উদ্ভিদ৷
-
যম লাখুটি
যম লাখুটি (বৈজ্ঞানিক নাম:Cheilocostus speciosus) জিঞ্জিবাৰেচি (Zingiberaceae)পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। এই গছ সাধাৰণতে দ-চানেকীয়া ঠাইত উৎপত্তি হয়।
-
সংবহন কলা
সংবহন কলা হৈছে উচ্চখাপৰ উদ্ভিদত পোৱা কেইবাপ্ৰকাৰৰ কোষেৰে গঠিত এক জটিল কলা। সংবহন কলাৰ প্ৰাথমিক উপাদান দুটা হৈছে জাইলেম আৰু ফ্ল'ৱেম। এই কলাসমূহে উদ্ভিদৰ অন্তৰ্ভাগত পানী, লৱন আৰু পুষ্টিৰ পৰিবহন কৰে। ইয়াৰ উপৰিও ভাছকুলাৰ কেমবিয়াম আৰু কৰ্ক কেমবিয়াম নামৰ দুবিধ ভাজক কলা সংবহন কলাৰ সৈতে সংলগ্ন হৈ থাকে।
-
সোঁৱালু
লিছিয়া ম’ন’পেটেলা (Litsea monopetala) হৈছে লিছিয়া (Litsea) গণৰ অন্তৰ্গত এবিধ উদ্ভিদ। ইয়াৰ অসমীয়া নাম হৈছে সোঁৱালু। ইয়াক নেপালৰ অৰণ্যত পোৱা যায়। নেপালৰ বাহিৰেও কোমাওনৰ পৰা চিকিম, বাংলাদেশ, বাৰ্মা আৰু দক্ষিণ-পূৱ চীন ভাৰততো এই উদ্ভিদ পোৱা যায়। মুগা পলুৱে এই গছৰ পাত খায়।
-
হিজল
হিজল এবিধ সৰু আকাৰৰ গছ৷ এই গছ সাধাৰণতে বিলৰ কাষত বা পানীত ডুবি থকা ঠাইত উৎপন্ন হোৱা দেখা যায়৷ এই গছৰ অংশ খাদ্য আৰু ঔষধ হিচাপে আৰু কাঠ নাও আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
-
ৰঙা নুনী
ৰঙা নুনী (red mulberry, বৈজ্ঞানিক নাম: Morus rubra) উত্তৰ আমেৰিকাৰ পূব আৰু মধ্য অঞ্চলৰ থলুৱা এবিধ নুনীৰ প্ৰজাতি। ইয়াক অণ্টাৰিঅ', মিনেছ'টা আৰু ভাৰমণ্টৰ পৰা দক্ষিণে দক্ষিণ ফ্ল'ৰিডালৈকে আৰু পশ্চিমে দক্ষিণ-পূব দক্ষিণ ডাকোটা, নেব্ৰাস্কা, কেনছাছ আৰু মধ্য টেক্সাছলৈকে পোৱা যায়।