মিৰিকা টেঙা বা বন জৰা (Silver berry, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Elaeagnus caudata Schltdl.) এবিধ চিৰসেউজ গুল্মজাতীয় সপুষ্পক উদ্ভিদ। মিৰিকা টেঙা অসমত প্ৰাকৃতিকভাৱে গজে। ইয়াৰ ফল খাদ্যৰ উপযোগী। মিচিং ভাষাত ইয়াক বিৰাই এছিং আৰু কাৰ্বি ভাষাত ছোলেঙি এৰিকং বোলা হয়।১
বিৱৰণ
মিৰিকা টেঙাৰ পাতবোৰ ডিম্বাকৃতিৰ দীঘলীয়া আৰু নোমহীন। ফলসমূহ এক ইঞ্চিমান দীঘল আৰু ডিম্বাকৃতিৰ। পকিলে ৰঙা বা হালধীয়া বৰণৰ হয়। ভিতৰভাগ মঙহাল।১ ফলৰ বীজ দীঘলীয়া আৰু দুইমূৰ জোঙা। ইয়াত কিছুমান দীঘলীয়া শিৰা থাকে।
ব্যৱহাৰ
মিৰিকা টেঙা এবিধ টেঙাজাতীয় ফল আৰু ইয়াক কেঁচাকৈ বা আচাৰ হিচাপে খাব পাৰি। ফলটোৰ প্ৰতি ১০০ গ্ৰামত প্ৰায় ৮.৩% চেনি, ৪.৫ % প্ৰটিন আৰু ১২ মিলিগ্ৰাম ভিটামিন চি থাকে। ই বিশেষকৈ ভিটামিন এ, চি আৰু ই তথা খনিজ পদাৰ্থৰ এক উৎস।১ মিৰিকা টেঙাৰ জেলী আদি কৰিও খোৱা হয়।
ফলবিধ কোষ্ঠকাঠিন্যৰ পথ্য আৰু স্বাস্থ্যৰ উপযোগী ঔষধি গুণ থকা বুলি গণ্য কৰা হয়। স্থানীয় লোকে গৰ্ভপাত ৰোধ কৰিবলৈ গৰ্ভাৱস্থাত ফলৰ শিপাৰ নিষ্কাশন কৰি সেৱন কৰে। অসমীয়া মণিপুৰী জনগোষ্ঠীৰ বিবাহ অনুষ্ঠানৰ সময়ত দেৱতাসকলক উৎসৰ্গা কৰাৰ বাবে এই ফলক এক অপৰিহাৰ্য সামগ্ৰী হিচাপে গণ্য কৰা হয়।১
তথ্যসূত্ৰ
- ↑ Elaeagnus caudata Schltdl.. indiabiodiversity.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিৰিকা টেঙা” প্ৰবন্ধৰ সংশোধন ৫৪০৯৫২ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।