অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নাচপতি

নাচপতি পাইৰাছ (Pyrus,) গণ আৰু ৰ’জেচি (Rosaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ফল। এই ফল খাদ্যৰ বাবে বহুঠাইত খেতি কৰা হয়।

হালনাগাদ: ১৬ এপ্ৰিল ২০২৫ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

নাচপতি পাইৰাছ (Pyrus,) গণ আৰু ৰ’জেচি (Rosaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ফল। এই ফল খাদ্যৰ বাবে বহুঠাইত খেতি কৰা হয়।

বিস্তৃতি

নাচপতি পশ্চিম ইউৰোপৰ পৰা উত্তৰ আফ্ৰিকা আৰু এছিয়াত বিস্তৃত হৈ থকা এবিধ থলুৱা ফল।

বিৱৰণ

Pear blossoms
Pear blossomsছবি: Elf · CC BY-SA 4.0

নাচপতি গছৰ আকাৰ মধ্যমীয়া, ইয়াৰ উচ্চতা ১০-১৭ মিটাৰ পৰ্য্যন্ত হ’ব পাৰে। নাচপতিৰ কিছুমান প্ৰজাতি জোপোহাও হয়।

নাচপতিৰ পাতবোৰ ২-১২ ছে:মি দীঘল, উজ্জ্বল সেউজীয়া বৰণৰ হয়। কিছুমানত ৰূপালী নোম থকা দেখা যায়।

ইয়াৰ ফুলবোৰ বগা, মাজভাগত কিছু হালধীয়া বা গুলপীয়া থাকে। ফুলৰ ব্যাস ২-৪ ছে:মি হয়। ফুলবোৰত পাঁচোটাকৈ পাহি থাকে। ১

নাচপতিৰ ফল

ব্যৱহাৰ

নাচপতিৰ ফল সুস্বাদু। এই ফলৰ ৰস জাম, জেলী আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। নাচপতিৰ পৰা চাইদাৰ (cider)ও প্ৰস্তুত কৰা হয়।

পৰিপুষ্টি

নাচপতিৰ ৮৪% পানী, ১৫% শ্বেতসাৰ (carbohydrates) আৰু অৱশিষ্ট প্ৰ’টিন আৰু ফেট।

চিনাক্তকৰণ কৰা প্ৰধান ভাগসমূহ

(বাঁওফালৰ পৰা সোঁফাললৈ, ওপৰৰ পৰা তললৈ) কোৰিয়ান, বস্ক, ফৰেল, ৰঙা ডি'অঞ্জাও, বাৰ্টলেট, সেউজীয়া ডি’অঞ্জাও, ছেকেল, কমিক নাচপতি
(বাঁওফালৰ পৰা সোঁফাললৈ, ওপৰৰ পৰা তললৈ) কোৰিয়ান, বস্ক, ফৰেল, ৰঙা ডি'অঞ্জাও, বাৰ্টলেট, সেউজীয়া ডি’অঞ্জাও, ছেকেল, কমিক নাচপতিছবি: Forest Starr and Kim Starr · CC BY 2.0
বহুতো প্ৰকাৰ যেনে, নাছি নাচপতি দেখিবলৈ নাচপতিৰ দৰে নহয়।
বহুতো প্ৰকাৰ যেনে, নাছি নাচপতি দেখিবলৈ নাচপতিৰ দৰে নহয়।ছবি: JJ Harrison (jjharrison89@facebook.com) · CC BY-SA 3.0
* Pyrus amygdaliformis—বাদাম-পতীয়া নাচপতি * Pyrus anatolica * Pyrus armeniacifolia—বগৰী-পতীয়া নাচপতি * Pyrus betulifolia-বিৰ্ছলিফ নাচপতি * Pyrus boissieriana * Pyrus bourgaeana—আইবেৰিয়ান নাচপতি * Pyrus × bretschneideri—চীনা বগা নাচপতি; Pyrus pyrifoliaৰ উপ-প্ৰজাতি হিচাপেও বিভাজিত কৰা হয়। * Pyrus calleryana—কালেৰি নাচপতি * Pyrus communis – ইউৰোপিয়ান নাচপতি ** Pyrus communis subsp. communis—ইউৰোপিয়ান নাচপতি (ডি'অঞ্জাও, বাৰ্টলেট আৰু বস্ক নামৰ কাল্টিভাৰ অন্তৰ্ভুক্ত) ** Pyrus communis subsp. caucasica (সমাৰ্থক P. caucasica) * Pyrus cordata—প্লাইমাউথ নাচপতি * Pyrus cossonii—আলজেৰিয়ান নাচপতি * Pyrus dimorphophylla * Pyrus elaeagrifolia—অলেষ্টাৰ-পতীয়া নাচপতি * Pyrus fauriei * Pyrus gharbiana * Pyrus glabra * Pyrus hakkiarica * Pyrus hondoensis * Pyrus kawakamii * Pyrus koehnei—দক্ষিণ চীন আৰু টাইৱানৰ চিৰসেউজ নাচপতি * Pyrus korshinskyi * Pyrus mamorensis * Pyrus nivalis—তুষাৰ নাচপতি * Pyrus oxyprion * Pyrus pashia—আফগান নাচপতি * Pyrus × phaeocarpa * Pyrus pseudopashia * Pyrus pyraster — বনৰীয়া ইফৰোপীয়ান নাচপতি (সমাৰ্থক (Pyrus communis subsp. pyraster) * Pyrus pyrifolia—নাছি নাচপতি, Sha Li; চীন, জাপান আৰু কোৰিয়াৰ থলুৱা প্ৰজাতি, এছিয়ান নাচপতি বুলিও কয়। * Pyrus regelii * Pyrus salicifolia—ৱিলিঅ-পতীয়া নাচপতি * Pyrus serikensis * Pyrus × serrulata * Pyrus × sinkiangensis— P. ×bretschneideri আৰু Pyrus communisৰ মাজৰ আন্তঃপ্ৰজাতিক বৰ্ণসংকৰ বুলি ভবা হয়। * Pyrus syriaca—ছিৰিয়ান নাচপতি * Pyrus ussuriensis—ছাইবেৰিয়ান নাচপতি (ইউছুৰিয়ান, হাৰ্বিন, আৰু মাঞ্চুৰিয়ান নাচপতি বুলিও কয়। ) * Pyrus xerophila

তথ্যসূত্ৰ

  1. ↑ Pear Fruit Facts Page Information. bouquetoffruits.com

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাচপতি” প্ৰবন্ধৰ সংশোধন ৫০৩৬৭৫ (১৬ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।