অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চামকঁ‌ঠাল

চামকঁ‌ঠাল (chaplash, বৈজ্ঞানিক নাম: Artocarpus chama) Moraceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই কঁ‌ঠালজাতীয় এবিধ বনৰীয়া গছ। ভিয়েটনামত ইয়াক মিট নাই (অন্য কিছু বনৰীয়া প্ৰজাতিৰ সৈতে) বুলিও কোৱা হয়। ইয়াক য়ুনান চীন, বাংলাদেশ, ভূটান, ভাৰত, লাওচ, মালয়েচিয়া, ম্যানমাৰ আৰু থাইলেণ্ডত দেখা পোৱা যায়।

হালনাগাদ: ৫ জুন ২০২৫ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চামকঁ‌ঠাল (chaplash, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Artocarpus chama)১ Moraceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই কঁ‌ঠালজাতীয় এবিধ বনৰীয়া গছ। ভিয়েটনামত ইয়াক মিট নাই (অন্য কিছু বনৰীয়া প্ৰজাতিৰ সৈতে) বুলিও কোৱা হয়। ইয়াক য়ুনান চীন, বাংলাদেশ, ভূটান, ভাৰত, লাওচ, মালয়েচিয়া, ম্যানমাৰ আৰু থাইলেণ্ডত দেখা পোৱা যায়।২

বিৱৰণ

চামকঁ‌ঠালৰ ফল
চামকঁ‌ঠালৰ ফলছবি: No machine-readable author provided. Mamun2a assumed (based on copyright claims) · CC BY-SA 2.5

চামকঁ‌ঠাল প্ৰায় ৩০-৪০ মিটাৰ উচ্চতা আৰু ৩-৫ মিটাৰ পৰিধিৰ এবিধ ডাঙৰ পৰ্ণপাতী গছ। পাতবোৰ ডাঙৰ আৰু আকাৰ পৰিৱৰ্তনশীল হয়। এইসমূহৰ দৈৰ্ঘ্য ১২-৩০ চে.মি. আৰু প্ৰস্থ ৬-১৬ চে.মি. হয়। পাতসমূহ উপবৃত্তাকাৰ-ডিম্বাকৃতিৰ বা অৰ্ধ-গোলাকাৰ, সম্পূৰ্ণ বা ক্ষুদ্ৰ ক্ষুদ্ৰ দন্তযুক্ত। পৃষ্ঠীয় আৰু উদৰৰ পৃষ্ঠ দুয়োটাতে সৰু সৰু শুঙ থাকে। ফলবোৰ প্ৰায় ৩-৪ ইঞ্চি ব্যাসৰ আৰু পকিলে হালধীয়া ৰং ধৰে। ভিতৰৰ অংশ গোলাপী ৰঙৰ। খাব পৰা মাংসল অংশই বীজবোৰ ঢাকি ৰাখে।৩

তথ্যসূত্ৰ

  1. ↑ Buchanan-Hamilton F (1826) Mem. Wern. Nat. Hist. Soc. 5: 331
  2. ↑ Plants of the World Online: Artocarpus chama Buch.-Ham. (retrieved 12 August 2019)
  3. ↑ Artocarpus chama Buch.-Ham. ex Wall.. indiabiodiversity.org

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চামকঁ‌ঠাল” প্ৰবন্ধৰ সংশোধন ৫১৫২১১ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।