অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বৰ থেকেৰা

বৰ থেকেৰা(Garcinia pedunculata) এবিধ টেঙা ফল লগা চিৰসেউজ গছ। ই ঘাইকৈ এছিয়াৰ দক্ষিণ-পূব অঞ্চল বিশেষকৈ ম্যানমাৰ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায়। অসমীয়া জন জীৱন আৰু খাদ্য প্ৰণালীত থেকেৰাৰ ব্যৱহাৰ অতীজৰে পৰা হৈ লাগিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৫ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

বৰ থেকেৰা(Garcinia pedunculata) এবিধ টেঙা ফল লগা চিৰসেউজ গছ। ই ঘাইকৈ এছিয়াৰ দক্ষিণ-পূব অঞ্চল বিশেষকৈ ম্যানমাৰ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায়। অসমীয়া জন জীৱন আৰু খাদ্য প্ৰণালীত থেকেৰাৰ ব্যৱহাৰ অতীজৰে পৰা হৈ লাগিছে।

বৰ্ণনা

বৰ থেকেৰাৰ গা-গছ লেহুকা আৰু জোপোহা। পাতবোৰৰ স্পষ্ট মধ্যসিৰা দেখা যায়। পুং স্তৱক শেঁতা সেউজীয়া ৰঙৰ আৰু পুষ্পসজ্জা পানিচিল(panicles)৷ স্ত্ৰী স্তৱক অকলশৰীয়াকৈ থাকে। ফলবোৰ প্ৰায়ে ঘূৰণীয়া আৰু ব্যাস ৮ৰ পৰা ১২ ছেঃমিঃ। ইয়াৰ ভিতৰচোৱা ৰসেৰে পৰিপূৰ্ণ১

ব্যৱহাৰ

শুকান থেকেৰা
শুকান থেকেৰাছবি: মৌচুমী · CC BY-SA 3.0

থেকেৰাৰ পকা ফলসমূহ কেঁচাই বা সিজাই খোৱা হয়। সাধাৰণতে ফলবোৰ কাটি ৰদত শুকুৱাই সংৰক্ষণ কৰা হয়। শুকান থেকেৰা অসমৰ খাদ্য প্ৰণালীত বহুলভাৱে ব্যৱহাৰ কৰা হয়। মাছৰ টেঙা, মাটিমাহ আৰু থেকেৰা, আদিৰ দৰে অসমীয়া খাদ্যত থেকেৰা ব্যৱহাৰ কৰা হয়। লগতে আন শাক পাচলি আৰু ডাইলৰ লগতো থেকেৰা ব্যৱহাৰ কৰা হয়।২৩ থেকেৰাৰ ঔষধি গুণো আছে। সাধাৰণতে পেটৰ অসুখত থেকেৰা খাবলৈ দিয়া হয়।

তথ্যসূত্ৰ

  1. ↑ Wild Edible Plants of Assam. Director, Forest Communication, Forest Department, Assam, India
  2. ↑ Mangosteen Fish Curry (Thekera Maas Tenga)
  3. ↑ Lentil fritters in a light sour curry. Sunita Bhuyan

সম্পৰ্কিত শ্ৰেণী

ফলবৃক্ষউদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ থেকেৰা” প্ৰবন্ধৰ সংশোধন ৫৪০৪৩৫ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।