মেজাংকৰি (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Litsea citrata) ল'ৰেচি (Lauraceae) পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ৷১২ এই গছজোপা ভাৰত, ভিয়েটনাম আৰু চীনৰ থলুৱা উদ্ভিদ৷৩
বিৱৰণ
মেজাংকৰিৰ পাতৰ আকাৰ দীঘলীয়া, গুৰিৰ ফালে ঘুৰণীয়া আৰু আগৰফালে জোঙা হয়৷ পাতৰ মাজৰ সিৰৰ দুয়োকাষে অংশ দুটাৰ আকাৰ আৰু আকৃতি একে হয়৷ এই গছৰ বাকলিৰ ভিতৰভাগ হালধীয়া ৰঙৰ৷ খৰালি এই গছৰ পাত একেসময়তে সৰি গছডাল লঠঙা হৈ পৰে৷১ এই গছৰ বৃদ্ধিৰ বাবে সেমেকা মাটি উপযোগী৷৪
মেজাংকৰিৰ একেজোপা গছতে পুং আৰু স্ত্ৰীপুষ্প ওলায়৷৪
বিস্তৃতি
মেজাংকৰি ভাৰত, ভিয়েটনাম আৰু চীনৰ থলুৱা উদ্ভিদ৷৩ অসমত, প্ৰধানকৈ উজনি অসমৰ বনাঞ্চলসমূহত এই গছ দেখা পোৱা যায়৷১
ব্যৱহাৰ
অসমত এইবিধ গছৰ পাতবোৰ মেজাংকৰি মুগাৰ পলুৱে ভক্ষণ কৰে৷১ তাৰোপৰি এই গছৰ নানা ঔষধি গুণ আছে বুলিও জনা যায়৷৩
তথ্যসূত্ৰ
- ↑ 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
- ↑ pfaf.org/user/Plant.aspx?LatinName=Litsea+citrat
- ↑ www.horsessentials.com/gb/essential-oils/88-lits link|date=April 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ pfaf.org/user/Plant.aspx?LatinName=Litsea+citrat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেজাংকৰি” প্ৰবন্ধৰ সংশোধন ৬০২৬৩৮ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।