অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চেলেং গছ

চেলেং (বৈজ্ঞানিক নাম: Balakata baccata) ইউফৰবিয়েচিয়া (Euphorbiaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। পূৰ্ৱতে ইয়াক Sapium baccatum নামেৰে নামকৰণ কৰা হৈছিল। অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত প্ৰচুৰ পৰিমানে চেলেং গছ পোৱা যায়। পেকেজিং বাকচ তৈয়াৰ কৰিবলৈ ইয়াৰ কাঠ ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ৩১ আগষ্ট ২০২৪ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

চেলেং (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Balakata baccata) ইউফৰবিয়েচিয়া (Euphorbiaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ।১ পূৰ্ৱতে ইয়াক Sapium baccatum নামেৰে নামকৰণ কৰা হৈছিল। অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত প্ৰচুৰ পৰিমানে চেলেং গছ পোৱা যায়। পেকেজিং বাকচ তৈয়াৰ কৰিবলৈ ইয়াৰ কাঠ ব্যৱহাৰ কৰা হয়।১ ইয়াৰ ফলৰ পৰা সুগন্ধি প্ৰস্তুত কৰা হয়।১ মিজোৰামত এই উদ্ভিদৰ পাত পোহনীয়া জন্তুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।১

বিৱৰণ

চেলেং গছজোপা প্ৰায় ২৫ ফুট পৰ্যন্ত ওখ হয়।১ ইয়াৰ ফলবোৰ ৯ - ১২ মিলিমিটাৰ ব্যাসৰ জামুকৰ দৰে মাংসযুক্ত, ৰঙা বেঙুনীয়া বৰণৰ পকিলে বেঙুনীয়া ক'লালৈ পৰিণত হয়।১

বিতৰণ

চেলেং গছ ভাৰত, ভূটান, বাংলাদেশ, নেপাল, ম্যানমাৰ, ইণ্ডো-চীন, চীন, থাইলেণ্ড, মালয়েছিয়া, সুমাত্ৰা আৰু ব্ৰুনেউ, লাউচ, ভিয়েটনাম, কম্বোডিয়া আৰু পূৱ হিমালয় অঞ্চলত পোৱা যায়।১

তথ্যসূত্ৰ

  1. ↑ Balakata baccata (Roxb.) Esser. India biodiversity Portal

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেলেং গছ” প্ৰবন্ধৰ সংশোধন ৪৩০১৬৪ (৩১ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।