কেচেৰু (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Heteropanax fragrans) Araliaceae পৰিয়ালৰ এবিধ চিৰসেউজ উদ্ভিদ। বৃক্ষজাতীয় এই উদ্ভিদজোপাৰ পাত এৰী পলুৱে খাদ্য হিচাপে গ্ৰহণ কৰে। মিজো ভাষাত ইয়াক চাংখেন নামেৰে জনা যায়। এই গছবিধ চীন, ভূটান, ভাৰত, ইণ্ডোনেছিয়া, ম্যানমাৰ, নেপাল, থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়।১২
বিৱৰণ
কেচেৰু এবিধ চিৰসেউজ গছ। পূৰ্ণাংগ একোজোপা গছ ৩০ মিটাৰ পৰ্যন্ত ওখ হ'ব পাৰে।৩ একোডাল ঠাৰিত তিনিৰ পৰা পাঁচখিলা সামান্য খাঁজকটা পাত সংযুক্ত হৈ থাকে। পাতবোৰ নিমজ। ফুলসমূহ সুগন্ধি আৰু এইসমূহ ৩১-৪০ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ ঠানিত ফুলে। অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত গছত ফুল ফুলে।২
তথ্যসূত্ৰ
- ↑ R. K. Brummitt. world geographical scheme for recording plant distribution, edition-2. International Working Group on Taxonomic Databases For Plant Sciences (TDWG) by the Hunt Institute for Botanical Documentation Carnegie Mellon University, Pittsburgh
- ↑ Heteropanax fragrans. efloras.org
- ↑ কেচেৰু. xobdo.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেচেৰু গছ” প্ৰবন্ধৰ সংশোধন ৫৪০৯০৮ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।