বিলম্বি টেঙা বা বিলম্বি (bilimbi', cucumber tree, tree sorrel, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Averrhoa bilimbi) Oxalidaceae পৰিয়ালৰ এবিধ ফলসম্ভৱা গছ। ই কৰ্দৈ গছৰ নিকট সম্পৰ্কীয় উদ্ভিদ।
বিৱৰণ
বিলম্বি টেঙা মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ স্থানীয় এবিধ সৰু গ্ৰীষ্মমণ্ডলীয় গছ। ইয়াৰ উচ্চতা ১৫ মিটাৰ পৰ্যন্ত হয়।১ গছজোপা ভালেমান শাখা-প্ৰশাখাত বিভক্ত। বিলম্বিৰ ঠানিসমূহ প্ৰায় ৩০–৬০ চে.মি. দীঘল হয়। প্ৰতিটো ঠানিত ১১-৩৭খিলা পাত থাকে। পাতসমূহ ডিম্বাকৃতিৰ পৰা দীঘলীয়া, ২–১০ চে.মি. দীঘল আৰু ১–২ চে.মি. বহল হয়।২ ইয়াৰ পাতসমূহৰ সৈতে পৰা আমলখিৰ পাতৰ যথেষ্ট মিল আছে। গা গছজোপা বা ডালতে ফুল ফুলে আৰু একোটা থোপাত ১৮–৬৮পাহ ফুল থাকে। ফুলবোৰ সুগন্ধি আৰু ৫টা পাহিযুক্ত ১০–৩০ মিলিমিটাৰ দীঘল হয়। ইয়াৰ ৰং হালধীয়া সেউজীয়াৰ পৰা ৰঙা বেঙুনীয়া ৰঙৰ।৩ ফলটো উপবৃত্তাকাৰ, দীঘলীয়া আৰু ই প্ৰায় ৪ – ১০ চে.মি. দৈৰ্ঘ্যৰ। কেতিয়াবা ই ৫ কোণীয়া হয়।৪ পকিলে পাতল সেউজীয়াৰ পৰা হালধীয়া সেউজীয়ালৈ ৰং ধৰে।২ ফলবোৰ সাধাৰণতে কেঁচাকৈ ফল হিচাপে খোৱা নহয়। ফলবোৰ প্ৰায়ে সংৰক্ষিত কৰি সোৱাদবৰ্ধক হিচাপে ব্যৱহাৰ কৰা হয়। ই ইণ্ডোনেছিয়াৰ বহুতো খাদ্য সামগ্ৰীৰ এটা মূল উপাদান।৫
তথ্যসূত্ৰ
- ↑ (2011). Averrhoa bilimbi Linn. SpringerReference. Springer-Verlag
- ↑ Averrhoa bilimbi L.. Singapore Government, National Parks Flora & Fauna Web
- ↑ Ahmed, QamarUddin; Alhassan, AlhassanMuhammad. (2016). Averrhoa bilimbiLinn.: A review of its ethnomedicinal uses, phytochemistry, and pharmacology. Journal of Pharmacy and Bioallied Sciences. পৃ. 265–271
- ↑ Buy BILIMBI Fruit Tree - Averrhoa bilimbi. www.daleysfruit.com.au
- ↑ Xu, Eren; Wijaya, Christofora; Faridah, Didah. (2017). Characterization of aroma compounds in Indonesian traditional seasoning (asam sunti) made from Averrhoa bilimbi L.. Emirates Journal of Food and Agriculture. পৃ. 1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিলম্বি টেঙা” প্ৰবন্ধৰ সংশোধন ৫৪০৪২৬ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।