উদ্ভিদজগত
১৪৯ প্ৰবন্ধ
-
জাতি বেত
জাতি বেত বা কেলামাছ টেনুইছ (Calamus tenuis) আৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ এবিধ সৰু আকাৰৰ বেত জাতীয় উদ্ভিদ। ই ভাৰত (অসম), বাংলাদেশ, ভূটান, কম্বোডিয়া, লাউচ, ম্যানমাৰ, ভিয়েটনাম, জাভা আৰু সুমাত্ৰাৰ থলুবা উদ্ভিদ। বৰ্তমান ই আই ইউ চি এন ৰঙা তালিকাৰ সংকটৰপৰা মুক্ত প্ৰজাতি।
-
ঝাওবন
ঝাওবন (বৈজ্ঞানিক নাম: Tamarix dioica) পশ্চিম এছিয়াৰ বিভিন্ন অঞ্চলৰ নদীৰ পাৰৰ পলসুৱা মাটিত উৎপন্ন হোৱা এবিধ জোপোহা গছ। অসমত বাৰিষাৰ পানীয়ে উজনিৰ পৰা এই উদ্ভিদৰ গুটিবোৰ উটুৱাই আনে। পানী শুকালে গুটিবোৰ জেং জাবৰ বা নদীকুলীয়া বননিত লাগি ধৰে। খৰালিৰ লগে লগে এই গুটিবোৰৰ পৰা পুলি ওলায়।
-
টাইটান আৰাম
টাইটান আৰাম হৈছে এৰেচি (Araceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সপুষ্পক উদ্ভিদ। ইয়াৰ এটা ডাঙৰ ডালবিহীন পুষ্পশোভিত মুঠি থাকে; গছজোপাৰ ওখ এখিলা পাত থাকে, যিখিলা গছৰ দৰে শাখা-প্ৰশাখা যুক্ত হয়; আৰু এটা গধুৰ কন্দ থাকে যিয়ে উদ্ভিদ জোপাক পুষ্প উৎপাদন কৰিবলৈ সক্ষম কৰে।
-
টাইফʼনিয়াম
টাইফʼনিয়াম (Typhonium) হৈছে এৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ গণ। ই পূব আৰু দক্ষিণ এছিয়া, নিউ গিনি আৰু অষ্ট্ৰেলিয়াৰ স্থানীয় উদ্ভিদ। ইয়াক বেছিকৈ কাঠনি অঞ্চলত গজি থকা দেখা যায়। প্ৰজাতি Typhonium acetosella Gagnep. - Cambodia, Laos, Thailand, Vietnam Typhonium adnatum Hett. & Sookch.
-
ডাল
ডাল, যাক উদ্ভিদ বিজ্ঞানত ৰেমুছ বুলিও কোৱা হয়, এটা কাণ্ডৰ পৰা ওলোৱা আন এটা কাণ্ড, বা পাতৰ সিৰাৰ দৰে গঠনত সৰু সৰু শিৰাত বিভক্ত হৈ গজি উঠা কাণ্ড।
-
ঢেকীয়া লতা
ঢেকীয়া লতা (বৈজ্ঞানিক নাম: Aglaomorpha quercifolia, বা Drynaria quercifolia) Polypodiaceae পৰিয়ালৰ এবিধ ঢেঁকীয়াজাতীয় উদ্ভিদ। ইয়াক ফিলিপাইছত পাকপাক লৱিন, গুৰাৰ, কই হিন, অশ্বকত্ৰী, কাবকাব, কাবকাবন বা উপতকাৰুল আদি নামেৰে জনা যায়।
-
তালমূলি
তালমূলি বা কাৰ্কুলিগ' অৰ্কিঅইডেছ (golden eye-grass, নেপালী: কালো মুছলি বা কালি মুছলি) এবিধ বিলুপ্তপ্ৰায় সপুষ্পক উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদবিধ নেপাল, চীন, জাপান, ভাৰত উপমহাদেশ, পাপুৱাছিয়া, আৰু মাইক্ৰ'নেছিয়াত থলুৱাভাৱে পোৱা যায়।
-
দাঁত বিজলা
দাঁত বিজলা বা গাৰো দেওশাল (বৈজ্ঞানিক নাম: Dalbergia stipulacea) মজলীয়া আকাৰৰ এবিধ পৰ্ণপাতী গছ। অসমৰ প্ৰায়বোৰ বনভূমিতে দাঁত বিজলা গছৰ উৎপত্তি হয়।
-
পহু শিঙীয়া ঢেঁকীয়া
পহু শিঙীয়া ঢেঁকীয়া (বৈজ্ঞানিক নাম: Platycerium bifurcatum, the elkhorn fern or common staghorn fern) হৰিণ জাতীয় জন্তুৰ শিঙৰ দৰে দীঘল আকৃতিৰ ফেৰমেলা পাতধাৰী এবিধ বিদেশী ঢেঁকীয়া৷ এই ঢেঁকীয়াৰ প্ৰকৃত জন্মভূমি অষ্ট্ৰেলিয়া মহাদেশ যদিও বৰ্তমান ভাৰতৰ বিভিন্ন নাৰ্ছাৰিত পোৱা যায়৷
-
পৰজীৱী উদ্ভিদ
পৰজীৱী উদ্ভিদ হ’ল এনে উদ্ভিদ যিয়ে নিজৰ কিছুমান বা সকলো পুষ্টিৰ প্ৰয়োজনীয়তা আন এক জীৱিত উদ্ভিদৰ পৰা আহৰণ কৰে। ইহঁতে এঞ্জিঅ’স্পাৰ্মৰ প্ৰায় ১% গঠন কৰে আৰু প্ৰায় প্ৰতিটো বায়’মত পোৱা যায়।
-
বনপিঠা
বনপিঠা প্ৰাকৃতিকভাৱে হোৱা এবিধ চিৰসেউজীয়া উদ্ভিদ। ই পৃথিৱীৰ বিভিন্ন ঠাইত উপলব্ধ। সাধাৰণতে সমতলভূমিত নাতিশীতোষ্ণ জলবায়ুত বৃদ্ধি হোৱা এই উদ্ভিদ মাদাগাস্কাৰ, ভাৰত, শ্ৰীলংকা, থাইলেণ্ড, কম্বোডিয়া, লাওচ, ভিয়েটনাম, মালয়েছিয়া, ব্ৰুনেই ইণ্ডোনেছিয়া, ফিলিপাইনচ, পাপুৱা নিউগিনি, চ’ল’মন আইলেণ্ড আৰু…
-
বাসন্তী ফুল
বাসন্তী ফুল (বৈজ্ঞানিক নাম: Reinwardtia indica) হৈছে হিমালয় অঞ্চলত পোৱা লিনাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ উদ্ভিদ। ইয়াৰ ইংৰাজী নাম হৈছে য়েল্ল ফ্লাক্স (yellow flax) আৰু পিউলি (pyoli). ই হৈছে ৰেইনৱাৰ্ডটিয়া (Reinwardtia) গণৰ একমাত্ৰ উদ্ভিদ প্ৰজাতি।
-
বেলুন ফুল
বেলুন ফুল ইংৰাজীত সাধাৰণতে হেয়াৰি বলছ্ (hairy balls), বেলুনপ্লাণ্ট (balloonplant), বেলুন কটন−বুশ্ব (balloon cotton-bush), বিছপ্ছ বলছ্ (bishop's balls), নেইলহেড (nailhead), বা ছোৱান প্লাণ্ট (swan plant), জনা যায়। ই হৈছে মিল্কৱিডৰ এটা প্ৰজাতি।
-
ভেদেলি লতা
ভেদেলি লতা ৰুবিয়েচি (Rubiaceae) পৰিয়ালৰ এবিধ জোপোহা আকৃতিৰ সৰু আকাৰৰ চিৰসেউজীয়া গছ। অসমীয়া সংস্কৃতিত এই লতাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।
-
মন ডিমৰু
মন ডিমৰু বা এৱাঁ ডিমৰু (Ficus fistulosa) মোৰেছি (Moraceae) পৰিয়ালৰ এবিধ সৰু আকাৰৰ ডিমৰু জাতীয় গছ৷ এই গছজোপা অসমৰ পৰা টাইৱান, চীন, মালয়েছিয়া, ভিয়েটনাম আৰু নিউগিনি পৰ্যন্ত দেখা পোৱা যায়৷
-
মহীশূৰৰ পাণ
মহীশূৰৰ পাণ মহীশূৰ অঞ্চল আৰু ইয়াৰ আশে-পাশে উৎপাদিত হৃদয় আকৃতিৰ একপ্ৰকাৰৰ পাণ। ইয়াক তামোল বা চুপাৰিৰ লগত বা পান হিচাপে, ধঁপাতৰ সৈতে বা ধঁপাত নোহোৱাকৈ সেৱন কৰা হয়। পৰম্পৰাগতভাৱে সন্মান আৰু শুভ আৰম্ভণিৰ চিন হিচাপে পাণৰ গোট এটা আগবঢ়োৱা হয়।
-
মাংসভোজী উদ্ভিদ
মাংসভোজী উদ্ভিদ হৈছে কিছুমান উদ্ভিদ, যি বিভিন্ন জীৱ, যেনে প্ৰাণী বা প্ৰ'ট'জৱা, বিশেষকৈ পতংগ বা অন্য সন্ধিপদীৰ পৰা পোষক দ্ৰৱ্য আহৰণ কৰে। এনে উদ্ভিদবোৰ ক্ষীণ অথবা কম পৰিমানে পোষক দ্ৰৱ্য, বিশেষকৈ নাইট্ৰ'জেন নথকা ঠাইত জীৱাই থাকিব পৰাকৈ অভিযোজিত হয়।
-
মানি প্লাণ্ট
মানি প্লাণ্ট বা এপিপ্ৰেমনাম অৰেয়াম (Epipremnum aureum) হৈছে অৰেয়াম পৰিয়ালৰ অন্তৰ্গত আৰাচিয়া প্ৰজাতিৰ এক উদ্ভিদ। ই ফৰাচী পলিনেছিয়াৰ ছ'চাইটি দ্বীপপুঞ্জৰ ম'ৰিয়াৰ স্থানীয় উদ্ভিদ।
-
মেচাকি
মেচাকি বা মেচাকি পাত পূব এচিয়াৰ বিভিন্ন অঞ্চল যেনে দক্ষিণ চীন, ভাৰত, ম্যানমাৰ, থাইলেণ্ড আৰু ইণ্ডোনেচিয়া আদি দেশৰ এবিধ থলুৱা চিৰসেউজ সপুষ্পক উদ্ভিদ। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মেচাকি সহজলভ্য। উদ্ভিদবিধক খাছি ভাষাত খাজাঠ্চিৰ, মিচিং ভাষাত অম্বে আৰু মিজো ভাষাত লেংঅ'-চি-কাত নামেৰে জনা যায়।
-
মৌ ডিমৰু
মৌ ডিমৰু বা আওঠা ডিমৰু (Ficus auriculata) (মিচিং- কুকৱাল-টাকুক্-আছিং; কাৰ্বি-লঠেৰি -আৰং; খআচিয়া- দিয়েং-চহ-লামপিন) এবিধ মজলীয় আকাৰৰ ডিমৰু গছ৷ এই গছজোপা সমগ্ৰ এছিয়া মহেদেশতে পোৱা যায়৷ এই গছজোপাৰ বৃদ্ধিৰ বাবে পৰ্য্যাপ্ত পৰিমাণে ৰ'দৰ প্ৰয়োজন হয়৷
-
যখিনী মোনা
যখিনী মোনা বা শংকৰ মোনা (Malayan urn vine) বা ডিচচিডিয়া মেজৰ, ডিচচিডিয়া প্ৰজাতিৰ এবিধ পৰাশ্ৰয়ী উদ্ভিদ। এই উদ্ভিদবিধে বিশেষধৰণে পৰিৱৰ্তিত পাত ধাৰণ কৰে আৰু এই পাতসমূহত ডলিকোডেৰিনে পৰিয়ালকে ধৰি বিভিন্ন জাতৰ পৰুৱাই বাস কৰে।
-
যোগীলাও
যোগীলাও, (বৈজ্ঞানিক নাম: Crescentia cujete) (Calabash Tree) হৈছে আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ সৰু জোপোহা গছ আৰু তাৰ ফল। ই ছেণ্ট লুছিয়াৰ জাতীয় গছ। ভাৰতত ইয়াৰ প্ৰসাৰ প্ৰকৃতিগতভাবে বৃদ্ধি হোৱা দেখা গৈছে। গছজোপা মধ্যমীয়া আকাৰৰ চিৰসেউজীয়া, ফল দেখিবলৈ একবাৰে বেলৰ দৰে, কিন্তু আকাৰত ডাঙৰ।
-
লাকী বেম্বো
ড্ৰেকেনা চেণ্ডেৰিয়ানা হৈছে এস্পাৰাগাচিয়া পৰিয়ালৰ অন্তৰ্গত মধ্য আফ্ৰিকাৰ এবিধ স্থানীয় সপুষ্পক উদ্ভিদ। জাৰ্মান–ইংৰাজ মালিক হেনৰী ফ্ৰেডেৰিক কনৰাড চেণ্ডাৰ (১৮৪৭–১৯২০)ৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছিল।
-
লেহেতি শাক
লেহেতি বা লেহেতি শাক (, বৈজ্ঞানিক নাম: Sphenoclea zeylanica) জেকা বা বোকাময় ঠাইত গজা এবিধ তৃণজাতীয় উদ্ভিদ। লেহেতিকে ধৰি Sphenoclea গণত মূলতঃ দুবিধ প্ৰজাতি আছে। বছৰি হোৱা এই উদ্ভিদবিধ ঘাইকৈ গ্ৰীষ্মপ্ৰধান অঞ্চলসমূহত দেখা যায়।
-
শগুনী লতা
শগুণী লতা বৈজ্ঞানিক নাম: টিন’স্প’ৰা কৰ্ডিফ’লিয়া (আন কিছুমান নাম: হৃদপত্ৰৰ চন্দ্ৰবীজ, গুডুচি বা গিলয় আদি) ভাৰত উপমহাদেশৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ থলুৱা মেনিস্পাৰমেচিয়া পৰিয়ালৰ এবিধ ঘাঁহজাতীয় লতা।
-
সাগৰফেণা
সাগৰফেণা বা নোপাল, স্পেনিছ ভাষাত অপুণ্টিয়া কেকটাই, লগতে ইয়াৰ মঙহাল বহল পাতৰ বাবেও এটা সাধাৰণ নাম। মেক্সিকোত প্ৰায় ১১৪টা প্ৰজাতি পোৱাৰ কথা জনা যায়, য'ত ই অসংখ্য মেক্সিকান খাদ্যৰ সাধাৰণ উপাদান।
-
সৌকা বেত
সৌকা বেত (বৈজ্ঞানিক নাম: Calamus latifolius) এবিধ বেত জাতীয় উদ্ভিদ৷ শোণিতপুৰ আৰু দৰং জিলাৰ ভৈৰৱকুণ্ড, ৰৌতা, চাৰিদুৱাৰ, বালিপাৰা, নদুৱাৰ, বিহালি, বিশ্বনাথ আদি বিভিন্ন বনাঞ্চলত এই বেত উৎপত্তি হোৱা দেখা যায়৷
-
হেলচ
হেলচ হৈছে এজোপা গুল্ম বা চাপৰ উদ্ভিদ প্ৰজাতি। ই প্ৰায় ৬ মিটাৰ পৰ্যন্ত ওখ হয়। ই এছিয়াৰ প্ৰায়বোৰ দেশত পোৱা যায়।
-
ৰ’জা ক্লিন’ফিলা
ৰ’জা ক্লিন’ফিলা হʼল গোলাপ (Rosa) গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদ প্ৰজাতিবিধ হিমালয়, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ এবিধ থলুৱা উদ্ভিদ। এই ডাঙৰ গুল্মজাতীয় উদ্ভিদজোপা ৬ মিটাৰ (২০ ফুট) পৰ্যন্ত ওখ হʼব পাৰে।