অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চোম গছ

চোম বা চোম গছ (বৈজ্ঞানিক নাম: Machilus gamblei) Lauraceae পৰিয়ালৰ এবিধ সপুষ্পক বৃক্ষজাতীয় উদ্ভিদ। এই গছৰ পাত মুগা পলুৱে খাদ্য হিচাপে গ্ৰহণ কৰে আৰু ইয়াৰ পৰা মুগা সূতা উৎপন্ন হয়। উজনি অসমত মুগা পলুৰ বাবে চোম গছৰ খেতি কৰা হয়। চোম পাতে অহীয়াঁ পলুৰ উৎপাদন কৰে।

হালনাগাদ: ২১ মে’ ২০২৫ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

চোম বা চোম গছ (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Machilus gamblei) Lauraceae পৰিয়ালৰ এবিধ সপুষ্পক বৃক্ষজাতীয় উদ্ভিদ। এই গছৰ পাত মুগা পলুৱে খাদ্য হিচাপে গ্ৰহণ কৰে আৰু ইয়াৰ পৰা মুগা সূতা উৎপন্ন হয়। উজনি অসমত মুগা পলুৰ বাবে চোম গছৰ খেতি কৰা হয়। চোম পাতে অহীয়াঁ পলুৰ উৎপাদন কৰে।১ ই চীন, ভূটান, কম্বোডিয়া, ভাৰত, লাওছ, ম্যানমাৰ, নেপাল, থাইলেণ্ড, ভিয়েটনাম আদি দেশৰ থলুৱা উদ্ভিদ।২

বিৱৰণ

চোম গছৰ বিভিন্ন প্ৰজাতি আছে। বিভিন্ন প্ৰজাতিৰ পাতৰ আকৃতি-প্ৰকৃতি সামান্য ভিন্ন হয়। কোনো বিধৰ পাতবোৰ ঠেক আৰু দীঘল হোৱাৰ বিপৰীতে কোনো বিধ প্ৰজাতিৰ পাত বহল কিন্তু চুটি। ইয়াৰ পাতসমূহৰ সোৱাদৰো তাৰতম্য দেখা যায়। কিছুমান গছৰ পাতবোৰ মিঠা হোৱাৰ বিপৰীতে কিছুমান প্ৰজাতিৰ পাতৰ সোৱাদ তিতা, জ্বলা বা টেঙা। কিছুমান গছ বহু ওখ হয় যদিও কিছুমান গছ জোপোহা হয়।৩ এজোপা চোম গছ ২৫ মিটাৰ পৰ্যন্ত ওখ হ’ব পাৰে।২৪ আকৃতি আৰু প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি চোম গছক (১) নাহৰপতীয়া, ২) আজাৰপতীয়া (বা কঁঠালপতীয়া) আৰু (৩) জামুপতীয়া, এই তিনি ভাগত ভগাব পাৰি। চ’ত-ব’হাগ মাহত চোম গছত কুঁহিপাত ওলায় আৰু ফুল ফুলি গুটি ধৰে।৩ গুটিৰ পৰা বা অযৌন প্ৰজননৰ১ যোগেদি ইয়াৰ বংশ বিস্তাৰ হয়।

ব্যৱহাৰ

অসমত মূলতঃ মুগা পলুৰ বাবেই চোমগছৰ খেতি কৰা হয়। ইয়াৰোপৰি ইয়াৰ ঔষধি গুণো থকা বুলি বিশ্বাস কৰা হয়। জেঠ-আহাৰ মাহত চোম পাত খুন্দি পানীত মিহলাই ইয়াৰ ৰস খালে ই শৰীৰ শীতল কৰাৰ লগতে বসন্ত ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰি বুলি ভবা হয়।৩

তথ্যসূত্ৰ

  1. ↑ চোম আৰু শোৱালুৰ খেতি. sericulture.assam.gov.in
  2. ↑ Machilus gamblei King ex J. D. Hooker, Fl. Brit. India. 5: 138. 1886. www.efloras.org
  3. ↑ ভৰত সন্দিকৈ. অসমৰ মুগা শিল্প. as.vikaspedia.in
  4. ↑ Machilus gamblei King ex Hook. fil.. indiabiodiversity.org

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চোম গছ” প্ৰবন্ধৰ সংশোধন ৫১০৯০৪ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।