অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নগা টেঙা

নগা টেঙা (বৈজ্ঞানিক নাম:Rhus chinensis; ইংৰাজী নাম:Chinese sumac বা nutgall tree এনাকাৰ্ডিয়েচি (Anacardiaceae)পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বনৰীয়া গছ৷ নগা টেঙাৰ বাকলিৰ বৰণ মদৰুৱা বা ছাই বৰণীয়া আৰু পাত দীঘলীয়া আৰু ডিম্বাকৃতিৰ৷নগাটেঙাৰ ফুলবোৰ বগা চানকীয়া বা সামান্যভাৱে সেউজীয়া হয়৷ নগা টেঙাৰ ফল…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৪২
সংশোধনৰ পৰামৰ্শ

নগা টেঙা (বৈজ্ঞানিক নাম:Rhus chinensis; ইংৰাজী নাম:Chinese sumac বা nutgall tree এনাকাৰ্ডিয়েচি (Anacardiaceae)পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বনৰীয়া গছ৷ নগা টেঙাৰ বাকলিৰ বৰণ মদৰুৱা বা ছাই বৰণীয়া আৰু পাত দীঘলীয়া আৰু ডিম্বাকৃতিৰ৷১নগাটেঙাৰ ফুলবোৰ বগা চানকীয়া বা সামান্যভাৱে সেউজীয়া হয়৷ নগা টেঙাৰ ফল আচাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷১ তৰোপৰি নগা টেঙাৰ গছত এবিধ পতংগ (Aphid) ৰ আক্ৰমণৰ ফলত উৎপন্ন হোৱা টেমুনা (galls) বোৰৰ পৰা বিভিন্ন পৰম্পৰাগত চীনা ঔষধ তৈয়াৰ কৰা হয়৷

বিৱৰণ

নগা টেঙাৰ বাকলিৰ বৰণ মদৰুৱা বা ছাই বৰণীয়া হয়৷ বাকলিৰ উপৰিভাগত খহুলা-খহুলি দাগৰ উৎপত্তি হয়৷ গছজোপাৰ মূল ঠাৰিৰ পৰা শাখা পাতবিলাকে বিকাশ লাভ কৰে৷ ১

ইয়াৰ পাত দীঘলীয়া আৰু ডিম্বাকৃতিৰ৷ পাতৰ দাঁতিত খাঁজ কটা দাগ থাকে৷ পাতৰ মূল সিৰ বা ঠাৰিৰ দাঁতিকাষৰীয়া ঠাইত চুটি চুটি নোমৰ আৱিৰ্ভাৱ হয়৷ পাতৰ দুয়োকাষে ১০-১৫ যোৰা উপ-সিৰাৰ বিকাশ হয়৷১

নগাটেঙাৰ থোপা-থোপে ফুল ফুলে৷ এই ফুলবোৰ বগা চানকীয়া বা সামান্যভাৱে সেউজীয়া ৰং ধৰে৷ ফুল পুৰঠ হ’লে দেখাত এক খহুলা খহুলি কিন্তু কোমল ফলৰ উৎপত্তি হয়৷ এই ফলৰ সোৱাদ টেঙা হয়৷১

ব্যৱহাৰ

নগা টেঙাৰ ফল আচাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷১

নগা টেঙাৰ গছত এবিধ পতংগ (Aphid) ৰ আক্ৰমণৰ ফলত উৎপন্ন হোৱা টেমুনা (galls) বোৰ পৰম্পৰাগত চীনা ঔষধত বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়৷২৩৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  2. ↑ "Aphid", Henry G. Stroyan, McGraw-Hill Encyclopedia of Science & Technology, 8th Edition, 1997
  3. ↑ Djakpo, O; Yao, W. (2010). Rhus chinensis and Galla Chinensis--folklore to modern evidence: Review. Phytotherapy Research. পৃ. 1739–47
  4. ↑ Shim, Y. J; Doo, H. K; Ahn, S. Y. (2003). Inhibitory effect of aqueous extract from the gall of Rhus chinensis on alpha-glucosidase activity and postprandial blood glucose. Journal of Ethnopharmacology. পৃ. 283–7

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঔষধি উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগা টেঙা” প্ৰবন্ধৰ সংশোধন ৬২৪৯০০ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।