উদ্ভিদজগত
১৪৯ প্ৰবন্ধ
-
মুছেণ্ডা
মুছেণ্ডা (Mussaenda) হৈছে ৰুবিয়েচি পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সপুষ্পক উদ্ভিদৰ গণ। ইহঁত আফ্ৰিকা আৰু এছিয়াৰ গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ থলুৱা উদ্ভিদ। এইবিধ উদ্ভিদৰ কেইবাটাও প্ৰজাতি আলংকাৰিক উদ্ভিদ হিচাপে খেতি কৰা হয়।
-
মেজেঙা (উদ্ভিদ)
মেজেঙা বা মেজেঙা পাত (বৈজ্ঞানিক নাম: Zanthoxylum oxyphyllum) এবিধ সুগন্ধি মচলাজাতীয় সপুষ্পক উদ্ভিদ। মিচিং ভাষাত ইয়াক অঙেৰ নামেৰে জনা যায়। এই উদ্ভিদবিধ বনৰীয়া হিচাপে পোৱা যায় যদিও ঠাইবিশেষে ইয়াৰ খেতিও কৰা হয়।
-
মৰশাল গছ
মৰশাল গছ (বৈজ্ঞানিক নাম: Vatica lanceaefolia) ডাইপ্টেৰ’কাৰপাচিয়া (Dipterocarpaceae) পৰিয়ালৰ অন্তৰ্গত ভাটিকা (Vatica) গণৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি।
-
যখিনী লতা
যখিনী লতা (বৈজ্ঞানিক নাম:Valaris solanacea) এপ’চাইনেচি (Apocynaceae) পৰিয়ালৰ এবিধ গছত বগুৱা লতা জাতীয় উদ্ভিদ। কোনো কোনো ঠাইৰ মানুহে এই লতাক গহিংগা লতা বুলিও কয়।
-
লাজুকী লতা
লাজুকী লতা বা নিলাজী বন (বৈজ্ঞানিক নাম মিমোছা পুডিকা (Mimosa pudica)) হ'ল সংবেদনশীল উদ্ভিদ। ই ভিতৰলৈ ভাঁজ খায় আৰু স্পৰ্শ বা জোকাৰিলে তললৈ নামি যায় আৰু কেইমিনিটমানৰ পিছত পুনৰ খোল খায়। এই কাৰণে এই প্ৰজাতিটোক সাধাৰণতে উদ্ভিদৰ দ্ৰুত গতিৰ উদাহৰণ হিচাপে উল্লেখ কৰা হয়।
-
লালি পমা গছ
লালি পমা (বৈজ্ঞানিক নাম: Prasoxylon excelsum) মেলিয়েচিয়া (Meliaceae) পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। উদ্ভিদজোপাৰ বৈজ্ঞানিক নামৰ এক্সেলছাম (excelsum) পদাংশ লেটিন ভাষাৰ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে ‘ওখ’।
-
শালিকী ঠুটিয়া কপৌ
শালিকী ঠুটিয়া কপৌ বা ডেণ্ড্ৰবিয়াম এফাইলাম হৈছে এবিধ অৰ্কিড। ইয়াক হুডেড অৰ্কিড নামেৰেও জনা যায়। এই অৰ্কিডবিধ বাংলাদেশ, দক্ষিণ চীন, পূব হিমালয় আৰু ইণ্ডোচাইনাৰ থলুৱা অৰ্কিড প্ৰজাতি।
-
সৰু মানিমুনি
সৰু মানিমুনি, বৈজ্ঞানিক নাম: হাইড্ৰ’ক’টাইল চিবথৰ্পিঅ’ইডছ, দক্ষিণ-পূব এছিয়াৰ স্থানীয় এবিধ সৰু উদ্ভিদ। ইয়াক লন মাৰ্চপেনিৱৰ্ট বুলিও কোৱা হয়। ইয়াক পৰম্পৰাগতভাৱে এপিয়াচিয়া পৰিয়ালত ৰখা হয়, কিন্তু শেহতীয়াকৈ ইয়াক আৰালিয়াচিয়া পৰিয়ালত অন্তৰ্ভুক্ত বুলি কোৱা হৈছে।
-
ৰঙা ঢেকীয়া
ৰঙা ঢেকীয়া বা তাৰঙ হৈছে এবিশ খোৱাৰ উপযোগী ঢেকীয়াজাতীয় উদ্ভিদ। ইয়াক ভাৰত আৰু মালয়েছিয়াৰ লোকচিকিৎসাত ঔষধি উদ্ভিদ হিচাপে গণ্য কৰা হয়। ইয়াৰ পাতসমূহ জ্বৰ, চৰ্মৰোগ, আলচাৰ আৰু পেটৰ বিষৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ৰঙা ঢেকীয়া এবিধ দীঘলীয়াকৈ বগাই যোৱা লতাজাতীয় উদ্ভিদ।
-
ৰাইডাং বেত
ৰাইডাং বেত (Calamus rotang) ভাৰত, শ্ৰীলংকা আৰু ম্যানমাৰৰ থলুৱা এক বৃহৎ আকাৰৰ বেত জাতীয় উদ্ভিদ। ই এবিধ লতাজাতীয় উদ্ভিদ। ইয়াক আচবাব, খৰাহী, লাখুটি, ছাতিৰ নাল, মেজ, চকী আদি নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। দক্ষিণ-পূৱ এছিয়াত এই উদ্ভিদ প্ৰচুৰ পৰিমানে পোৱা যায়।
-
ৰাধাচূড়া
ৰাধাচূড়া, ফেবেচি (Fabaceae) পৰিয়ালৰ অন্তৰ্গত বৃক্ষৰ এবিধ প্ৰজাতি। যাক ইংৰাজীত জাভা কেচিয়া, পিংক শ্বাৱাৰ, আপেল ব্লচম ট্ৰী, ৰেইনবʼ শ্বাৱাৰ ট্ৰী আৰু পালাৱান চেৰী বুলিও কোৱা হয় ইয়াৰ উৎপত্তি দক্ষিণ-পূব এছিয়াত হৈছিল, কিন্তু ইয়াৰ ধুনীয়া ৰঙা আৰু গোলাপী ৰঙৰ ফুলৰ গোটৰ বাবে ইয়াক বিশ্বজুৰি…
-
ৰূপহী থেকেৰা
ৰূপহী থেকেৰা (বৈজ্ঞানিক নাম: Garcinia lanceifolia) এবিধ চিৰসেউজ ঔষধি উদ্ভিদ। এচিয়াৰ বিভিন্ন দেশ যেনে ভাৰত, বাংলাদেশ, ম্যানমাৰ আদিত ইয়াক থলুৱাভাৱে পোৱা যায়। উত্তৰ-পূব ভাৰতৰ বিভিন্ন থলুৱা জনগোষ্ঠীসমূহে বিভিন্ন ৰোগৰ ঔষধ হিচাপে ইয়াৰ ব্যৱহাৰ কৰে।
-
অছবেকিয়া জুবিনগাৰ্গিয়ানা
অছবেকিয়া জুবিনগাৰ্গিয়ানা হৈছে ভাৰতৰ অসম ৰাজ্যৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিৰ পৰিৱেশ তন্ত্ৰত আৱিষ্কাৰ হোৱা মেলাষ্টোমেটেচিয়া পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ।
-
অসম নেমু
অসম নেমু হৈছে কাজি নেমু আৰু গোল নেমুু নামৰ ভাৰতৰ অসমত পোৱা আৰু খেতি কৰা কৃষিজাত পাচলী। নেমু হৈছে অসমীয়া খাদ্যাভ্যাস অত্যাৱশ্যকীয় উপাদান। ইয়াক অসমীয়াত নেমু টেঙা বুলিও কোৱা হয়। অসম নেমুৰ বৈজ্ঞানিক নাম হৈছে ছাইট্ৰাছ লাইমন আৰু ছাইট্ৰাছ জাম্ভিৰি। অসম নেমুৰ পৰা শীতল পানীয় বা চৰবৎ প্ৰস্তুত কৰা হয়।
-
আহিনা
আহিনা (বৈজ্ঞানিক নাম: Leea umbraculifera; মিচিং: ৰাখিবায়িং আছিং; কছাৰী: পান্দুচা-বাফাং; খাচিয়া: দিয়েং-চং-উইয়া; কাৰ্বি: চপ্ লিপলি) ভিটেচি (Vitaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ আওকাঠী বনৰীয়া গছ।
-
ইনচুলিন গছ
ইনচুলিন গছ হৈছে ইংৰাজীত সাধাৰণতে ফিয়েৰি কষ্টাছ (fiery costus) বা স্পাইৰেল ফ্লেগ (spiral flag) নামেৰে জনাজাত কষ্টেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ ঔষধি উদ্ভিদ। ই পূৱ ব্ৰাজিলৰ এবিধ থলুৱা প্ৰজাতি। মধুমেহ ৰোগ উপশম কৰাৰ গুণ থকা বাবে ভাৰতত এই উদ্ভিদক ইনচুলিন প্লেণ্ট বুলি জনা যায়।
-
এচাৰ পালমেটাম
জাপানীজ মেপল (palmate maple) বা মসৃণ জাপানীজ মেপল বা এচাৰ পালমেটাম জাপান, কোৰিয়া, চীন, পূব মংগোলিয়া আৰু দক্ষিণ-পূব ৰাছিয়াৰ স্থানীয় উদ্ভিদৰ এক প্ৰজাতি। এই মেপলৰ বহুতো ভিন ভিন জাত নিৰ্বাচন কৰা হৈছে আৰু ইয়াৰ দৃষ্টিনন্দন ৰূপ, পাতৰ আকৃতি আৰু দৰ্শনীয় ৰঙৰ বাবে সমগ্ৰ বিশ্বতে ইয়াৰ খেতি কৰা হয়।
-
এমৰ্ফ’ফেলাছ নাপালেন্সিছ
এমৰ্ফ’ফেলাছ নাপালেন্সিছ হʼল এৰেচি (Araceae) পৰিয়ালৰ অন্তৰ্গত এবিধ উদ্ভিদ প্ৰজাতি। এই উদ্ভিদ প্ৰজাতিবিধ ভূটান, নেপাল আৰু ভাৰতৰ হিমালয় অঞ্চলত পোৱা যায়।
-
এমৰ্ফ’ফেলাছ বাল্বিফাৰ
এমৰ্ফ’ফেলাছ বাল্বিফাৰ হৈছে এক প্ৰকাৰৰ উপগ্ৰীষ্মমণ্ডলীয় কন্দযুক্ত তৃণজাতীয় উদ্ভিদৰ প্ৰজাতি। ইয়াক সাধাৰণতে চীন (দক্ষিণ-কেন্দ্ৰীয়), পূব হিমালয়, বাংলাদেশ, ভাৰত (অসম), ম্যানমাৰ আৰু নেপালত পোৱা যায়।
-
কাকৈ-চেৰা
কাকৈ-চেৰা (বৈজ্ঞানিক নাম:Memecylon cerasiforme; কাৰবি: নৰাকং; কছাৰী: পান্দাওজে) মেলাষ্টমেচি (Melastomacee) পৰিয়ালৰ অন্তৰ্ভুুক্ত অসমত দেখা পোৱা এবিধ সৰু আকাৰৰ বনৰীয়া গছ৷ ই ভাৰত (চিত্তাগং, উত্তৰ পূৱ ভাৰত), বাৰ্মা আৰু বাংলাদেশৰ থলুৱা উদ্ভিদ।
-
কাগজ ফুল
কাগজ ফুল (বৈজ্ঞানিক নাম: Bougainvillea glabra) বা পেপাৰফ্লাৱাৰ, হৈছে বনছাইৰ বাবে ব্যৱহৃত বৌগেইনভিলিয়াৰ আটাইতকৈ সাধাৰণ এটি প্ৰজাতি। বৈজ্ঞানিক নামত থকা 'গ্লেব্ৰা' উপনামটো এটি লেটিন শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে "তপা"।
-
কুকুৰা-ঠেঙীয়া গছ
কুকুৰা-ঠেঙীয়া গছ (বৈজ্ঞানিক নাম: Leea sambucina) এবিধ লেংলেঙীয়া বিধৰ জোপোহা গছ৷ উজনি অসমৰ চিৰসেউজীয়া বনভূমিবিলাকত এই গছ দেখিবলৈ পোৱা যায়৷
-
কেতকুৰা
কেতকুৰা (বৈজ্ঞানিক নাম: Vangueria spinosa বা Meyna spinosa) ৰুবিয়েচি (Rubiaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ জোপোহা গছ। ইয়াক সমগ্ৰ বিশ্বজুৰি প্ৰধানকৈ পূৱ এছিয়া - ভাৰত, নেপাল, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, কম্বডিয়া, লাওছ, ভিয়েটনামত পোৱা যায়।
-
কেতুৰি
কেতুৰি উদ্ভিদজগতৰ (জিঞ্জিবাৰাছী Zingiberaceae) পৰিয়ালৰ কাৰকামা (Curcuma) জাতিৰ অন্তৰ্গতঃ ৮০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ মাজৰ এবিধ। কেতুৰিৰ বৈজ্ঞানিক নাম কাৰকামা আংগাষ্টিফোলিয়া (Curcuma angustifolia)।
-
কোটাহি জামু
কোটাহি জামু (বৈজ্ঞানিক নাম: Syzygium nervosum; অসমীয়া অন্য নাম: ঝাৰুৱা, গোদাজাম; কাৰ্বি: চুমুক্ আৰং) এবিধ মজলীয়া আকাৰৰ চিৰহৰিৎ গছ৷ এই গছ প্ৰায় দহ মিটাৰ পৰ্য্যন্ত ওখ হ’ব পাৰে৷ ইয়াৰ বাকলিৰ বৰণ মটীয়া বা মদৰুৱা আৰু পাত ডাঠ সেউজীয়া৷
-
খাগৰি
খাগৰি (বৈজ্ঞানিক নাম: Miscanthus fuscus) নদীকাষৰীয়া অঞ্চলত দেখা পোৱা এবিধ ওখ ঘাঁহজাতীয় উদ্ভিদ। ইকৰা, নল আদিৰ দৰে এইবিধ ঘাঁহ জোপোহাকৈ উৎপত্তি হয় আৰু ভালেখিনি ঠাই আগুৰি থাকে।
-
গন্ধকচু
গন্ধকচু অসমত পোৱা এবিধ সুগন্ধি উদ্ভিদ৷ ইয়াৰ বৈজ্ঞানিক নাম: Homalomena aromatica. ই কচু গোত্ৰৰ এটা প্ৰজাতি৷ এই প্ৰজাতিটো এৰেচী (Araceae) নামৰ পৰিয়ালৰ অন্তৰ্গত৷ অতি উচ্চ মানৰ সুগন্ধৰ বাবে এই কচুক সুগন্ধি কচু বোলা হয়৷ এই প্ৰজাতিৰ অন্য এটা বাণিজ্যিক নাম হ’ল সুগন্ধমন্ত্ৰী৷
-
ঘাম্বৰু
ঘাম্বৰু বা ঘিমৰু এবিধ লতাজাতীয় একবৰ্ষী সপুষ্কক উদ্ভিদ। ইয়াৰ ফল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক ঘিমৰুল বা ঘামৰুল নামেৰেও জনা যায়।
-
চেঁচোৰ
চেঁচোৰ (Water chestnut) এবিধ জলজ উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Eleocharis dulcis। ই হৈছে বৰ্গ Poales অন্তৰ্ভুক্ত ধাননি পথাৰ বা তেনে কোনো দ চানেকীয়া ঠাইত দেখা পোৱা এবিধ বন৷ ইয়াৰ শিপাত ওলোৱা আলুৰ নাম অনুসৰিয়ে বনবিধকো চেঁচোৰ বুলি কোৱা হয়
-
চেল্ভিয়া মিচেলা
চেল্ভিয়া মিচেলা, এবিধ একবৰ্ষী তৃণজাতীয় উদ্ভিদ, যাক ইংৰাজীত সাধাৰণতে ট্ৰপিকেল ছেইজ (Tropical sage) বুলি জনা যায়। ই সমগ্ৰ ক্ৰান্তীয় আমেৰিকাত গজে আৰু প্ৰায়ে সাগৰ পৃষ্ঠৰপৰা ২,২০০ মিটাৰ (৭,২০০ ফুট) উচ্চতালৈকে থকা অৰ্ধ-শুষ্ক অঞ্চলৰ জোপোহা জংঘল বা বিঘ্নিত ভূমিত পোৱা যায়।