অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

যম লাখুটি

যম লাখুটি (বৈজ্ঞানিক নাম:Cheilocostus speciosus) জিঞ্জিবাৰেচি (Zingiberaceae)পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। এই গছ সাধাৰণতে দ-চানেকীয়া ঠাইত উৎপত্তি হয়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

যম লাখুটি ''(বৈজ্ঞানিক নাম:Cheilocostus speciosus) জিঞ্জিবাৰেচি (Zingiberaceae)পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। এই গছ সাধাৰণতে দ-চানেকীয়া ঠাইত উৎপত্তি হয়।

বিস্তৃতি

যম লাখুটি দক্ষিণ-পূব এছিয়াৰ থলুৱা উদ্ভিদ। এই উদ্ভিদ ভাৰত, চীনৰ পৰা অষ্ট্ৰেলিয়ালৈকে প্ৰাকৃতিকভাৱে উৎপন্ন হয়। তদুপৰি ইণ্ডোনেছিয়া, মৰিছাছ, ফিজি, হাৱাই, কষ্টা ৰিকাম বেলিজ, মাইক্ৰ’নেছিয়া আদিতো এই গছ উৎপন্ন হয়। বহু ঠাইত এই গছৰ খেতিও কৰা দেখা যায়।১২

বিৱৰণ

যম লাখুটিৰ মাটিৰ তলত থকা শিপাৰ উপৰিভাগত আদা বা হালধিৰ দৰে টেপুৰ উৎপত্তি হয়। গা-গছজোপা এডলীয়া হয় আৰু একেটা মুঢ়াৰ পৰা কেবাজোপা গছৰ উৎপত্তি হয়। গা-গছডাল মঙহাল হয় আৰু ইয়াৰ উপৰিভাগত পাতল চানেকীয়া গাঠিবিলাকে বিকাশ লাভ কৰি থাকে। পাতল ঠাৰিৰ গুৰিত উৎপত্তি হোৱা বৌখাবোৰ সৰি পৰিললেে গাঁঠিৰ উৎপত্তি হয়।৩

যম লাখুটিৰ পাতৰ আকৃতি অলপ দীঘল চানেকীয়া হয়। গুৰিৰ ফালে বহল আৰু আগৰ ফালে ক্ৰমে সৰু হৈ পাতবোৰে এক প্ৰকাৰৰ দীঘলীয়া ডিম্বাকৃতি ৰূপ প্ৰদৰ্শন কৰে। পাতৰ বৰণ গভীৰ সেউজীয়া হয় আৰু ইয়াৰ উপৰিভাগে মিহি আকৃতি ধাৰণ কৰে।৩

যমলাখুটিৰ ফুল সাধাৰণতে বাৰিষাৰ পিছত অক্টোবৰৰ পৰা ডিচেম্বৰ মাহত ফুলে। এই ফুলৰ বৰণ বগা হয়।

ব্যৱহাৰ

ঐতিহাসিকভাৱে যম লাখুটিৰ বিভিন্ন অংশ আয়ুৰ্বেদত ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ শিপাৰ আলু জ্বৰ, এজমা, ব্ৰংকাইটিছ আৰু পেলু আদিৰ প্ৰতিকাৰৰ বাবে ব্যৱহাৰ হয়। মিজো জনজাতীয় লোকসকলে বৃক্ক আৰু মূত্ৰাশয়ৰ ৰোগ নিৰাময়ৰ বাবে যম লাখুটি ব্যৱহাৰ কৰে।৪

কামসূত্ৰতো প্ৰসাধনৰ সামগ্ৰী হিচাপে যম লাখুটিৰ উল্লেখ আছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kew World Checklist of Selected Plant Families, Hellenia speciosa
  2. ↑ Pacific Island Invasive Species
  3. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  4. ↑ Samy, Joseph. Herbs of Malaysia. Times Editions. পৃ. 85. ISBN 9833001793

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঔষধি উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যম লাখুটি” প্ৰবন্ধৰ সংশোধন ৫৪০৯৫১ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।