অসমৰ মহাবিদ্যালয়সমূহ
১২৭ প্ৰবন্ধ
-
জ্ঞান বিজ্ঞান একাডেমী
জ্ঞান বিজ্ঞান একাডেমী (Gyan Vigyan Academy) অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয়। এইখন মহাবিদ্যালয় ২০০৭ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খন জ্ঞান বিজ্ঞান একাডেমী 'চাইটিয়ে পৰিচালনা কৰে। উক্ত চ'চাইটিখন চ'চাইটি আইন ১৮৮০ৰ অন্তৰ্ভুক্ত।
-
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত নদুৱাৰৰ জামুগুৰিহাট অঞ্চলৰ এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৬৩ চনত এই মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা কৰা হয়। ত্যাগবীৰ হেম বৰুৱাৰ নামেৰে মহাবিদ্যালয় খনৰ নাম ৰখা হয়। তেওঁ অসমৰ এজন স্বাধীনতা আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকৰি, সমাজকৰ্মী তথা লেখক।
-
শালবাৰী মহাবিদ্যালয়
শালবাৰী মহাবিদ্যালয় (English: Salbari College) এখন প্ৰাদেশিক মহাবিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ইয়াত স্নাতক(কলা), স্নাতক (বিজ্ঞান) আৰু স্নাতকোত্তৰ (দূৰ শিক্ষা) পাঠ্যক্ৰম প্ৰদান কৰা হয়।
-
সোণাৰি মহাবিদ্যালয়
সোনাৰি মহাবিদ্যালয় এখন সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। ১৯৭০ চনত স্থাপিত মহাবিদ্যালয়খন অসমৰ চৰাইদেউ জিলাৰ সোনাৰিত অৱস্থিত।
-
অভয়াপুৰী মহাবিদ্যালয়
অভয়াপুৰী মহাবিদ্যালয় (Abhayapuri College) হৈছে অভয়াপুৰী চহৰত অৱস্থিত নামনি অসমৰ আটাইতকৈ পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন। মহাবিদ্যালয়খন ১৯৫৫ চনৰ ১৩ আগষ্টত প্ৰতিষ্ঠা কৰা হৈছিল।
-
আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Regional Dental College, Guwahati) অসমৰ গুৱাহাটীত অৱস্থিত এখন চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ই উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন দন্ত চিকিৎসাৰ মহাবিদ্যালয়। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় ১৯৮২ চনত প্ৰতিষ্ঠা কৰা হয়।
-
গেটৱে একাডেমী জুনিয়ৰ কলেজ, বাইহাটা চাৰিআলি
গে'টৱে একাডেমী জুনিয়ৰ কলেজ বা গে'টৱে একাডেমী কনিষ্ঠ মহাবিদ্যালয় (Gateway Academy Junior College) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন উচ্চতৰ-মাধ্যমিক শ্ৰেণীৰ কলেজ।
-
চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়
চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় অসম সুকুমাৰ কলা বিষয়ক শিক্ষা প্ৰদান কৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী মহাবিদ্যালয়। মহাবিদ্যালয়খনে পাঁচ বছৰীয়া কলাৰ সংযুক্ত পাঠ্যক্ৰমৰ সমাপ্ত কৰি ‘বেচ্চেলৰ অৱ ফাইন আৰ্টচ’ ডিগ্ৰী প্ৰদান কৰে।
-
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে।
-
ডিব্ৰু মহাবিদ্যালয়
ডিব্ৰু মহাবিদ্যালয় ১৯৬৩ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত স্থাপন কৰা হৈছিল। কলা, বিজ্ঞান আৰু বাণিজ্যি শাখাত স্নাতক মহলাৰ পাঠ্যক্ৰম আগবঢ়োৱা ডিব্ৰু মহাবিদ্যালয় অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এখন উল্লেখযোগ্য মহাবিদ্যালয়।
-
ঢকুৱাখনা মহাবিদ্যালয়
ঢকুৱাখনা মহাবিদ্যালয় (Dhakuakhana College)১৯৬৬ চনত সেইসময়ৰ ঢকুৱাখনাৰ উচ্চশিক্ষানুৰাগী ৰাইজৰ সহযোগত ৰাইজৰ অনুদানৰ যোগেদি ঢকুৱাখনা চহৰৰ পৰা প্ৰায় ২ কিমি দূৰত্বত, নৱকাঠৰবাৰী গাঁৱত স্থাপিত হৈছিল। মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু ইউজিচিৰ অধ্যায় ২(এফ) আৰু ১২(বি) দ্বাৰা অনুমোদিত।
-
দক্ষিণ কামৰূপ মহাবিদ্যালয়
দক্ষিণ কামৰূপ মহাবিদ্যালয় (ইংৰাজী: Dakshin Kamrup College) হ'ল কামৰূপ জিলাৰ অন্তৰ্গত মিৰ্জাৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।
-
দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক)
দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক) (Dakshin Bijni College,Senior secondary) এখন উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰতিষ্ঠান। শিক্ষানুষ্ঠানখণ অসমৰ বাক্সা জিলাৰ আনন্দবজাৰ নামৰ ঠাইখন অৱস্থিত। ১৯৯১ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে সংযুক্ত হৈ আছে।
-
দিশপুৰ মহাবিদ্যালয়
দিশপুৰ মহাবিদ্যালয় গুৱাহাটীৰ গণেশগুৰিত অৱস্থিত এক মহাবিদ্যালয় ৷ এইখন মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত ৷
-
দুলীয়াজান মহাবিদ্যালয়
দুলীয়াজান মহাবিদ্যালয় (Duliajan College), ১৯৬৯ চনত স্থাপন কৰা অসমৰ দুলীয়াজানত অৱস্থিত এখন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
নগাঁও ছোৱালী কলেজ
নগাঁও ছোৱালী কলেজ (Nowgong Girls' College) হৈছে ১৯৬২ চনত স্থাপিত অসমৰ নগাঁৱত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
নৰ্থ বেংক মহাবিদ্যালয়
উত্তৰপৰীয়া মহাবিদ্যালয় বা নৰ্থ বেংক কলেজ হৈছে লখিমপুৰ জিলাৰ ভিতৰৰ দ্বিতীয়খন মহাবিদ্যালয় আৰু মহকুমাটোৰ ভিতৰত প্ৰথমখন। মহাবিদ্যালয়খন ঘিলামৰা অঞ্চলৰ মাজ মজিয়াত অৱস্থিত।
-
ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়
ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় (Bhawanipur Anchalik College) বজালী জিলাৰ আগশাৰীৰ উচ্চশিক্ষা অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম। মহাবিদ্যালয়খন ১৯৮২ চনত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়
ভৱানীপূৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয় (Bhawanipur Hastinapur Bijni College) বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুপেটাত অৱস্থিত এখন অন্যতম মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৭১ চনত স্থাপন কৰা হয়। মহাবিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয়ৰদ্বাৰা ডিগ্ৰী প্ৰদান কৰা হয়।
-
মাজুলী মহাবিদ্যালয়
মাজুলী মহাবিদ্যালয় (Majuli College) হৈছে নদীদ্বীপ মাজুলীৰ কমলাবাৰীত অৱস্থিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৬২ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ থকাৰ লগতে ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ (চমুকৈ UGC) দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।
-
যোৰহাট আইন মহাবিদ্যালয়
যোৰহাট আইন মহাবিদ্যালয় (Jorhat Law College) অসমৰ যোৰহাটত অৱস্থিত এখন চৰকাৰী আইন মহাবিদ্যালয়। মহাবিদ্যালয়খনে ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীনত ৩ বছৰীয়া আইন পাঠ্যক্ৰম, ৫ বছৰীয়া সমদ্বিত কলা আৰু আইনৰ স্নাতক ডিগ্ৰী আৰু আইনৰ স্নাতকোত্তৰ ডিগ্ৰী (LLM) প্ৰদান কৰে।
-
ৰঙাপৰা মহাবিদ্যালয়
ৰঙাপৰা মহাবিদ্যালয় (স্বায়ত্তশাসিত) (ইংৰাজী: Rangapara College [Autonomous]) বিজ্ঞান, বাণিজ্য. কলা আৰু শিক্ষক শিক্ষণ শাখাত শিক্ষা গ্ৰহণৰ সুবিধা থকা অসমৰ এখন স্বায়ত্তশাসিত চৰকাৰী উচ্চ শিক্ষানুষ্ঠান।
-
ৰঙিয়া মহাবিদ্যালয়
ৰঙিয়া মহাবিদ্যালয় (Rangia College) হৈছে অসমৰ কামৰূপ জিলাৰ ৰঙিয়া চহৰত অৱস্থিত; ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ৰহা মহাবিদ্যালয়
ৰহা মহাবিদ্যালয় অসমৰ নগাঁও জিলাৰ ৰহাত অৱস্থিত এখন মহাবিদ্যালয়। মহাবিদ্যালয়খন প্ৰতিষ্ঠা হয় ১৯৬৪ চনত। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থায়ী সংযোগপ্ৰাপ্ত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) ২(এফ) আৰু ১২(বি) ধাৰাৰ অধীনত স্বীকৃত।
-
অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়
অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় অসমৰ পশু চিকিৎসা বিভাগৰ আগশাৰীৰ শিক্ষানুষ্ঠান। খানাপাৰাত অৱস্থিত মহাবিদ্যালয়খনৰ স্থাপনাকাল ১৯৪৮ চন। অসমৰ পশু চিকিৎসা আৰু পশু পালনৰ ক্ষেত্ৰত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে মূখ্য ভূমিকা লৈ আহিছে৷ পশুপালনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ক্ষেত্ৰত এই…
-
অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান
অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজ্য চৰকাৰৰ বাণিজ্য প্ৰতিষ্ঠান। উত্তৰ-পূৰ্বাঞ্চলত বৃত্তিগত ব্যৱস্থাপনা শিক্ষাৰ উৎকৰ্ষ সাধন কৰাৰ উদ্দেশ্যে ১৯৮৮ চনত অসম চৰকাৰে এই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। বৰ্তমান ইয়াৰ প্ৰশাসনিক কাম কাজ অসম ছচাইটিয়ে পৰিচালনা কৰে।
-
কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয়
কে চি দাস কমাৰ্চ কলেজ (ইংৰাজী: K.C. Das Commerce College)কামৰূপ (মহানগৰ) জিলাৰ এখন অন্যতম পুৰণি মহাবিদ্যালয়। গুৱাহাটী মহানগৰীৰ আঠগাওঁ অঞ্চলৰ ছাত্ৰীবাৰীত বাণিজ্য মহাবিদ্যালয়খন অৱস্থিত।
-
গোগামুখ মহাবিদ্যালয়
ধেমাজি জিলাৰ গোগামুখ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয় স্থাপিত হয় ১৯৮১ চনত। ই গোগামুখ চহৰৰ পৰা দক্ষিণে, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোগামুখ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত অৱস্থিত।
-
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় ২০১৯ চনত অসমৰ গোলাঘাট জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১২ চনৰ ৩১ মাৰ্চ তাৰিখে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে প্ৰস্তাৱিত এই মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰিছিল।
-
গোৰেশ্বৰ মহাবিদ্যালয়
গোৰেশ্বৰ মহাবিদ্যালয় (Goreswar College) অসমৰ বাক্সা জিলাৰ গোৰেশ্বৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৭৪ চনৰ ২৯ আগষ্ট তাৰিখে এটি আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সংগঠন 'বেতনা কৃষি উন্নয়ন সংঘ'ৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।