অসমৰ মহাবিদ্যালয়সমূহ
১২৭ প্ৰবন্ধ
-
ওদালগুৰি মহাবিদ্যালয়
ওদালগুৰি মহাবিদ্যালয় (Udalguri College) হৈছে ১৯৭৯ চনত স্থাপিত অসমৰ ওদালগুৰিত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে বিজ্ঞান আৰু কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
-
কন্যা মহাবিদ্যালয়
কন্যা মহাবিদ্যালয় (Kanya Mahavidyalaya) হৈছে ১৯৭৭ চনত স্থাপিত অসমৰ গুৱাহাটীত অৱস্থিত এখন মহিলাৰ উচ্চশিক্ষাৰ শিক্ষা প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
-
গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয়
গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয় (Guwahati College of Architecture) অসমৰ গুৱাহাটীত অৱস্থিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থাপত্যবিদ্যাৰ শিক্ষাৰ বাবে ২০০৬ চনত এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
-
চিলাপথাৰ টাউন মহাবিদ্যালয়
চিলাপথাৰ টাউন মহাবিদ্যালয় এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৯৩ চনত স্থাপিত কৰা হৈছে। এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ আছে। মহাবিদ্যালয়খন অসমত ধেমাজী জিলাৰ চিলাপথাৰত অৱস্থিত।
-
চিলাপথাৰ মহাবিদ্যালয়
চিলাপথাৰ মহাবিদ্যালয় এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। ১৯৭৯ চনত স্থাপিত মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ আছে। মহাবিদ্যালয়খন অসমত ধেমাজী জিলাৰ চিলাপথাৰত অৱস্থিত।
-
জাগীৰোড মহাবিদ্যালয়
জাগীৰোড মহাবিদ্যালয় (Jagiroad College) অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডত অৱস্থিত এখন স্নাতক শিক্ষাৰ মহাবিদ্যালয়। ১৯৭৯ চনৰ ৮ আগষ্টত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। বিজ্ঞান,কলা আৰু বাণিজ্য শাখাৰ বিভিন্ন পাঠ্যক্ৰম প্ৰদান কৰা মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
জেংৰাইমুখ মহাবিদ্যালয়
জেংৰাইমুখ মহাবিদ্যালয় (Jengraimukh College) কলা আৰু বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এই মহাবিদ্যালয়খন বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলীত অৱস্থিত।
-
জ্ঞানপীঠ স্নাতক মহাবিদ্যালয়, বাক্সা
জ্ঞানপীঠ স্নাতক মহাবিদ্যালয় অসমৰ বাক্সা জিলাৰ নিকাচিত অৱস্থিত এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। ১৯৯৩ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বৰ্তমান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন হৈ আছে।
-
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয় অসমৰ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অৱস্থিত এখনি বাণিজ্য মহাবিদ্যালয়। ১৯৬০ চনত স্থাপিত হোৱা এইখন মহাবিদ্যালয় উত্তৰ-পূব ভাৰতৰ প্ৰথমখন পূৰ্ণাংগ বাণিজ্য মহাবিদ্যালয়।
-
দুধনৈ মহাবিদ্যালয়
দুধনৈ মহাবিদ্যালয় (Dudhnoi College) হৈছে ১৯৭২ চনত স্থাপিত অসমৰ গোৱালপাৰা জিলাৰ দুধনৈত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ধুবুৰী ছোৱালী মহাবিদ্যালয়
ধুবুৰী ছোৱালী মহাবিদ্যালয় (Dhubri Girls' College) ১৯৮৩ চনত স্থাপিত অসমৰ ধুবুৰীত অৱস্থিত এখন সাধাৰণ ডিগ্ৰীৰ মহিলা শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷ এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
-
নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়
নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয় (Nagaon GNDG Commerce College) হৈছে নগাঁও জিলাৰ এখন বাণিজ্যিক মহাবিদ্যালয়। ই গৌহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ। ১৯৬৯ চনত স্থাপিত এই মহাবিদ্যালয়খনে বাণিজ্য আৰু ব্যৱসায় প্ৰশাসনৰ ক্ষেত্ৰত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়।
-
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় (Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya) অসমৰ গোৱালপাৰা জিলাৰ আমজোঙ্গাত অৱস্থিত এখন বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
পশ্চিম গুৱাহাটী মহাবিদ্যালয়
পশ্চিম গুৱাহাটী মহাবিদ্যালয় (Paschim Guwahati Mahavidyalaya) খন অসমৰ গুৱাহাটীৰ ধাৰাপুৰ চাৰিআলিত অৱস্থিত এক মুখ্য স্নাতক, সহশিক্ষামূলক মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৯৭৮ চনত স্থাপিত হয়, যাক পিজিএম বুলিও কোৱা হয়, মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
বগাধৰ ব্ৰহ্ম কিষাণ মহাবিদ্যালয়, জালাহ
বগাধৰ ব্ৰহ্ম কিষাণ মহাবিদ্যালয় চমুকৈ বি.বি. কিষাণ মহাবিদ্যালয়। মহাবিদ্যালয়খন অসমৰ ২০০৩ চনত গঠিত বি.টি.এ.ডি. অন্তৰ্গত বাক্সা জিলাৰ জলাহঘাটত অৱস্থিত। ১৯৭৮ চনত ভাৰত -ভূটান সীমান্তৰ ওচৰৰ বাক্সা জিলাৰ উত্তৰ-পূব কোণত আৰু জনবসতি থকা জালাহ ব্লক অঞ্চলৰ শিক্ষা আগ্ৰহী ল'ৰা-ছোৱালীক উচ্চ শিক্ষা প্ৰদানৰ বাবে…
-
বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়
বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয় (ইংৰাজী: Baosi Banikanta Kakati College) বা চমুকৈ বি.বি.কে. কলেজ বৰপেটা জিলাৰ নগাঁওস্থিত এখন মহাবিদ্যালয়। ই অসমৰ আগশাৰীৰ মহাবিদ্যালয়সমূহৰ ভিতৰত উল্লেখযোগ্য। ইং ১৯৭১ চনত প্ৰতিষ্ঠিত মহাবিদ্যালয়খনে শৈক্ষিক দিশত বহুতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
-
বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰী
বাপুজী মহাবিদ্যালয় (Bapujee College) হৈছে ১৯৭০ চনত স্থাপিত অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীত অৱস্থিত উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাৰ এখন শিক্ষানুষ্ঠান৷ এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷
-
বাসুগাঁও মহাবিদ্যালয়
বাসুগাঁও মহাবিদ্যালয় অসমৰ চিৰাং জিলাৰ বাসুগাঁওস্থিত এখন উচ্চ শিক্ষানুষ্ঠান। সমাজখনক এক মূল্যৱান শিক্ষা প্ৰদানৰ লক্ষ্যৰে ১৯৮৬ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। অসম ৰাজ্য চৰকাৰে মহাবিদ্যালয়খনক বিজ্ঞানৰ ধাৰা অনুদান দিয়ে আৰু ২০২৩ চনৰপৰা নতুন শিক্ষা বৰ্ষ আৰম্ভ হয়।
-
বিকালী মহাবিদ্যালয়
বিকালী মহাবিদ্যালয় (Bikali College) নামনি অসমৰ গোৱালপাৰা জিলাৰ পূবে ধূপধৰা অঞ্চলত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৮২ চনৰ ১৪ এপ্ৰিল তাৰিখে এটি আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সংগঠন 'বিকালী মৌজা উন্নয়ন সমিতি'ৰ অধীনত ৫২খন গাঁৱৰ জনসাধাৰণৰ দ্বাৰা প্ৰতিষ্ঠিত।
-
বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ
বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ (Science College, Kokrajhar) হৈছে ১৯৯৫ চনত স্থাপিত অসমৰ কোকৰাঝাৰত অৱস্থিত এখন সাধাৰণ বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান৷ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷
-
বেংতল মহাবিদ্যালয়
বেংতল মহাবিদ্যালয় অসমৰ চিৰাং জিলাৰ বেংতলত অৱস্থিত এখন উচ্চ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত পাঠদান প্ৰদান কৰে।
-
ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয়
ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয় (Brahmaputra Degree College) অসমৰ লখিমপুৰ জিলাৰ,বকুলগুৰি নামৰ ঠাইত অৱস্থিত। এইখন এখন সাধাৰণ ডিগ্ৰী কলেজ। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে।
-
বৰনগৰ মহাবিদ্যালয়
বৰনগৰ মহাবিদ্যালয় বা চমুকৈ বি এন কলেজ অসমৰ বৰপেটা জিলাৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ অন্যতম। এই মহাবিদ্যালয়খন গৌহাটী বিশ্ববিদ্যালয়ৰ অধিভুক্ত। বৰনগৰ মহাবিদ্যালয়ক NAAC-ৰ B গ্ৰেড প্ৰদান কৰা হৈছে। ২০২৩ বৰ্ষত NAAC B++ গ্ৰেড লাভ কৰে।
-
বৰপেটা ৰোড হাউলী মহাবিদ্যালয়
বৰপেটা ৰোড হাউলী মহাবিদ্যালয় চমুকৈ বি.এইচ. কলেজ অসমৰ বৰপেটা জিলাৰ হাউলী নগৰৰ নিচেই কাষত ১৯৬৬ চনত স্থাপিত এখন স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।
-
মানকাচৰ মহাবিদ্যালয়
মানকাচৰ মহাবিদ্যালয় (Mankachar College) অসমৰ মানকাচৰ চহৰৰ পৰা এক কিঃমিঃ দূৰত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত জেহিৰুল ইছলামৰ লগতে মানকাচৰ অঞ্চলৰ কিছু উদ্যমী লোকৰ প্ৰচেষ্টাত এই মহাবিদ্যালয়খন ১৯৭১ চনত প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল মিহিৰ দেৱ।
-
লক্ষীমপুৰ বালিকা মহাবিদ্যালয়
লক্ষীমপুৰ বালিকা মহাবিদ্যালয় (Lakhimpur Girls' College) লক্ষীমপুৰ বালিকা মহাবিদ্যালয় ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন মহাবিদ্যালয়।
-
লঙ্কা মহাবিদ্যালয়
লঙ্কা মহাবিদ্যালয় (Lanka Mahavidyalaya) হৈছে ১৯৭৯ চনত স্থাপিত অসমৰ হোজাই জিলাৰ লঙ্কাত অৱস্থিত এখন সাধাৰণ স্নাতক মহলাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়
ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় (Lalit Chandra Bharali College) হৈছে ১৯৭১ চনত স্থাপিত অসমৰ গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত এখন সাধাৰণ স্নাতকৰ সহ-শিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
শদিয়া মহাবিদ্যালয়
শদিয়া মহাবিদ্যালয় অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াত অৱস্থিত এখন সাধাৰণ মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৯৮২ চনত স্থাপন কৰা হৈছে। এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পাঠদান কৰে।
-
শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা
শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা (College of Teacher Education, Dhakuakhana) ১৯৯৮ চনত ঢকুৱাখনা নগৰৰ পৰা মাত্ৰ ২ কিলোমিটাৰ নিলগত ঢকুৱাখনা ঘিলামৰা সংযোগী পথৰ কাষৰ কুঁৱাবাৰী দলনিৰ পক্ষী উদ্যানখনিৰ কাষতে স্থাপিত হৈছিল মহাবিদ্যালয়খন। মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ড॰ প্ৰদীপ চন্দ্ৰ বৰা।