অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জ্ঞান বিজ্ঞান একাডেমী

জ্ঞান বিজ্ঞান একাডেমী (Gyan Vigyan Academy) অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয়। এইখন মহাবিদ্যালয় ২০০৭ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খন জ্ঞান বিজ্ঞান একাডেমী 'চাইটিয়ে পৰিচালনা কৰে। উক্ত চ'চাইটিখন চ'চাইটি আইন ১৮৮০ৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ২৭ এপ্ৰিল ২০২৪ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জ্ঞান বিজ্ঞান একাডেমী (Gyan Vigyan Academy) অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ভিতৰতে আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয়। এইখন মহাবিদ্যালয় ২০০৭ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খন জ্ঞান বিজ্ঞান একাডেমী 'চাইটিয়ে পৰিচালনা কৰে। উক্ত চ'চাইটিখন চ'চাইটি আইন ১৮৮০ৰ অন্তৰ্ভুক্ত। বিদ্যালয়খনৰ পৰিচালক হৈছে অনুজ কুমাৰ বৰপুজাৰী আৰু বৰ্তমানৰ অধ্যক্ষ হৈছে ৰাজীৱ চাহু। বিদ্যালয়খন ব্যক্তিগত খণ্ডৰ অন্তৰ্গত।১

অৱস্থান আৰু চৌহদ

ডিব্ৰুগড় চহৰৰ মাজ মজিয়াৰ বৈৰাগীমঠত অৱস্থিত। বিদ্যালয়খনৰ সন্মুখতে আছে ঐতিহাসিক কনভয় ৰ'ড। জ্ঞান বিজ্ঞান ডিব্ৰুগড় ৰেল ষ্টেচনৰ নিচেই কাষত অৱস্থিত।

সকলো সা-সুবিধাৰে ভৰা জ্ঞান বিজ্ঞানত আধুনিক পৰীক্ষাগাৰ আৰু পুথিভৰাঁল আছে। তদুপৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা, যেনে: JEE (Mains আৰু Advance), AIIMS, NIFT, CLAT, Assam CEE ইত্যাদি আৰু বিভিন্ন উচ্চশিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে ইয়াৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ আৰু কেৰিয়াৰ গাইডেন্স দিয়া হয়।

শিক্ষা

জ্ঞান বিজ্ঞান একাডেমীয়ে বিজ্ঞান, বাণিজ্য আৰু কলা - এই তিনিটা বিভাগৰে উচ্চতৰ মাধ্যমিকৰ পাঠদান কৰা হয়। ই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত।

তথ্যসূত্ৰ

  1. ↑ Gyan Vigyan Academy

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহডিব্ৰুগড় জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্ঞান বিজ্ঞান একাডেমী” প্ৰবন্ধৰ সংশোধন ৪১৯৭৮১ (২৭ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।