অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান

অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজ্য চৰকাৰৰ বাণিজ্য প্ৰতিষ্ঠান। উত্তৰ-পূৰ্বাঞ্চলত বৃত্তিগত ব্যৱস্থাপনা শিক্ষাৰ উৎকৰ্ষ সাধন কৰাৰ উদ্দেশ্যে ১৯৮৮ চনত অসম চৰকাৰে এই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। বৰ্তমান ইয়াৰ প্ৰশাসনিক কাম কাজ অসম ছচাইটিয়ে পৰিচালনা কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান১ অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজ্য চৰকাৰৰ বাণিজ্য প্ৰতিষ্ঠান। উত্তৰ-পূৰ্বাঞ্চলত বৃত্তিগত ব্যৱস্থাপনা শিক্ষাৰ উৎকৰ্ষ সাধন কৰাৰ উদ্দেশ্যে ১৯৮৮ চনত অসম চৰকাৰে এই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। বৰ্তমান ইয়াৰ প্ৰশাসনিক কাম কাজ অসম ছচাইটিয়ে পৰিচালনা কৰে। অসম চৰকাৰৰ মুখ্য সচিব এই প্ৰতিষ্ঠানৰ প্ৰধান।

ইতিহাস

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বিশেষ অনুৰোধত সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদে এই প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমত অনুমোদন জনায়। প্ৰয়োজনীয় আন্তঃগাথঁনিৰ অভাৱৰ স্বত্তেও এক সুস্থ শৈক্ষিক পৰিৱেশ থকাৰ বাবেই এই প্ৰতিষ্ঠানে সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ পৰা অনুমতি লাভ কৰিছিল। ২০৫ চনৰ জানুৱাৰী মাহত অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান ইয়াৰ স্থায়ী চৌহদতলৈ স্থানান্তৰ কৰা হয়। স্থানান্তৰৰ পিছত এই প্ৰতিষ্ঠানৰ আন্তঃগাথঁনিৰ অভাৱ বহু পৰিমানে কমিছে।

শিক্ষা

১৯৯৪ চনৰ পৰা প্ৰতিষ্ঠানখনে ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লোমা (PGDM) পাঠ্যক্ৰম আগবঢ়াই আহিছে। লগতে ই বিভিন্ন কাৰ্যসূচীৰ প্ৰশিক্ষণ, প্ৰকল্প গৱেষণা আৰু প্ৰকল্পৰ বাবে আৰোপিত কামৰ পৰামৰ্শ আৰু খতিয়ান দাঙি ধৰে। ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম ত্ৰি-ষাণ্মাসিক সজ্জাৰ। প্ৰশাসনিক সমিতিৰ পৰামৰ্শ মতে ২০০৮ চনত ইয়াৰ ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম দুজন বিখ্যাত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান,কলিকতাৰ অধ্যাপকৰ দ্বাৰা পুনৰীক্ষণ কৰোৱা হৈছিল। লগতে প্ৰতি বছৰে ইয়াৰ শৈক্ষিক পৰিষদে বাৰ্ষিক সভাত এই পাঠ্যক্ৰমৰ পুনৰীক্ষণ কৰে।

ইয়াত মৌলিক ব্যক্তব্য আগবঢ়াবলৈ দেশ-বিদেশৰ বহু খ্যাতি সম্পন্ন ব্যক্তিক আমন্ত্ৰণ জনোৱা হয়। যেনে ছাচছেক্স বিশ্ববিদ্যালয়ৰ ডঃ স্কাৰলেট এপষ্টেইন, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান,কলিকতাৰ ডঃ সুবীৰ চৌধাৰী, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বৰ গভৰ্ণৰ অধ্যাপক চি. ৰংগৰাজন ইত্যাদিয়ে ইয়াত ভাষণ প্ৰদান কৰিছে। ১

এইম কুৱেষ্ট (AIM Quest)

এইম কুৱেষ্ট ২ অসম ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ বাৰ্ষিক বাণিজ্য উৎসৱ। বিভিন্ন সামাজিক উপাদানৰ মাজেৰে সামাজিক দায়বদ্ধতা আৰু সামাজিক ভাৱে অৰ্থপূৰ্ণ সৃষ্টিশীল কাৰ্য সম্পাদনৰ যোগেদি সমাজৰ অৰ্থ-সামাজিক ভেটি সুদৃঢ় কৰা তথা এক সুস্থ বাণিজ্যৰ বাতাবৰণ সৃষ্টি কৰা এই উৎসৱৰ মূল উদ্দেশ্য।

ইয়াৰ বিভিন্ন কাৰ্যসূচী সমূহ হল:

  • যোজনা - বাণিজ্য পৰিকল্পনা প্ৰতিযোগিতা
  • কুইজিকেলচ - কুইজ প্ৰতিযোগিতা
  • ৰণভূমি – বাণিজ্য তৰ্ক প্ৰতিযোগিতা
  • এড জাপ – বিজ্ঞাপন প্ৰতিযোগিতা

তথ্যসূত্ৰ

  1. ↑ Reporter, Staff. (January 21, 2012). Look East Policy fails to bring investment to NE. The Assam Tribune
  2. ↑ Reporter, Staff. (January 20, 2011). AIM Quest Ashwamedh from today. The Assam Tribune

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৩৭৯৭৬২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।