অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গেটৱে একাডেমী জুনিয়ৰ কলেজ, বাইহাটা চাৰিআলি

গে'টৱে একাডেমী জুনিয়ৰ কলেজ বা গে'টৱে একাডেমী কনিষ্ঠ মহাবিদ্যালয় (Gateway Academy Junior College) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন উচ্চতৰ-মাধ্যমিক শ্ৰেণীৰ কলেজ।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গে'টৱে একাডেমী জুনিয়ৰ কলেজ বা গে'টৱে একাডেমী কনিষ্ঠ মহাবিদ্যালয় (Gateway Academy Junior College) ভাৰতৰ উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন উচ্চতৰ-মাধ্যমিক শ্ৰেণীৰ কলেজ। অঞ্চলটোৰ কেইগৰাকীমান আগৰণুৱা শিক্ষাবিদৰ উদ্যোগত ২০০৪ চনত কলা আৰু বাণিজ্য শাখাৰ অন্তৰ্ভুক্তিৰে এই কনিষ্ঠ মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। ২০১৭ বৰ্ষৰ পৰা মহাবিদ্যালয়খনত বিজ্ঞান শাখাৰো আৰম্ভণি কৰা হয়। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰমৰ অধীনস্থ এই মহাবিদ্যালয়খনে বিভিন্ন দিশত সুনাম অৰ্জন কৰি বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলটিৰ ভিতৰতে এখন আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয় ৰূপে পৰিগণিত হৈছে।

অৱস্থান আৰু পৰিবহণ

বাইহাটা চালিআলিৰ উত্তৰ দিশৰ গোৰেশ্বৰ সংযোগী পথটোত অৱস্থিত কনিষ্ঠ মহাবিদ্যালয়খনলৈ গুৱাহাটীৰ জালুকবাৰীৰ পৰা দুৰত্ব প্ৰায় ৩০ কিলোমিটাৰ। চাৰিওদিশৰ বেজেৰা, দেউদুৱাৰ, গোপেশ্বৰ, কমলপুৰ, ৰঙিয়া, বিহদিয়া, মুক্তাপুৰ আদি নিকটৱৰ্তী ঠাইসমূহৰ পৰা মহাবিদ্যালয়লৈ টেম্প', মেজিক আদি সৰু বাহনসমূহ নিয়মীয়াকৈ চলে।

শিক্ষা

উচ্চতৰ মাধ্যমিক

মুখপত্ৰ

মহাবিদ্যালয়ৰ পৰা বাৰ্ষিক ভিত্তিত প্ৰকাশ হয় এখনি ই-মুখপত্ৰ গেটওৱিয়ান।১ ২০১৮ বৰ্ষৰ পৰা প্ৰকাশ হোৱা এইখনেই অসমৰ ভিতৰত কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা স্বতন্ত্ৰভাৱে প্ৰকাশিত প্ৰথমখন ই-মুখপত্ৰ।

এই মুখপত্ৰখনিৰ প্ৰথমটো সংখ্যাৰ সম্পাদক আছিল প্ৰিয়ম প্ৰীতম। এই মুখপত্ৰখনিৰ লিংকটো হৈছে gatewian.com।

তথ্যসূত্ৰ

  1. ↑ gatewian.com/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%A ৰ পৰা প্ৰাপ্ত। ( ১৫ ডিচেম্বৰ, ২০১৮)

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেটৱে একাডেমী জুনিয়ৰ কলেজ, বাইহাটা চাৰিআলি” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৭৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।