অসমৰ মহাবিদ্যালয়সমূহ
১২৭ প্ৰবন্ধ
-
চিলাৰায় মহাবিদ্যালয়
চিলাৰায় মহাবিদ্যালয় (Chilarai College) হৈছে ১৯৭৩ চনত স্থাপিত অসমৰ ধুবুৰীৰ গোলকগঞ্জত অৱস্থিত স্নাতক মহলাৰ সহ-শিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷
-
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় সমগ্ৰ উত্তৰ-পূব ভাৰতৰ আয়ুৰ্বেদিক চিকিৎসাৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান। ১৯৪৮ চনত প্ৰতিষ্ঠা লাভ কৰা এই মহাবিদ্যালয়খন জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পথত অৱস্থিত।
-
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে কাছাৰ জিলাৰ শিলচৰত এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে।
-
জৱাহৰলাল নেহৰু মহাবিদ্যালয়
জৱাহৰলাল নেহৰু মহাবিদ্যালয় (Jawaharlal Nehru College) ১৯৬৪ চনত স্থাপন কৰা অসমৰ কামৰূপ জিলাৰ বকো অঞ্চলত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
টিহু মহাবিদ্যালয়
টিহু মহাবিদ্যালয় (Tihu College) হৈছে ১৯৬৩ চনত স্থাপিত অসমৰ নলবাৰীৰ টিহুত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
টেঙাখাত মহাবিদ্যালয়
১৯৬৭ চনত স্থাপিত টেঙাখাত মহাবিদ্যালয়খন অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত ত অৱস্থিত এখন মেজৰ আৰু সাধাৰণ ডিগ্ৰী মহাবিদ্যালয় ৷ এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত ৷ এই টেঙাখাত মহাবিদ্যালয়ে স্থাপিত কালৰে পৰা টেঙাখাত অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰ্ণি ভুমিকা পালন কৰি আহিছে।
-
দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়
দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় (Dakshin Kamrup Girls' College) হৈছে ১৯৮৮ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ মিৰ্জাত অৱস্থিত এখন সাধাৰণ ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় (বাক্সা)
দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় (Dakshin Bijni Degree College) অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দবজাৰ অঞ্চলৰ এখন উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰে।
-
ধিং মহাবিদ্যালয়
ধিং মহাবিদ্যালয় (Dhing College) হৈছে ১৯৬৫ চনত স্থাপিত অসমৰ ধিঙত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান৷ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷
-
ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়
ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ২০২০ চনত অসমৰ ধেমাজি জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১১ চনত মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ২০২১ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
-
নিৰ্মল হালৈ মহাবিদ্যালয় পাটাছাৰকুছি
নিৰ্মল হালৈ মহাবিদ্যালয় (Nirmal Haloi College) অসমৰ বজালী জিলাৰ পাটাছাৰকুছিত অৱস্থিত এখন উচ্চশিক্ষা শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰা হয়।
-
নৰ্থ কামৰূপ মহাবিদ্যালয় বাঘমাৰা
নৰ্থ কামৰূপ মহাবিদ্যালয় (North Kamrup College) অসমৰ বজালী জিলাৰ বাঘমৰাত অৱস্থিত এখন অন্যতম উচ্চশিক্ষা শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰা হয়।
-
প্ৰমথেশ বৰুৱা মহাবিদ্যালয়
প্ৰমথেশ বৰুৱা মহাবিদ্যালয় (Pramathesh Barua College) ১৯৬৪ চনৰ ১ জুনত প্ৰতিষ্ঠা হোৱা অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন ধুবুৰী জিলাৰ গৌৰীপুৰত অৱস্থিত।
-
বাছকা ডিগ্ৰী মহাবিদ্যালয় বাগানপাৰা
বাছকা ডিগ্ৰী মহাবিদ্যালয় এখন সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। ১৯৮৭ চনত স্থাপিত মহাবিদ্যালয়খন অসমৰ বাক্সা জিলাৰ বাগানপাৰাত স্থাপন কৰা হৈছে।
-
বৰপেটা ছোৱালী মহাবিদ্যালয়
বৰপেটা ছোৱালী মহাবিদ্যালয় অসমৰ বৰপেটা জিলাৰ বৰপেটা নগৰত অৱস্থিত। মহাবিদ্যালয়খন ১৯৭৮ চনত স্থাপিত এখন স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।
-
বৰমা মহাবিদ্যালয়
বৰমা মহাবিদ্যালয় অসমৰ বাক্সা জিলাৰ বৰমা অঞ্চলৰ অন্যতম পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত।
-
বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয়
বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয় ২০১৭ চনত অসমৰ কৰিমগঞ্জ জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১১ চনৰ ২ মাৰ্চ তাৰিখে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে প্ৰস্তাৱিত এই মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰে। মহাবিদ্যালয়খন শ্ৰীভূমি জিলাৰ নিৰালা নামৰ ঠাইত অৱস্থিত।
-
ভূৰাগাঁও মহাবিদ্যালয়
মৰিগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল ভূৰাগাঁও মহাবিদ্যালয়। মহাবিদ্যালয়খনি ১৯৮৮ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। এইখন মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃত প্ৰাপ্ত।
-
ভোলানাথ মহাবিদ্যালয়
ভোলানাথ মহাবিদ্যালয় বা বি. এন. কলেজ (B. N. College) ভাৰতৰ পশ্চিম অসমৰ ধুবুৰীত অৱস্থিত উচ্চতৰ শিক্ষাৰ প্ৰাচীনতম প্ৰতিষ্ঠানসমূহৰ মাজত এখন। মহাবিদ্যালয়খন ১৯৪৬ চনত মূলত ৺ভোলানাথ চৌধুৰীৰ লক্ষীপুৰ এষ্টেট জমিদাৰ পৰিয়ালৰ অনুদানৰ মাধ্যমত প্ৰতিষ্ঠিত হৈছিল।
-
মুছলপুৰ মহাবিদ্যালয়
মুছলপুৰ মহাবিদ্যালয় এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। ১৯৯৩ চনত স্থাপিত মহাবিদ্যালয়খন অসমৰ বাক্সা জিলাৰ মুছলপুৰত অৱস্থিত। এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে জড়িত।
-
মৰিগাঁও মহাবিদ্যালয়
মৰিগাঁও মহাবিদ্যালয় (Morigaon College) হৈছে ১৯৬৪ চনত স্থাপিত অসমৰ মৰিগাঁৱত অৱস্থিত এখন পুৰণি স্নাতকৰ সহ-শিক্ষা মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়
লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয় হৈছে অসমৰ লখিমপুৰ জিলাত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৯২ চনত স্থাপিত এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। মহাবিদ্যালয়খনত বিশিষ্ট শিক্ষাবিদ আৰু প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় মোহন চন্দ্ৰ ৰয়ৰ নামেৰে এটি পুথিভঁৰাল আছে।
-
সাপটগ্ৰাম মহাবিদ্যালয়
সাপটগ্ৰাম মহাবিদ্যালয় (ইংৰাজী: Sapatgram College) হৈছে অসমৰ ধুবুৰী জিলাৰ সাপটগ্ৰামত অৱস্থিত এটা উচ্চশিক্ষা প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খনে পশ্চিম অসমৰ গাঁৱলীয়া অঞ্চলৰ শিক্ষাৰ প্ৰচাৰ আৰু বিস্তাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।
-
সাপেখাতী মহাবিদ্যালয়
সাপেখাতী মহাবিদ্যালয় (Sapekhati College) ১৯৮৮ চনত স্থাপন কৰা অসমৰ চৰাইদেউ জিলাৰ সাপেখাতীত অৱস্থিত এক মুখ্য আৰু সাধাৰণ ডিগ্ৰী কলেজ। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
সোণাপুৰ মহাবিদ্যালয়
সোণাপুৰ মহাবিদ্যালয় (Sonapur College) হৈছে ১৯৯১ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ সোণাপুৰত অৱস্থিত স্নাতক মহলাৰ এখন সাধাৰণ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে কলা, বাণিজ্য আৰু বৃত্তিমূলক শিক্ষাৰ স্নাতক ডিগ্ৰীৰ বিভিন্ন পাঠ্যক্ৰম আগবঢ়ায়।
-
হাৰ্হি মহাবিদ্যালয়
হাৰ্হি মহাবিদ্যালয় ( Harhi College) ১৯৯৬ চনত ঢকুৱাখনা মহকুমাৰ হাৰ্হি অঞ্চলত চাৰিকড়ীয়া নদীৰ কাষৰ এক প্ৰাকৃতিক পৰিৱেশৰ মাজত স্থাপিত হৈছিল। মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ড০ মানস জ্যোতি নেওগ।
-
ৰূপহী কনিষ্ঠ মহাবিদ্যালয় (বাক্সা)
ৰূপহী কনিষ্ঠ মহাবিদ্যালয় (Rupahi Jr. College) হৈছে বাক্সাৰ ৰূপহীত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰতিষ্ঠান। ২০১৫ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ৰ সৈতে সুন্দৰ সংযুক্ত আৰু সেউজীয়া পথাৰৰ পৰিৱেশেৰে আবেষ্টিত।
-
অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়, নগাঁও
অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়, নগাঁও অসমৰ নগাঁও জিলাৰ হয়বৰগাঁৱত অৱস্থিত। ১৯৬৮ চনত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠিত হৈছিল। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এইখনেই প্ৰথম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয।
-
আগিয়া মহাবিদ্যালয়
আগিয়া মহাবিদ্যালয় (Agia College) নামনি অসমৰ গোৱালপাৰা জিলাৰ অন্তৰ্গত আগিয়া আৰু সোলমাৰীৰ মাজত অৱস্থিত কলা শাখাৰ এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৯৬ চনৰ ২২ আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰা হৈছে। আৰু ইয়াক ২০২১ চনত প্ৰাদেশিকীকৰণ কৰা হৈছে।
-
এছ বি দেওৰা মহাবিদ্যালয়
এছ বি দেওৰা মহাবিদ্যালয় (S B Deorah college ) ভাৰত ৰ ৰাজ্য, অসম ৰ গুৱাহাটী মহাবিদ্যালয়খন ১৯৮৪ চনৰ ৯ ছেপ্টেম্বৰত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয় ৰ অন্তৰ্ভুক্ত। মহানগৰৰ জি এছ ৰোড, উলুবাৰীত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান।