গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় ২০১৯ চনত অসমৰ গোলাঘাট জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে।১২ ২০১২ চনৰ ৩১ মাৰ্চ তাৰিখে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে প্ৰস্তাৱিত এই মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰিছিল।৩ ২০১৯ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন কৰে।৪
মহাবিদ্যালয় খনে ২০১৮-১৯ শিক্ষাবৰ্ষৰ পৰা অভিযান্ত্ৰিক পাঠ্যক্ৰম আৰম্ভ কৰে। মহাবিদ্যালয় খন সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ স্বীকৃৰ্তি প্ৰাপ্ত আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত।৫এইখন অসমৰ ষষ্ঠখন ৰাজ্যিক চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত অভিযান্ত্ৰিক মহাবিদ্যালয়।
পাঠ্যক্ৰম
মহাবিদ্যালয়খনে ব্যৱহাৰিক, যান্ত্ৰিক আৰু ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়ায় আৰু ই অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
| বিভাগ | সময় | আসন |
|---|---|---|
| ব্যৱহাৰিক অভিযান্ত্ৰিক | ৪ বছৰ | ৬০ |
| ৰাসায়নিক অভিযান্ত্ৰিক | ৪ বছৰ | ৬০ |
| যান্ত্ৰিক অভিযান্ত্ৰিক | ৪ বছৰ | ৬০ |
নামভৰ্তি
- স্নাতক শ্ৰেণীৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰিবলৈ অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে অনুস্থিত কৰা অসম সংযুক্ত প্ৰৱেশ পৰীক্ষাৰ বাচনি কৰা হয়।
- অভিযান্ত্ৰিক শিক্ষাৰ ডিপ্লোমা প্ৰাপ্ত শিক্ষাৰ্থীয়ে স্নাতক দ্বিতীয় বৰ্ষত অধ্যয়ন কৰিবলৈ অসম প্ৰযুক্তি শিক্ষা আয়ুক্তয়ে অনুষ্ঠিত কৰা সংযুক্ত পাৰ্শ্বিয় প্ৰৱেশ পৰীক্ষাৰ (Joint Lateral Entrance Examination) (JLEE) দ্বাৰা নামভৰ্তি কৰিব পাৰে।
তথ্যসূত্ৰ
- ↑ Sanjoy Hazarika. (2019-02-05). Assam's Golaghat gets its 1st engineering college. The Telegraph India
- ↑ Sentinel Digital Desk. (2019-02-05). Technical Education Gets A Boost, CM Sarbananda Sonowal Inaugurates Golaghat Engineering College. Sentinel Assam
- ↑ Foundation stone
- ↑ Assam's Golaghat gets its 1st engineering college
- ↑ Assam Science and Technology University. Affiliated Colleges. astu.ac.in. Assam Science and Technology University
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬০২১৮৬ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।