অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নৰ্থ বেংক মহাবিদ্যালয়

উত্তৰপৰীয়া মহাবিদ্যালয় বা নৰ্থ বেংক কলেজ হৈছে লখিমপুৰ জিলাৰ ভিতৰৰ দ্বিতীয়খন মহাবিদ্যালয় আৰু মহকুমাটোৰ ভিতৰত প্ৰথমখন। মহাবিদ্যালয়খন ঘিলামৰা অঞ্চলৰ মাজ মজিয়াত অৱস্থিত।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৪ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

উত্তৰপৰীয়া মহাবিদ্যালয় বা নৰ্থ বেংক কলেজ হৈছে লখিমপুৰ জিলাৰ ভিতৰৰ দ্বিতীয়খন মহাবিদ্যালয় আৰু মহকুমাটোৰ ভিতৰত প্ৰথমখন। মহাবিদ্যালয়খন ঘিলামৰা অঞ্চলৰ মাজ মজিয়াত অৱস্থিত।

ইতিহাস

১৯৬১ চনতে প্ৰয়াত সতীশ চন্দ্ৰ গগৈ ৰ তৎপৰতাত এই কলেজখন স্থাপিত হৈছিল। কলেজখনত বিজ্ঞান বিভাগটো আৰম্ভ ১৯৯৬ চনত আৰম্ভ কৰা হৈছিল আৰু এতিয়াও ভেন্সাৰ পৰ্যায়তে আছে। এটা সময়ত এই কলেজখনেই আছিল মহকুমাটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ থলী। ১৯৬৪ চনলৈ কলেজখন গুৱাহাটী বিশ্ববিদ্যালয় ৰ অধীনত আছিল কিন্তু ১৯৬৫ চনত ই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে। সেই সময়ত শিৱসাগৰ, যোৰহাট, মাজুলী ইত্যাদি ঠাইৰ মেধাৱী ছাত্ৰ সকলে ইয়াত মেছ কৰি থাকি পঢ়ি এতিয়া বিদেশত চাকৰি কৰি থকা কথা কলেজৰ "স্মৃতি-গ্ৰন্থ" বোৰত পোৱা যায়। উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় স্থাপন হোৱাৰ মাত্ৰ ১০ বছৰ পিছতেই এই মহাবিদ্যালয় স্থাপন হৈছিল। ২০১১ বৰ্ষ ত মহাবিদ্যালয়খনৰ গৌৰৱোজ্জল সোণালী জয়ন্তী উৎসৱখনি অনুস্থিত হৈ যায়। সেই সময়তে মহাবিদ্যালয় খনিৰ ঘৰ-দুৱাৰৰ আন্তঃগাঁঠনি বহুখিনি উন্নত কৰা হয়।

শৈক্ষিক

পাঠ্যক্ৰম সমূহ

  • উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)১
  • স্নাতক (কলা আৰু বিজ্ঞান)

কলা:

  • অসমীয়া
  • ইংৰাজী
  • অৰ্থনীতি
  • ৰাজনীতি বিজ্ঞান
  • ভূগোল
  • শিক্ষা
  • সমাজ শাস্ত্ৰ
  • গণিত
  • বুৰঞ্জী
  • এন্থ্ৰপলিজী

বিজ্ঞান:

  • প্ৰাণী বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • পদাৰ্থ বিজ্ঞান
  • ৰাসায়ণ বিজ্ঞান
  • কম্পিউটাৰ বিজ্ঞান

মহাবিদ্যালয়ৰ সুবিধাসমূহ

  • গ্ৰন্থাগাৰ
  • ছাত্ৰাবাস
  • ছাত্ৰীনিবাস
  • খেলপথাৰ

অধ্যক্ষসকল

বৰ্তমান অধ্যক্ষ

ড° যুগল চন্দ্ৰ শইকীয়া

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰ্থ বেংক মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৫৫৭১৬ (১৫ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।