অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ডিব্ৰু মহাবিদ্যালয়

ডিব্ৰু মহাবিদ্যালয় ১৯৬৩ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত স্থাপন কৰা হৈছিল। কলা, বিজ্ঞান আৰু বাণিজ্যি শাখাত স্নাতক মহলাৰ পাঠ্যক্ৰম আগবঢ়োৱা ডিব্ৰু মহাবিদ্যালয় অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এখন উল্লেখযোগ্য মহাবিদ্যালয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ডিব্ৰু মহাবিদ্যালয় ১৯৬৩ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত স্থাপন কৰা হৈছিল। কলা, বিজ্ঞান আৰু বাণিজ্যি শাখাত স্নাতক মহলাৰ পাঠ্যক্ৰম আগবঢ়োৱা ডিব্ৰু মহাবিদ্যালয় অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এখন উল্লেখযোগ্য মহাবিদ্যালয়। বৰ্তমান মহাবিদ্যালয়খনে ২১টা বিষয়ৰ ভিতৰত ১২টা বিষয়ত মুখ্য বিষয় হিচাপে অধ্যয়ন কৰাৰ সুবিধা আছে। ভাৰত চৰকাৰে ডিব্ৰু মহাবিদ্যালয়ক জীৱপ্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰিছে। মহাবিদ্যালয়খনে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ পৰা অনুদান পাইছে। শিক্ষামূলক ভ্ৰমণ, আলোচনী আৰু খেলৰ উৎকৰ্ষ সাধন কৰিবলৈ মহাবিদ্যালয়খনে অসম চৰকাৰৰ পৰা পুঁজি লাভ কৰিছে। অঞ্চল খনৰ শৈক্ষিক উন্নতিত ডিব্ৰু মহাবিদ্যালয়খনে অৰিহনা যোগাই আহিছে।

শিক্ষা

মহাবিদ্যালয়খনে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত দুবছৰীয়া উচ্চতৰ মাধ্যমিক আৰু তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়ায়। উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ আৰু স্নাতক পাঠ্যক্ৰম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত।

বিভাগ সমূহ

  • ইংৰাজী বিভাগ (English Department)
  • অসমীয়া বিভাগ (Assamese Department)
  • বাংলা বিভাগ (Bengali Department)
  • সংস্কৃত বিভাগ (Sanskrit Department)
  • শিক্ষা বিভাগ (Education Department)
  • অৰ্থনীতি বিভাগ (Economics Department)
  • বাণিজ্য বিভাগ (Commerce Department)
  • ইতিহাস বিভাগ (History Department)
  • ৰাজনীতি বিজ্ঞান বিভাগ (Political Science Department)
  • নৃতত্ত্ব বিভাগ (Anthropology Department)
  • ভূগোল বিভাগ (Geography Department)
  • দৰ্শন বিভাগ (Philosophy Department)
  • হিন্দী বিভাগ (Hindi Department)
  • গণিত বিভাগ (Mathematics Department)
  • উদ্ভিদবিজ্ঞান বিভাগ (Botany Department)
  • প্ৰাণী বিজ্ঞান বিভাগ (Zoology Department)
  • ৰসায়ন বিভাগ (Chemistry Department)
  • পদাৰ্থ বিজ্ঞান (Physics Department)
  • কম্পিউটাৰ বিজ্ঞান বিভাগ (Computer Science Department)
  • পৰিসংখ্যা বিজ্ঞান বিভাগ (Statistical Science Department)১

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ dibrucollege.org: Website of the College, Date of acquire:09-11-2015

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহডিব্ৰুগড় জিলাডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিব্ৰু মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮১১৯৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।