অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়

ভৱানীপূৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয় (Bhawanipur Hastinapur Bijni College) বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুপেটাত অৱস্থিত এখন অন্যতম মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৭১ চনত স্থাপন কৰা হয়। মহাবিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয়ৰদ্বাৰা ডিগ্ৰী প্ৰদান কৰা হয়।

হালনাগাদ: ৪ জুলাই ২০২৬ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ভৱানীপূৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয় (Bhawanipur Hastinapur Bijni College) বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুপেটাত অৱস্থিত এখন অন্যতম মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৭১ চনত স্থাপন কৰা হয়। মহাবিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয়ৰদ্বাৰা ডিগ্ৰী প্ৰদান কৰা হয়।১২

স্থাপন

১৯৭১ চনৰ ১ জুলাইত প্ৰতিষ্ঠা হোৱা ভৱানীপুৰ হস্তিনাপুৰ বিজনী (বি.এইচ.বি) মহাবিদ্যালয়খনে বৰ্তমান ভট্টাদেৱ বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে। সৰুপেটাত উচ্চ শিক্ষানুষ্ঠান হিচাপে বিশাল অঞ্চলটোৰ সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলক ভালদৰে সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে মহাবিদ্যালয়খন স্থাপন কৰা হৈছে॥ পূৰ্বৰ বৰপেটা বৰ্তমান বজালী জিলাৰ অন্তৰ্গত মহাবিদ্যালয়খনৰ নামটোৰদ্বাৰা বুজিব পাৰি যে তিনিটা ৰাজহ মৌজা/তহচিলৰ অৱস্থিত। বি.এইচ.বি. মহাবিদ্যালয় অঞ্চলটোৰ ভিতৰত আটাইতকৈ পুৰণি শিক্ষানুষ্ঠান।

পাঠ্যক্ৰম

ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়ত স্নাতক পৰ্যায়ত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়। এই মহাবিদ্যালয়খনে স্নাতককোত্তৰ(দূৰ শিক্ষাৰ মাধ্যমেৰে) পাঠ্যক্ৰম বিভিন্ন বিষয়ত ওপৰত প্ৰদান কৰে।

উচ্চতৰ মাধ্যমিক (কলা) শাখাউচ্চতৰ মাধ্যমিক (বাণিজ্য) শাখাস্নাতক(কলা) শাখা

  1. স্নাতক (অসমীয়া)
  2. স্নাতক (ইংৰাজী)
  3. স্নাতক (ইতিহাস)
  4. স্নাতক (অৰ্থনীতি)
  5. স্নাতক (ৰাজনীতি বিজ্ঞান)
  6. স্নাতক (দৰ্শন)
  7. স্নাতক (শিক্ষা)

স্নাতক (বাণিজ্য) শাখা

  1. স্নাতক ফাইনেঞ্চ
  2. স্নাতক একাউণ্টেন্সী
  3. স্নাতক মেনেজমেণ্ট

স্নাতকোত্তৰ পাঠ্যক্ৰম( গুৱাহাটী বিশ্ববিদ্যালয় দূৰ শিক্ষা।৩ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়)৪

  1. স্নাতকোত্তৰ (অসমীয়া)
  2. স্নাতকোত্তৰ (ইংৰাজী)
  3. স্নাতকোত্তৰ (শিক্ষা)
  4. স্নাতকোত্তৰ (ৰাজনীতি বিজ্ঞান)
  5. স্নাতকোত্তৰ (MSc IT)
  6. স্নাতকোত্তৰ (বাণিজ্য)
  7. অন্যান্য বিষয়সমূহ

মহাবিদ্যালয় সা-সুবিধাসমূহ

  1. পুথিভঁৰাল
  2. শৈক্ষিক গৱেষণাগাৰ
  3. খেলপথাৰ
  4. অন্যান্য

তথ্যসূত্ৰ

  1. ↑ Affiliated Colleges. Guahati University
  2. ↑ Provincialised colleges affiliated to Guahati University. Directorate of Higher Education, Assam
  3. ↑ BACollege. Gucdoe.in
  4. ↑ BACollege/kkhsou. Kkhsou.ac.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহবজালী জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১৫৭৬১ (৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।