অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়

চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে।

হালনাগাদ: ২৪ জুন ২০১৯ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে।

মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে। চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আৰু ভাৰতীয় দন্ত পৰিষদৰ পৰা স্বীকৃতি প্ৰাপ্ত।১

অৱস্থান

মহাবিদ্যালয় খন ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰ অঞ্চলত অৱস্থিত। ইয়াৰ কাষেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ডিব্ৰুগড় চহৰৰ মাজ-মজিয়াত অৱস্থিত হোৱাৰ বাবে যাতায়তৰ দিশৰ পৰা অতি সুচল।

শিক্ষা

এই মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম আগবঢ়ায়। এই পাঠ্যক্ৰমত নামভৰ্তি ৰাষ্ট্ৰীয় পাত্ৰতা আৰু প্ৰৱেশ পৰীক্ষা(NEET)ৰ ফলাফলৰ ওপৰত আধাৰিত। ই অসম চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

পাঠ্যক্ৰম

  • দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক - ৫০ খন আসন২

তথ্যসূত্ৰ

  1. ↑ about us. ssuhs.in
  2. ↑ Two more dental colleges in the offing. sentinelassam.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহঅসমৰ চিকিৎসালয়ডিব্ৰুগড় জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়” প্ৰবন্ধৰ সংশোধন ১৯৮১৬১ (২৪ জুন ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।