মাজুলী মহাবিদ্যালয় (Majuli College) হৈছে নদীদ্বীপ মাজুলীৰ কমলাবাৰীত অৱস্থিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৬২ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ থকাৰ লগতে ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ (চমুকৈ UGC) দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। মহাবিদ্যালয়খন বৈষ্ণৱ ধৰ্মৰ পীঠস্থান স্বৰূপ সত্ৰ আৰু সেউজীয়া পথাৰৰ পৰিৱেশেৰে আবেষ্টিত।
ইতিহাস
১৯৬২ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে মাজুলীক শিক্ষাৰ জ্যোতিৰে আলোকিত কৰিবলৈ মাজুলী মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। ভৌগোলিক ভাৱে অন্য অঞ্চলৰপৰা পৃথকী কৰণ আৰু সেই অঞ্চলৰ লোকৰ শিক্ষাৰ অনগ্ৰসৰতাৰ বাবে এজন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰম্ভ কৰাটো জৰুৰী হৈ পৰিছিল। ৬০ ৰ দশকত মূলসূঁতিৰ সৈতে সংলগ্ন হৈ আগবাঢ়ি যোৱাটো এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছিল। এচাম সচেতন লোক আৰু সমাজ সেৱকে উপলব্ধি কৰিছিল যে কেৱল শিক্ষাৰ দ্বাৰা হে ই সম্ভৱ। ১৯৬২ চনৰ মাৰ্চ মাহত মাজুলী মিলন সংঘ, কমলাবাৰীত এক ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। সভাখনৰ একমাত্ৰ উদ্দেশ্য আছিল মাজুলিয়ানসকলক উচ্চ শিক্ষা প্ৰদানৰ বাবে এখন মহাবিদ্যালয় স্থাপনৰ ওপৰত আলোচনা কৰা। সভাখনে কামটো আগবঢ়াবলৈ সকলো সম্প্ৰদায়ৰ সদস্যক লৈ এখন পৰিচালনা সমিতি গঠন কৰিছিল। স্বৰ্গীয় কেশৱৰাম বৰাক পৰিচালনা সমিতিৰ সভাপতি আৰু স্বৰ্গীয় কৃষ্ণ কান্ত গোস্বামীক সম্পাদক নিৰ্বাচিত কৰা হৈছিল। সেই সময়ত প্ৰলয়ংকৰী বানপানীয়ে তেওঁলোকৰ ঐতিহাসিক প্ৰচেষ্টাত প্ৰত্যাহ্বান সৃষ্টি কৰিছিল; কিন্তু তেওঁলোকে কেইজনমান নিষ্ঠাৱান ব্যক্তিৰ সৈতে পদব্ৰজেই প্ৰতিটো প্ৰান্ত ভ্ৰমণ কৰিছিল আৰু জনমত সংগ্ৰহ কৰিছিল, প্ৰস্তাৱিত মহাবিদ্যালয়খনৰ বাবে অনুদান সংগ্ৰহ কৰিছিল। এনেকৈয়ে মাজুলীত মহাবিদ্যালয় খোলাৰ সপোন পূৰণ হৈছিল। মাজুলীৰ আন এজন ব্যক্তি অতুল চন্দ্ৰ গোস্বামীয়ে তেতিয়া উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত ইতিহাসৰ প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ নতুনকৈ স্থাপিত মহাবিদ্যালয়খনৰ সন্মানীয় অধ্যক্ষ হিচাপে সেৱা আগবঢ়াবলৈ সন্মত হৈছিল। তেওঁ ১৯৯৫ চনলৈকে এই পদত তেওঁৰ সেৱা অব্যাহত ৰাখিছিল। ১৯৮৮ চনত মহাবিদ্যালয়খনে ৰূপালী জয়ন্তী উদযাপন আৰু ২০১৩ চনত সোণালী জয়ন্তী উদযাপন কৰে।১
পাঠ্যক্ৰম
মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়। তদুপৰি সময়ে সময়ে কেৰিয়াৰ কাউন্সেলিং, আলোচনাচক্ৰ,অনুপ্ৰেৰণামূলক আলোচনা আয়োজন কৰে আৰু শিক্ষাৰ্থীসকলক কেৰিয়াৰ গঢ়াত সহায় কৰাৰ বাবে প্ৰস্তুত কৰা চাকৰি-মুখী বহু ডিপ্লোমা আৰু প্ৰমাণপত্ৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। মহাবিদ্যালয়খনে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে দূৰ শিক্ষণৰ জৰিয়তে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ সুবিধাও প্ৰদান কৰে।২
পুথিভঁৰাল
মহাবিদ্যালয় খনে ডিজিটেল পদ্ধতিৰ শিক্ষাদানৰ লগতে পুথিভঁৰালৰ সুবিধাও আগবঢ়ায়। ২০১২ চনত মহাবিদ্যালয়খনৰ পুথিভঁৰালটো প্ৰথমগৰাকী অধ্যক্ষৰ সোঁৱৰণত " শিক্ষা ৰত্ন অতুল চন্দ্ৰ গোস্বামী গ্ৰন্থাগাৰ" হিচাপে নামকৰণ কৰা হয়।৩
মহাবিদ্যালয় পত্ৰিকা
ছাত্ৰ একতা সভা আৰু শিক্ষকসকলৰ সহযোগত মাজুলী মহাবিদ্যালয়ত মহাবিদ্যালয় আলোচনী প্ৰকাশ কৰাৰ এক দীঘলীয়া পৰম্পৰা আছে। আগতে পত্ৰিকা খনক "মাজুলী মহাবিদ্যালয় আলোচনী" বুলি জনা গৈছিল। পিছলৈ ১৯৯৩ চনৰ পৰা "মাজুলিয়ান" নামেৰে প্ৰকাশ পাই আহিছে। "সমীৰণ" নামেৰে এখন প্ৰাচীৰ পত্ৰিকাও মহাবিদ্যালয় খনত প্ৰস্তুত হৈ আহিছে।৪
তথ্যসূত্ৰ
- ↑ About_majuli_college
- ↑ From the principal desk
- ↑ Library
- ↑ Magazine of Majuli College
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাজুলী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫২১১০১ (২৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।