অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়

চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় অসম সুকুমাৰ কলা বিষয়ক শিক্ষা প্ৰদান কৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী মহাবিদ্যালয়। মহাবিদ্যালয়খনে পাঁচ বছৰীয়া কলাৰ সংযুক্ত পাঠ্যক্ৰমৰ সমাপ্ত কৰি ‘বেচ্চেলৰ অৱ ফাইন আৰ্টচ’ ডিগ্ৰী প্ৰদান কৰে।

হালনাগাদ: ২১ মে’ ২০২৫ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় অসম সুকুমাৰ কলা বিষয়ক শিক্ষা প্ৰদান কৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী মহাবিদ্যালয়। মহাবিদ্যালয়খনে পাঁচ বছৰীয়া কলাৰ সংযুক্ত পাঠ্যক্ৰমৰ সমাপ্ত কৰি ‘বেচ্চেলৰ অৱ ফাইন আৰ্টচ’ ডিগ্ৰী প্ৰদান কৰে। শিল্পী জীৱেশ্বৰ বৰুৱায়ে এই মহাবিদ্যালয় স্থাপন কৰিছিল আৰু ই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১

ইতিহাস

জীৱেশ্বৰ বৰুৱাই পানবজাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিত্ৰকলাৰ শিক্ষক হিচাপে কেৰিয়াৰ আৰম্ভ কৰে৷ সেই বিদ্যালয়তে তেওঁ এখন আৰ্ট স্কুল প্ৰতিষ্ঠা কৰে যদিও বিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়৷

১৯৪৭ চনত বৰুৱাই পানবজাৰৰ ডন বস্কো বিদ্যালয়ত আৰ্ট স্কুলৰ প্ৰতিষ্ঠা কৰে৷ ১৯৪৮ চনৰ পৰা এই বিদ্যালয়ে অসম চৰকাৰৰ পৰা মাহেকীয়া পুঁজি লাভ কৰিবলৈ সক্ষম হয়৷ ২ ১৯৫৯ চনৰ পৰা এই পুঁজিৰ বৃদ্ধি হয় আৰু লাখটকীয়াত অৱস্থিত ললিত কলা একাডেমীৰ সৈতে একেলগে মাহেকীয়া পুঁজিৰ নিয়মীয়াকৰণ হয়৷ এই ললিত কলা একাডেমীৰ ছেক্ৰেটেৰী হিচাপেও বৰুৱাই কাৰ্য্যনিৰ্বাহ কৰে৷ ২ ১৯৫৮ চনত এই প্ৰতিষ্ঠানে পোনপ্ৰথমবাৰৰ বাবে দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে৷ ইয়াৰ পিছত বৰুৱাৰ তত্বাবধানত ললিত কলা একাডেমীয়ে গুৱাহাটীতো চিত্ৰ প্ৰদৰ্শনি অনুষ্ঠিত কৰে৷

বৰুৱাৰ মৃত্যুৰ পিছত এই ললিত কলা একাদেমী পৃথক হৈ স্বাধীনভাৱে চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় নামেৰে প্ৰসিদ্ধ হয়৷ প্ৰথমে এই মহাবিদ্যালয় গুৱাহাটীৰ শান্তিপুৰৰ ভাড়াঘৰ এখনত আছিল। ২০০৫ চনৰ ছেপ্টেম্বৰ মাহত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ইয়াৰ বৰ্তমান চৌহদ গুৱাহাটীৰ বশিষ্ঠত উদ্বোধন কৰে৷২

অৱস্থান

গুৱাহাটী মহানগৰৰ বশিষ্ঠৰ বশিষ্ঠাশ্ৰম দেৱালয় পথত মহাবিদ্যালয়খন অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বশিষ্ঠ চাৰিআলি চ‘কৰ পৰা মহাবিদ্যালয়লৈ ২ কিঃমি, আই.এছ.বি.টি.ৰ পৰা ১০ কিঃমি আৰু গুৱাহাটী ৰেল ষ্টেচনৰ পৰা প্ৰায় ১৮ কিঃমিঃ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা মহাবিদ্যালয়ৰ দূৰত্ব প্ৰায় ৩০ কিঃমি।

পাঠ্যক্ৰম

মহাবিদ্যালয়খনে পাঁচ বছৰীয়া কলাৰ সংযুক্ত পাঠ্যক্ৰমৰ সমাপ্ত কৰি ‘বেচ্চেলৰ অৱ ফাইন আৰ্টচ’ ডিগ্ৰী দিয়ে। পাঠ্যক্ৰমৰ প্ৰথম দুবছৰ হৈছে প্ৰাৰম্ভিক পাঠ্যক্ৰম আৰু পিছৰ তিনিবছৰত নিম্ন উল্লেষিত যিকোনো এটা বিষয়ত বিশেষজ্ঞৰ প্ৰশিক্ষণ দিয়ে,

  • চিত্ৰ কলা
  • প্ৰায়োগিক কলা
  • ভাস্কৰ্য্য
  • গ্ৰাফিক আৰ্ট৩

এই পাঠ্যক্ৰম সমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ Tiprasatimes. (13 May 2017). Government College of Art & Crafts: From Glory Towards Oblivion - Tiprasa Times. tiprasatimes.com
  3. ↑ eclecticnortheast.in/government-college-of-art-a link|date=February 2024 |bot=InternetArchiveBot |fix-attempted=yes }}

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫১০৯০৭ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।