অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কৰ্চন চৰাই

কৰ্চন চৰাই (বৈজ্ঞানিক নাম: Grus antigone) গ্ৰুইডু গোত্ৰ বা পৰিয়ালৰ অন্তৰ্গত বক গণৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ চৰাই। সহজে দৃষ্টিগ্ৰাহ্য ও দৰ্শনীয় ইয়াক দেশীয় শাৰস বুলিও কোৱা হয়। এই চৰাইবিধ উৰিব পৰা চৰাইৰ ভিতৰত দীৰ্ঘতম, প্ৰায় ১.৮ মিটাৰ (৫.৯ ফুট)।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৩১১ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কৰ্চন চৰাই (বৈজ্ঞানিক নাম: Grus antigone) গ্ৰুইডু গোত্ৰ বা পৰিয়ালৰ অন্তৰ্গত বক গণৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ চৰাই।১২ সহজে দৃষ্টিগ্ৰাহ্য ও দৰ্শনীয়৩ ইয়াক দেশীয় শাৰস বুলিও কোৱা হয়। এই চৰাইবিধ উৰিব পৰা চৰাইৰ ভিতৰত দীৰ্ঘতম, প্ৰায় ১.৮ মিটাৰ (৫.৯ ফুট)।৪ চৰাইবিধ বাংলাদেশ, ভাৰতৰ ওপৰিও দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াৰ বিভিন্ন দেশত দেখা পোৱা যায়। ধূসৰ শৰীৰ আৰু গাঢ় ৰঙা মূৰৰ বাবে এই অঞ্চলৰ অন্য সকলো বকৰ মাজত ইয়াক সহজে চিনিব পাৰি। অগভীৰ জলাশয় আৰু জলাহভূমিত ই তৃণমূল, শল্ক, পোক-পতংগ, ফৰিং, ক্ষুদ্ৰ স্তন্যপায়ী আৰু মাছ বিচাৰি ফুৰে। সম্ভৱতঃ সমগ্ৰ জীৱনৰ বাবে এই চৰায়ে জোৰা পাতে আৰু বিশেষ কোনো দুৰ্ঘটনা নঘটিলে একেটা জোৰায়েই শাৱক প্ৰতিপাল কৰে। জোৰাৰ এটা মৰি গলে আনটোৱে নাখায় মৰি যায় বুলিও কোৱা হয়। ভাৰতত দেশীয় কৰ্চন চৰাই বৈবাহিক স্থায়ীত্বৰ প্ৰতীক। ই অসম্ভৱ এলাকাকাতৰ প্ৰাণী। প্ৰতিটো জোৰাই নিজৰ বাবে এটা বিশেষ এলেকা নিৰ্ধাৰণ কৰে আৰু সেই এলেকাৰ অনুপ্ৰৱেশকাৰীক সহ্য নকৰে। বৰ্ষাকালত কৰ্চন চৰায়ে প্ৰজনৱ কৰে আৰু সেই সময়ত অগভীৰ পানীত নল-খাগৰী, জলজ উদ্ভিদ, ঘাঁহ ইত্যাদিৰে ইহঁতে প্ৰায় দুই মিটাৰ ব্যাসবিশিষ্ট দ্বীপ সদৃশ বাহ তৈয়াৰ কৰে।

কৰ্চন চৰাইৰ বৈজ্ঞানিক নামৰ অৰ্থ এণ্টিগোনৰ বক (লেটিন: grus = বক, শাৰস, antigone = ট্ৰয়ৰ এণ্টিগোন, গ্ৰীক পুৰাণ অনুসৰি দেৱী হেৰাই এণ্টিগোনক বকলৈ ৰূপান্তৰিত কৰিছিল)।২ সমগ্ৰ পৃথিৱীৰ বিশাল এলেকাজুৰি ই বিস্তৃত, ইয়াৰ আৱাসস্থল প্ৰায় ১৮ লাখ ৩০ হেজাৰ বৰ্গকিলোমিটাৰ।৫ বিগত শতকৰ তুলনাত ইহঁতৰ সংখ্যা আশংকাজনক হাৰত কমি গৈছে। ১৮৫০ চনৰ তুলনাত এই সংখ্যা বৰ্তমান ১০%ৰ পৰা ২.৫% পৰ্যন্ত কমি গৈছে। সেই কাৰণে আই. ইউ. চি. এন.ৰ তালিকাত এই প্ৰজাতিটোক সংকটাপন্ন বুলি ঘোষণা কৰিছে। বৰ্তমান কেৱল ভাৰততহে ইহঁতৰ সংখ্যা উল্লেখযোগ্য ভাৱে বৰ্তি আছে। বহু দেশত ইহঁতৰ অৱস্থা আশংকাজনক আৰু বাংলাদেশ অনিয়মিতভাৱে দেখা যায়। বাংলাদেশৰ বন্যপ্ৰাণী আইনে এই প্ৰজাতিটোক সংৰক্ষিত হিচাপে ঘোষণা কৰা নাই।২

বিৱৰণ

উৰন্ত অৱস্থাত কৰ্চনৰ ক'লা প্ৰাথমিক পাখীবোৰ স্পষ্টকৈ দেখা যায়
উৰন্ত অৱস্থাত কৰ্চনৰ ক'লা প্ৰাথমিক পাখীবোৰ স্পষ্টকৈ দেখা যায়ছবি: J.M.Garg · CC BY-SA 3.0

পূৰ্ণবয়স্ক কৰ্চন চৰাউৰ পিঠি আৰু পেট ধুসৰ বৰণৰ। ডিঙি আৰু মূৰ পাখীবিহীন অৰু গাঢ় ৰঙা বৰ্ণৰ। বুকু সেউজ-ধূসৰ। দীঘল শক্তিশালী ঠোঁট সেউজ-ধূসৰ ৰঙৰ আৰু তীক্ষ্ন। উৰাৰ সময়ত কৰ্চন চৰায়ে অন্য বকৰ দৰে ডিঙিটো কোঁচাই নেৰাখি, ফিট কৰি ৰাখে। এই সময়ত তাৰ পেটৰ ক'লা প্ৰাথমিক পাখীবোৰ স্পষ্টকৈ দেখা পোৱা যায়। মূৰত দুটা ধূসৰ কাণ-ঢাকনি খাকে। চকুৰ মণি ৰক্তিম-কমলা বৰণৰ।

তথ্যসূত্ৰ

  1. ↑ ৰেজা খান. (২০০৮). বাংলাদেশেৰ পাখি. বাংলা একাডেমী. পৃ. ১৫২. ISBN 9840746901
  2. ↑ জিয়া উদ্দিন আহমেদ (সম্পা.). (২০০৯). বাংলাদেশ উদ্ভিদ ও প্ৰাণী জ্ঞানকোষ: পাখি, খণ্ড: ২৬. বাংলাদেশ এছিয়াটিক ছছাইটি. পৃ. ১৪৯
  3. ↑ Vyas, Rakesh. (2002). Status of Sarus Crane Grus antigone antigone in Rajasthan and its ecological requirements. Zoos' Print Journal. পৃ. 691–695
  4. ↑ Wood, T.C. & Krajewsky, C. (1996). Mitochondrial DNA sequence variation among the subspecies of Sarus Crane (Grus antigone). The Auk. পৃ. 655–663
  5. ↑ Sarus Crane Grus antigone. BirdLife International

সম্পৰ্কিত শ্ৰেণী

বকঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্চন চৰাই” প্ৰবন্ধৰ সংশোধন ৫৪০৬৬৪ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।