কাঠ-শালিকা (Chestnut-tailed Starling, বৈজ্ঞানিক নাম: Sturnia malabarica)১ ) শালিকা জাতীয় চৰাইৰ প্ৰজাতি সমূহৰ অন্যতম প্ৰজাতি৷ দক্ষিণ-পূব এছিয়া তথা ভাৰত ত ইয়াক থলুৱাভাৱে দেখা পোৱা যায় যদিও ই আংশিকভাৱে পৰিভ্ৰমণকাৰী চৰাই বুলিও জানিব পৰা গৈছে৷
টেক্সন'মি
একাধিক বিৱৰ্তনৰ উৎসৰ বাবে পূৰ্বতে কাঠ-শালিকাক কেইবাটাও গোত্ৰ যেনে Sturnia, Sturnus আৰু Temenuchus ৰ অন্তৰ্ভুক্ত কৰা হৈছিল যদিও পৰৱৰ্ত্তী সময়ত কৰা গৱেষণাত পোৱা তথ্য অনুসৰি Temenuchus গোত্ৰকে বৰ্তমান বাহাল ৰখা হৈছে৷ ১ Later studies have suggested placement in the genus Sturnia.২
কাঠ-শালিকাৰ তিনিটা উপ-প্ৰজাতি দেখা পোৱা যায়-
- S. m. malabarica: উত্তৰ-পূব ভাৰত, নেপাল, ভূটান, বাংলাদেশ আৰু ম্যানমাৰত বিস্তৃত হৈ আছে৷
- S. malabarica nemoricola: দক্ষিণ চীণ, থাইলেণ্ড, লাইছ, ভিয়েটনাম আৰু কম্বোডিয়াত ইয়াক দেখিবলৈ পোৱা যায়৷
- S. malabarica blythii: ভাৰতৰ দাক্ষিণাত্য অঞ্চল (Western Ghat)ত পোৱা যায়৷
বিৱৰণ

কাঠ-শালিকাৰ পূৰ্ণবয়স্ক এটা চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ২০ ছে: মি: হয়৷ ইয়াৰ পিঠি অংশ মটিয়া (grey) আৰু ক'লা চানেকীয়া৷ উপ-প্ৰজাতি সমূহৰ দেহৰ বৰণৰ কিছু পাৰ্থক্য দেখা যায়৷ S. m. malabarica' আৰু blythii ৰ ক্ষেত্ৰত দেহৰ তলৰ অংশ ইটাবণীয়া (rufous) কিন্তু nemoricola ৰ সেই অংশৰ বৰণ বগা হয় ৷ তিনিওটা উপ-প্ৰজাতিৰ চকুৰ মণি বগা আৰু ঠোঁটৰ বৰণ হালধীয়া হয়৷ মতা-মাইকী উভয়ে দেখাত একে হয়৷ অৱশ্যে পোৱালী কাঠ-শালিকাৰ দেহৰ তলৰ অংশ বগা আৰু নেজৰ আগটো ৰঙা চানেকীয়া হোৱা দেখা যায়৷
আচৰণ
কাঠ-শালিকাই সাধাৰণতে মুকলি কাঠনি বা খেতি-পথাৰত বাহ সাজে৷ ইহঁতে গছৰ সুৰুঙা আদিত বাহ সাজে৷ এবাৰত ৩-৫ টাকৈ কণী পাৰে৷
শালিকাৰ অন্যান্য প্ৰাজতি সমূহৰ দৰেই কাঠ-শালিকাইও ফল-মূল, ফুলৰ মৌ আৰু পোক-পৰুৱা আদি খাই জীয়াই থাকে৷ ইহঁতে জাক পাতি উৰে আৰু গোটেইবোৰ চৰায়ে মিলি একেলগে আৰু খুব খৰকৈ উৰাৰ দিশ সলনি কৰিব পাৰে৷
অন্যান্য উৎস
- Grimmett, Richard; Inskipp, Carol, Inskipp, Tim & Byers, Clive (1999): Birds of India, Pakistan, Nepal, Bangladesh, Bhutan, Sri Lanka, and the Maldives. Princeton University Press, Princeton, N.J.. ISBN 0-691-04910-6
- Rasmussen, Pamela C. & Anderton John C. (2005): Birds of South Asia: The Ripley Guide. Smithsonian Institution and Lynx Edicions. ISBN 84-87334-67-9
- Zuccon D, Cibois A, Pasquet E, Ericson PG. (2006) Nuclear and mitochondrial sequence data reveal the major lineages of starlings, mynas and related taxa. Mol Phylogenet Evol. 41(2):333-44
তথ্যসূত্ৰ
- ↑ Lovette, I., McCleery, B., Talaba, A., & Rubenstein, D. (2008). A complete species-level molecular phylogeny for the "Eurasian" starlings (Sturnidae: Sturnus, Acridotheres, and allies): Recent diversification in a highly social and dispersive avian group.. Molecular Phylogenetics & Evolution. পৃ. 251–260
- ↑ Zuccon, D., Pasquet, E. & Ericson, P. G. P. (2008). Phylogenetic relationships among Palearctic–Oriental starlings and mynas (genera Sturnus and Acridotheres: Sturnidae). Zoologica Scripta, 37:469–481 PDF
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঠ শালিকা” প্ৰবন্ধৰ সংশোধন ৫৪০৭০২ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।