অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কনুৱা

কনুৱা (Woolly-necked Stork বা White-necked Stork, বৈজ্ঞানিক নাম-Ciconia episcopus) এবিধ ডাঙৰ আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৪২
সংশোধনৰ পৰামৰ্শ

কনুৱা (Woolly-necked Stork বা White-necked Stork, বৈজ্ঞানিক নাম-Ciconia episcopus) এবিধ ডাঙৰ আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷

বিৱৰণ

কনুৱাৰ দেহৰ আকাৰ ডাঙৰ; ইয়াৰ উচ্চতা প্ৰায় ৮৫ ছে:মি:৷ ইয়াৰ দেহটো জিলিকি থকা ক'লা বৰণৰ, ডিঙি বগা আৰু দেহৰ পেট অংশ বগা বৰণৰ হোৱা দেখা যায়৷ ইয়াৰ দেহৰ ওপৰৰ অংশ জিলিকা সেউজীয়া বৰণৰ, নুকু তথা পেট অংশত বেঙুনীয়াৰো পৰশ আছে৷ কনুৱাৰ ঠেং দীঘল আৰু ৰঙচুৱা৷ ঠোঁট ক'লা হোৱা দেখা যায়৷ মতা-মাইকী উভয়ৰে বাহ্যিক গঠন একে হয়৷ পোৱালি কনুৱা পূৰ্ণবয়স্ক চৰাইতকৈ শেঁতা পৰা বৰণৰ হোৱা দেখা যায়৷

টেক্স'নমি

কনুৱাৰ বৰ্তমানলৈকে তিনিটা উপ-প্ৰজাতি দেখা গৈছে -

বিতৰণ

কনুৱা বহুলভাৱে বিস্তৃত জলচৰ চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ এছিয়াৰ ভাৰত, ইণ্ডোনেছিয়া আদিত আৰু আফ্ৰিকা মহাদেশতো দেখিবলৈ পোৱা যায়৷

বাসস্থান

কনুৱাই সাধাৰণতে জলাশয়সমূহত বাস কৰে৷

আচৰণ

খাদ্য

ই জোপলৈ থাকি খাদ্যৰ চিকাৰ কৰে৷ বিভিন্ন উভচৰ প্ৰাণী, সৰীসৃপ, পোক-পতংগ আদি ইয়াৰ প্ৰধান খাদ্য৷

প্ৰজনন

ই জলাশয়ৰ পাৰৰ গছত ডালিৰে বাহ সাজে৷ এবাৰত ২-৫ টাকৈ কণী পাৰে৷

তথ্যসূত্ৰ

  • Birds of The Gambia by Barlow, Wacher and Disley, ISBN 1-873403-32-1
  • Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

সাৰেংজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনুৱা” প্ৰবন্ধৰ সংশোধন ৫৪০৬২২ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।