চাতক বা টেলটুপী (Barn Swallow, বৈজ্ঞানিক নাম-Hirundo rustica) চাতক(Swallow) এইজাতীয় চৰাইসমূহৰ ভিতৰত আটাইতকৈ বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি।১ ই এবিধ সহজে চিনিব পৰা চৰাই-ইয়াৰ দেহৰ ওপৰভাগ নীল-বৰণীয়া, নেজ জোঙা আৰু দকৈ দুভাগকৈ কটা। ইয়াক প্ৰধানকৈ ইউৰোপ, এছিয়া, আফ্ৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত দেখা পোৱা যায়। ১
বিৱৰণ

পূৰ্ণবয়স্ক চাতক চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৭-১৯ ছে:মি: আৰু ওজন প্ৰায় ১৬-২২ গ্ৰাম হয়। ইয়াৰ দেহৰ ওপৰ অংশ নীলা বৰণীয়া আৰু কপাল আৰু ডিঙি মাখনবৰণীয়া। ইয়াৰ বুকুত বহল আৰু গাঢ় নীলা আঁচ এডাল থাকে। চাতক চৰাইৰ নেজ দীঘলীয়া আৰু খাঁজকটা হয়। নেজৰ ওপৰৰ ফালে বগা দাগেৰে এডাল দীঘলীয়া আঁচ থকা দেখা যায়। ২
মাইকী চাতক চৰাই দেখাত মতাটোৰ সৈতে একে হয়, কিন্তু ইয়াৰ নেজ কিছু চুটি আৰু বুকুৰ আঁচডাল সিমান উজ্জ্বল নহয়। পোৱালি চাতক চৰাইৰ গাৰ বৰণ মুগা হয় আৰু মুখখন কিছু ৰঙচুৱা হয়। ইয়াৰ দেহৰ তলৰ অংশ বগা চানেকীয়া হোৱা দেখা যায়। ইয়াৰো পূৰ্ণবয়স্ক চৰাইতকৈ নেজৰ দৈৰ্ঘ্য কম হোৱা দেখা যায়। ১
টেক্স'নমি
চাতক চৰাইৰ বিষয়ে পোণপ্ৰথমে কেৰ'লাছ লিনিয়াছে ১৭৫৮ চনত তেওঁৰ 'Systema Naturae' নামৰ গ্ৰন্থত 'Hirundo rustica' নামৰে উল্লেখ কৰিছিল।৩৪
বৰ্তমানলৈকে চাতক চৰাইৰ ছটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে-
- Hirundo rustica saturata- ১৮৮৩, ৰবাৰ্ট ৰিডগৱে (Robert Ridgway)- প্ৰধানকৈ পূব এছিয়াত বিস্তৃত। ৫
- Hirundo rustica rustica- ইউৰোপ আৰু এছিয়াত বিস্তৃত হৈ আছে। ১ The Barn Swallows wintering in southern Africa are from across Eurasia to at least 91°E,৬
- Hirundo rustica transitiva - ১৯১০, আৰ্ণেষ্ট হাৰ্টাৰ্ট (Ernst Hartert)- মধ্য-পূব প্ৰান্তৰ তুৰ্কী, ইজৰাইল আদি দেশত বিস্তৃত। ১

- Hirundo rustica savignii- ১৮১৭, জেমছ ফ্ৰান্সিছ ষ্টিফেনছ (James Francis Stephens)-ফ্ৰান্সত দেখা পোৱা যায়৭
- Hirundo rustica gutturalis, ১৭৮৬, Giovanni Antonio Scopoli৫৮
- Hirundo rustica tytleri, ১৮৬৪, থমাছ জাৰদন (Thomas C. Jerdon)৫৮

- Hirundo rustica erythrogaster,১৭৮৩,Pieter Boddaert- প্ৰধানকৈ উত্তৰ আমেৰিকাত দেখা যায়। ৫
| deadurl= no}}</ref> -->
বাহ্যিক সংযোগ
- BirdLife International Species factsheet: Hirundo rustica. BirdLife International
- Audio Recording of Swallows High quality audio recording of a group of Swallows.
- Barn Swallow videos, photos & sounds on the Internet Bird Collection.
- (European Swallow=) Barn Swallow - Species text in The Atlas of Southern African Birds.
- Species account at USGS Patuxent Bird Identification InfoCenter . Includes song clips and sonograms.
- Species account at Cornell Lab of Ornithology. Includes range map for the Americas
- BirdLife species' status map for Europe (pdf).
- Ageing and sexing (PDF; 2.3 MB) by Javier Blasco-Zumeta & Gerd-Michael Heinze
- Barn Swallow, Birds of Nova Scotia
- Barn Swallow, Talk about Wildlife
লগতে চাওক
Smiddy, P. 2010. Post-fledging roosting at the nest in juvenile barn swallows (Hirundo rustica). Ir Nat. J.: 31: 44 – 46.
তথ্যসূত্ৰ
- ↑ Turner, Angela K. (1989). Swallows & martins: an identification guide and handbook. Houghton Mifflin. ISBN 0-395-51174-7 p164–169
- ↑ Snow, David. (1998). The Birds of the Western Palearctic concise edition (2 volumes). Oxford University Press. ISBN 0-19-854099-X p1061–1064
- ↑ Linnaeus, Carolus. (1758). ((Systema Naturae|Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata.)). Holmiae. (Laurentii Salvii). পৃ. 191
- ↑ Lewis, Charlton T. (1888). A Latin dictionary for schools. Harper & Brothers. ISBN 0-19-910204-X
- ↑ Dickinson, Edward C. (2002). Systematic notes on Asian birds. 31. Eastern races of the barn swallow Hirundo rustica Linnaeus, 1758. Zoologische Verhandelingen, Leiden. পৃ. 201–203
- ↑ European Swallow Hirundo rustica. SAFRING results. Avian Demography Unit, Department of Statistical Sciences, University of Cape Town
- ↑ Dekker, René. (2003). Type specimens of birds. Part 2.. NNM Technical Bulletin. পৃ. 20
- ↑ Rasmussen, Pamela C. & John C. Anderton. (2005). ((Birds of South Asia: The Ripley Guide)). Smithsonian Institution and Lynx Edicions. ISBN 84-87334-67-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাতক” প্ৰবন্ধৰ সংশোধন ৬৩১১৩৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।