অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ইটাগুৰীয়া হাইঠা

ইটাগুৰীয়া হাইঠা (Pompadour Green Pigeon, বৈজ্ঞানিক নাম-Treron sp.) 'Treron' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ইটাগুৰীয়া হাইঠা (Pompadour Green Pigeon, বৈজ্ঞানিক নাম-Treron sp.) 'Treron' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি (জীৱবিদ্যা)৷ ই দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷

বিৱৰণ

ইটাগুৰীয়া হাইঠাৰ দেহটো থোপোকা (stocky) আৰু দেখাত পাৰ চৰাইৰ দৰে৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ২৫-২৮ ছে:মি: হয়৷১ ইয়াৰ মূৰটো সেউজীয়া বা সেউজ-হালধীয়া ধৰণৰ, তলৰ অংশ সেউজীয়া৷ ইয়াৰ মূৰৰ ওপৰৰ অংশ মটীয়া হোৱা দেখা যায়৷ ১ ইটাগুৰীয়া হাইঠাৰ ডেউকা দুখন শেঁতা বগা বা হালধীয়া ধৰণৰ৷২

টেক্স'নমি

ইটাগুৰীয়া হাইঠাৰ ছবিধ উপ-প্ৰজাতি বৰ্তমানলৈকে চিনাক্ত হৈছে৷ এইবোৰ হ'ল৩১

বিতৰণ

ইটাগুৰীয়া হাইঠা দক্ষিণ এছিয়াৰ ভাৱত, শ্ৰীলংকাৰ পৰা ফিলিপাইন]লৈকে বহুলভাৱে বিস্তৃত হৈ আছে৷ ভাৰতত ইয়াক প্ৰধানকৈ দাক্ষিণাত্য (Western Ghats) আৰু উত্তৰ-পূব ভাৰত তথা আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জত দেখা পোৱা যায়৷

আচৰণ

ইটাগুৰীয়া হাইঠা সাধাৰণতে যুৰীয়াকৈ বা অকলশৰে থকা দেখা যায়৷ ই খৰকৈ আৰু পোনে পোনে উৰিব পাৰে৷

খাদ্য

ইটাগুৰীয়া হাইঠাই ফল-মূল আৰু বিভিন্ন উদ্ভিদ আদি খাই জীয়াই থাকে৷

প্ৰজনন

ইহঁতে গছৰ ডালত বাহ সাজে৷ এবাৰত দুটাকৈ বগা কণী পাৰে৷

তথ্যসূত্ৰ

  • Grimmett, R.; Inskipp, C.; and Inskipp, T. (1999). Birds of India. ISBN 0-691-04910-6
  • Collar, N.J. 2011. Species limits in some Philippine birds including the Greater Flameback Chrysocolaptes lucidus. Forktail number 27: 29-38.
  • Rasmussen, P.C., and J.C. Anderton. 2005. Birds of South Asia: the Ripley guide. Lynx Edicions and Smithsonian Institution.

তথ্যসূত্ৰ

  1. ↑ Rasmussen, P.C. & J.C. Anderton. 2005. Birds of South Asia: the Ripley guide. 2 vols. Lynx Edicions, Barcelona
  2. ↑ Gibbs, D.; Barnes, E.; and Cox, J. (2000). Pigeons and Doves: A Guide to the Pigeons and Doves of the World. ISBN 1-873403-60-7
  3. ↑ Gill, F., and D. Donsker (Eds). 2010. IOC World Bird Names. Version 2.6. Accessed 18 November 2010

সম্পৰ্কিত শ্ৰেণী

পাৰজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইটাগুৰীয়া হাইঠা” প্ৰবন্ধৰ সংশোধন ৬৩১৩৭৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।