যুঁজ (Joonj) ১৯৯০ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ছবি। ছবিখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য আছিল হেমেন দাসৰ। প্ৰযোজনা বিপুল বৰুৱাৰ। অসমৰ লোকসঙ্গীত আৰু শঙ্কৰী সঙ্গীতক আধাৰ স্বৰূপে লৈ ছবিৰ সঙ্গীত ৰচনা কৰিছিল খগেন মহন্ত আৰু ৰমেন বৰুৱাই। পৰম্পৰাগত গীতমাত আৰু পাৰ্শ্বসঙ্গীতত পৰম্পৰাগত বাদ্যযন্ত্ৰৰ ব্যৱহাৰ ছবিখনৰ উল্লেখযোগ্য বৈশিষ্ট্য। যুঁজ ছবিখনে ৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৯১) শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজতকমল বঁটা লাভ কৰিছিল।১২
কাহিনী
গণপতি এজন ধনী খেতিয়ক, যি সামন্তীয় প্ৰথাৰ এক প্ৰতীক স্বৰূপ। মাঘ বিহু উপলক্ষে হোৱা ম'হ যুঁজত সদায় তেওঁৰ ম'হহে বিজয়ী হয়। কাৰণ তেওঁৰ ম'হ সুপ্ৰশিক্ষিত আৰু শক্তিশালী। কিন্তু এবাৰ ম'হষুঁজত তথাকথিত সৰুজাতৰ ভোগাইৰ হাতত গণপতিৰ ম'হটো হাৰি যায়। গণপতি এই পৰাজয়ৰ পোতক তুলিবলৈ মনস্থ কৰে। কিন্তু তেওঁৰ একমাত্ৰ জীয়েক মইনাই দেউতাকৰ এই কথাকাণ্ড সমৰ্থন নকৰে। মইনাই ভোগাইৰ প্ৰতি এবুকু মৰম কঢ়িয়াই ফুৰে। পৰিস্থিতি এনেকুৱা হ'ল যে ভোগায়ে দেউতাৰ বেমাৰৰ চিকিৎসা কৰিবলৈ গোণাম'হটো হাফিজক বিকি দিয়ে। হাফিজে আকৌ সেইটো গণপতিক বিকিলে। গণপতিয়ে যুঁজৰ বাবে ম'হটো প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে; যি কথা ভোগায়ে ভাল নাপালে। ইফালে তাৰ ৰুগীয়া দেউতাকৰো মৃত্যু হ'ল।২
মাঘ বিহু আহিল। গণপতিৰ আশা, এইবাৰ তেওঁ যুঁজত জিকি পুনৰ হেৰুওৱা প্ৰতিষ্ঠা ঘূৰাই পাব। ভোগাইৰ নিজৰ ম'হ নাই। সেয়েহে সি ম'হযুঁজকে চাবলৈ গ'ল। ইফালে গণপতিয়ে কিনি লোৱা ভোগাইৰ ম'হটো যুঁজত হাৰি থাকিল আৰু পুনৰ অপমান সহিবলগীয়া হ'ল। কিন্তু ভোগায়ে তাৰ এসময়ৰ নিজৰ ম'হটোৰ এনে পৰাজয় সহিব নোৱাৰিলে। সেয়েহে সি পুনৰ ম'হটোক যুঁজৰ পথাৰলৈ ওভতাই লৈ আহিল। এইবাৰ গণপতি জিকিল। এই জয় মূলতঃ ভোগাইৰ বাবেহে সম্ভৱ হ'ল যদিও গণপতিয়ে কিন্তু সেয়া নিজৰ বিজয় বুলি ধৰি ল'লে আৰু গৌৰৱেৰে ম'হটো ঘৰলৈ ওভতাই লৈ যাবলৈ ওলাল। কিন্তু মইনাই জানে এই জয়ৰ আঁৰৰ কথা। তাইৰ সহ্য নহ'ল। তাই ম'হটো নি ভোগাইক দি দিলে। গণপতি লজ্জিত অনুভৱ কৰি তাৰপৰা আঁতৰি গ'ল।১
অভিনয় শিল্পী
ভোগাই আৰু মইনাৰ চৰিত্ৰ দুটাত অভিনয় কৰিছিল পুলিন নাথ আৰু সীতাৰাণী হাজৰিকা। অন্যান্য ভূমিকাত আছিল হৰি ডেকা, ডা° হেমেন বৰ্মণ, শান্তিছাযা ৰয়, জগদীশ দাস, মীনা কুমাৰী বৰ্মণ, হেমেন চৌধুৰী, লক্ষ্মী বৰঠাকুৰ, হেমেন দাস আদি।১২
বঁটা আৰু সন্মান
যুঁজ ছবিখনে ৩৮তম (১৯৯০) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰিছিল। এই বঁটাত আছিল প্ৰযোজক বিপুল বৰ্মণলৈ ৰজতকমল আৰু নগদ বিশহাজাৰ টকা, পৰিচালক হেমেন দাসলৈ ৰজতকমল আৰু নগদ দহহাজাৰ টকা।
তথ্যসূত্ৰ
- ↑ ((১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত)), পৃঃ ৪৩২-৪৩৮, অৰুণলোচন দাস, শশী-শিশু প্ৰকাশ, গুৱাহাটী, ২০১৩
- ↑ (1991). ৩৮তম চলচ্চিত্ৰ মহোৎসৱ, পিডিএফ পৃঃ ৫৭, ১২৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যুঁজ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৪৮৪৪৭ (২৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।