অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

যুগদ্ৰষ্টা (চলচ্চিত্ৰ)

যুগদ্ৰষ্টা: দ্য ভিজনেৰী হৈছে ভাস্কৰ জ্যোতি মহন্ত পৰিচালিত এখন অসমীয়া ভাষাৰ চুটিছবি। মুক্তিযুঁ‌জাৰু তথা সমাজ সংস্কাৰক পীতাম্বৰ দেৱগোস্বামীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মুন বৰকটকীয়ে। অনুৰাগ শইকীয়াই সংগীত পৰিচালনা কৰা ছবিখনৰ প্ৰযোজনা কৰিছে স্বপ্নালী মহন্তই।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

যুগদ্ৰষ্টা: দ্য ভিজনেৰী হৈছে ভাস্কৰ জ্যোতি মহন্ত পৰিচালিত এখন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষাৰ চুটিছবি। মুক্তিযুঁ‌জাৰু তথা সমাজ সংস্কাৰক পীতাম্বৰ দেৱগোস্বামীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মুন বৰকটকীয়ে। অনুৰাগ শইকীয়াই সংগীত পৰিচালনা কৰা ছবিখনৰ প্ৰযোজনা কৰিছে স্বপ্নালী মহন্তই।

কাহিনীৰ সাৰাংশ

১৯৫৬ চনত ঈদ মজলিছৰ অনুষ্ঠানত ভাগ লৈ গোস্বামীয়ে তেওঁৰ সচিৱ তথা জীৱনীকাৰ গংগাধৰ হাজৰিকাৰ সৈতে নাৱেৰে নিজচহৰ মাজুলীলৈ উভতি অহাৰ এক দৃশ্যৰে চলচ্চিত্ৰখনৰ আৰম্ভণি হয়। গোস্বামীয়েই আছিল এই অনুষ্ঠানত ভাগ লোৱা একমাত্ৰ সত্ৰাধিকাৰ।

ইয়াৰপাছত গোস্বামী আৰু গংগাধৰ হাজৰিকা এক কোঠাত মিলিত হয় আৰু অতীত সুঁ‌ৱৰি নষ্টালজিক হৈ পৰে। ১৯১৪ চনৰ ২৫ মাৰ্চ তাৰিখে গোস্বামীয়ে সত্ৰাধিকাৰৰূপে নিৰ্মালি গ্ৰহণ কৰা সময়ৰ পৰা তেওঁ‌লোকে আলোচনাৰ পাতনি মেলে। তেওঁলোক দুয়োজনে এই কথাত সহমত প্ৰকাশ কৰেযে সমাজৰ নিয়মসমূহ ভগৱানৰ দ্বাৰা আৰোপিত নহয় আৰু এজন ব্যক্তিৰ মূল্য তেওঁৰ ন্যায়ৰ ভাৱধাৰাইহে বিচাৰ কৰা উচিত।

অভিনয়ত

  • পীতাম্বৰ দেৱগোস্বামী (সত্ৰাধিকাৰ) - মুন বৰকটকী
  • সৰুকালৰ গোস্বামী – আশ্বাস ৰাগ মহন্ত
  • আউনিআটি সত্ৰাধিকাৰ – হৰিদেৱ গোস্বামী
  • গংগাধৰ হাজৰিকা - গুণ মহন্ত
  • আলধৰা - প্ৰদীপ ভূঞা
  • H. W. Phriel - Henry Cottee Jones (Eden)
  • Chief Secretary - Rupert Grey
  • নীৰু - সৃজনী ভাস্ব মহন্ত
  • ৰমাই - ৰুবী মহন্ত
  • মিছিং মহিলা - জ্যোৎস্না দ'লে
  • নীৰুৰ বান্ধৱী - প্ৰিয়ংকা বৰুৱা

বঁ‌টা/সন্মান

তথ্যসূত্ৰ

  1. ↑ Result. Delhi Shorts International Film Festival

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চুটিছবিঅসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যুগদ্ৰষ্টা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৫৮০৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।