তৰা (Tora) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজনা চিলড্ৰেনছ ফিল্ম ছ'ছায়টি, ইণ্ডিয়াৰ। ২০০৪ত এই ছবিখন মুক্তি দিয়া হয়।১ ২০০৩ চনত অনুষ্ঠিত হোৱা ৫১তম ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ডছত এই চলচ্চিত্ৰখনে শিশুৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা (Best Children’s Film award) লাভ কৰে।২৩
কাহিনী
চলচ্চিত্ৰখনৰ কাহিনী অসমৰ এখন গাঁৱৰ দুটা প্ৰতিৱেশী পৰিয়ালৰ ওপৰত কেন্দ্ৰিত। দুয়োটা পৰিয়ালৰ মাজত ভাল সম্বন্ধ আছিল। চলচ্চিত্ৰখনৰ মূল চৰিত্ৰ হৈছে "তৰা", এজনী সাত বছৰীয়া ছোৱালী। তাই দেউতাক (পূৰ্ণ) আৰু মাক (জোনাকী)ৰ লগত থাকে। আনটো পৰিয়াল হৈছে নৱ আৰু দেৱ নামৰ দুজন ভাতৃ। দুয়ো শয্যাগত মাকৰ সৈতে বাস কৰে। এদিন এটুকুৰা মাটিক কেন্দ্ৰ কৰি দুয়োটা পৰিয়ালৰ মাজত কাজিয়া লাগিল। এই কাজিয়াখন মীমাংসা কৰাত তৰাৰ ভূমিকাই হৈছে চলচ্চিত্ৰখনৰ মূল কাহিনী।১
ধেমাজিৰ পীড়িত লোকৰ নামত উৎসৰ্গা
২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত হোৱা বোমা বিস্ফোৰণত মৃত্যু হোৱা শিশুসকলৰ নামত পৰিচালক জাহ্নু বৰুৱা-ই এই চলচ্চিত্ৰখন উৎসৰ্গা কৰে।৪
অভিনয়ত
<table align="center" width="60%" border=2 cellspace=5 cellpadding=5> <tr bgcolor="sky blue"> <th> ক্ৰম <th> অভিনেতা / অভিনেত্ৰীৰ নাম <th> চৰিত্ৰ </td> <tr><td> ১ <td> মৃগাক্ষী তৰা <tr><td> ২ <td> অনুপ হাজৰিকা তৰাৰ পিতৃ <tr><td> ৩ <td> ইন্দ্ৰানী চেতিয়া তৰাৰ মাতৃ <tr><td> ৪ <td> প্ৰতিভা চৌধুৰী আইতাক <tr><td> ৫ <td> অতুল পাচনি শিক্ষক <tr><td> ৬ <td> দীন বৈশ্য আৰক্ষী <tr><td> ৭ <td> আবতোশ ভূঞা খুড়াক <tr><td> ৮ <td> সুকন্যা খাৰঘৰীয়া ...... <tr><td> ৯ <td> অৰুণ হাজৰিকা তৰাৰ দেউতাকৰ সহপাঠী </table>
বঁটা
- ৰাষ্ট্ৰীয় বঁটা শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰ (২০০৩)
বাহ্যিক সংযোগ
- তৰা (সম্পূৰ্ণ চলচ্চিত্ৰ) ইউটিউবত
- Rupaliparda
তথ্যসূত্ৰ
- ↑ Tora. BFI
- ↑ IANS. (Sunday, August 15, 2004). List of National Film Awards. Indiaglitz
- ↑ National & International Awards (Assamese Films). Rupaliparda
- ↑ PTI. (August 19, 2004). Jahnu Barua dedicates award winning film to Dhemaji victims. Encyclopedia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰা (অসমীয়া চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৮৩৬১ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।