সূত্ৰপাত (Sutrapat) ১৯৮৭ত মুক্তি পোৱা, আই.পি. প্ৰডাকচন্সৰ বেনাৰত নিৰ্মিত আৰু মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। ছবিখনত বিদেশী বহিষ্কাৰ আন্দোলনৰ ৰ পৰিবেশ চিত্ৰিত হৈছে, যদিও ই বিদেশী বহিষ্কাৰ আন্দোলন বিষয়ক ছবি নহয়। মূল ভূমিকাত অভিনয় কৰিছে তপন দাসে। ছবিখনৰ এক বিশেষ চৰিত্ৰ কেমেৰামেন চোপ্ৰাৰ ভূমিকাত অভিনয় কৰিছে বলিউডৰ অভিনেতা চৈয়দ আখতাৰ মিৰ্জাই।১
কাহিনীৰ সাৰাংশ
১৯৮২ চন। বিদেশী বহিষ্কাৰ আন্দোলন তেতিয়া তুঙ্গত। সাংস্কৃতিক ক্ষেত্ৰখনত এক থমথমীয়া পৰিবেশ। তেনে প্ৰতিকুলতাকো নেওচি দিগন্তহঁতে ‘চিৰাজ’ নাটখন মঞ্চস্থ কৰাৰ সিদ্ধান্ত কৰিলে আৰু নাটকৰ আখৰাত ব্যস্ত হৈ পৰিল। তেনেতে ঘোষণা কৰা হ’ল বিধানসভাৰ নিৰ্বাচন। চৌপাশে অশান্তিৰ জুই জ্বলি উঠিল। ঠায়েঠায়ে চলিল সাম্প্ৰদায়িক সংঘৰ্ষ।
চলচ্চিত্ৰ মাধ্যমটোৰ সামাজিক প্ৰভাৱৰ কথা বিবেচনা কৰি দিগন্তহঁতে সাম্প্ৰদায়িক সংহতিমূলক চুটিছবি এখন কৰাৰ পৰিকল্পনা কৰিলে। হতাশাগ্ৰস্থতাত ভুগা অভিজ্ঞ কেমেৰামেন চোপ্ৰাই চুটিছবিখনত কাম কৰাৰ প্ৰতিশ্ৰুতি দিলে। প্ৰকৃততে কেমেৰামেন চোপ্ৰাৰ বাবেই দিগন্ত চলচ্চিত্ৰ মাধ্যমটোৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। আনোৱাৰ আৰু কিছুকিছু বন্ধুৰ সহযোগত কৰি ছবিৰ কাম শেষ হ’ল।
কিন্তু ছবি নিৰ্মাণৰ আৰম্ভণিৰ উচ্ছাস নাইকিয়া হৈ গ’ল, যেতিয়া পৰিবেশন আৰু ধাৰ-ঋণৰ সমস্যাই সিহঁতক আগুৰি ধৰিলে। চৰকাৰৰ দপ্তৰে দপ্তৰে সিহঁতে ঘূৰি ফুৰিলে। কিন্তু কাৰোপৰা সঁহাৰি নাপালে। লাহেলাহে দিগন্তৰ বন্ধু-বান্ধৱ এজন এজনকৈ আঁতৰি গ’ল। দিগন্তই ভালপোৱা মালবিকায়ো এদিন তাক অপদস্থ কৰিলে।
তথাপি দিগন্তই আশা এৰি দিব নুখুজি এবাৰ মন্ত্ৰীক লগ ধৰিলে। কিন্তু কোনো লাভ নহ’ল। সি ওলাই আহিল। কান্ধত ফিল্মৰ কেন। হঠাৎ চিটিবাছৰ পৰা মাত দিলে মালবিকাই। দিগন্তৰ বুকুলৈ ঘূৰি আহিল আস্থা। সন্ধিয়াৰ ৰাজপথৰ, হেজাৰজনৰ লগত সি ক্ৰমশঃ মিলি গ’ল।১
অভিনয় শিল্পী
- তপন দাস
- গৌতম চহৰীয়া
- বিদ্যুৎ চক্ৰৱৰ্তী
- জয়ন্ত দাস
- আদিল হুছেইন
- নিকুমণি শইকীয়া
- ববিতা শৰ্মা
- চৈয়দ আখতাৰ মিৰ্জা
- নিকুমণি বৰুৱা
- সান্ত্বনা বৰদলৈ
- মিৰেল কুদ্দুছ
- বিমলজ্যোতি চৌধুৰী আদি।১
সঙ্গীত
ছবিৰ সঙ্গীত পৰিচালনা বিভূৰঞ্জন চৌধুৰীৰ। গীত ৰচনা কেশৱ মহন্তৰ।১
তথ্যসূত্ৰ
- ↑ Das Arunlochan. (2013). ৩১১ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 252
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সূত্ৰপাত” প্ৰবন্ধৰ সংশোধন ২৭১৫৬৪ (১৭ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।