প্ৰত্যাৱৰ্তন (Pratyavartan) ১৯৯৩ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। পৰিচালক ৰঞ্জিত দাস। এছ বি পিকচাৰ্ছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে কবিন সাউদে। সংগীত শ্বেৰ চৌধুৰীৰ। মুখ্য ভূমিকাত আছে তপন দাস, অৰুণ নাথ আৰু মৃদুলা বৰুৱা।১২
কাহিনীৰ সাৰাংশ
ৰংনগৰ এখন উদ্যোগ নগৰী। তাৰে উদ্যোগ এটাত প্ৰজ্ঞানে সহকাৰী অভিযন্তা হিচাপে চাকৰিত যোগদান কৰে। তাতে তেওঁ লগ পালে ষ্টিল প্লাণ্ট এটাৰ অভিযন্তা বিমল ভৰালীক। প্ৰজ্ঞানে ৰংনগৰত বিমলৰ সৈতে একেটা ঘৰতে থাকিবলৈ ল’লে। দুয়োৰো বয়সৰ পাৰ্থক্য প্ৰায় দহবছৰ। উদ্যোগনগৰীৰ সকলো মানুহে বিমলক ভাল পায় যদিও তেওঁৰ এটাই বদ অভ্যাস, তেওঁ অত্যধিক সুৰাপান কৰে। তেওঁ খাৰাংখাচ আৰু বাহিৰত দেখাত কঠুৱা লোক। এটা দুখদায়ক অতীত পাৰ কৰি অহা বিমলৰ মাজত প্ৰজ্ঞানে বিচাৰি পায় এটা মৰমীয়াল স্পৰ্শকাতৰ মন।
ৰংনগৰতে প্ৰজ্ঞানৰ আৰু এগৰাকী ব্যক্তিৰ সৈতে আত্মীয়তা বাঢ়ে; তেওঁ হ’ল স্কুল শিক্ষয়ত্ৰী মুন বাইদেউ। মুন বাইদেউ প্ৰজ্ঞানৰে এজন সহপাঠীৰ বায়েক। বাইদেউ তাত জীয়েক মুনলীৰ সৈতে বাস কৰে। স্বামী চাকৰি সূত্ৰে দূৰৈত থাকে।
প্ৰজ্ঞান সৰুৰে পৰা সামাজিক কামকাজত জড়িত। ৰংনগৰলৈ আহিও তেওঁ চাকৰিটো লৈয়ে ব্যস্ত হৈ নাথাকিল। তেওঁ প্ৰথমে তাৰ সাহিত্য পৰিষদ আৰু পিছলৈ শ্ৰমিক সংগঠনৰ সৈতে তেওঁ জড়িত হৈ পৰিল। এনেকৈ তেওঁৰ সম্পৰ্ক হ’ল শ্ৰমিক নেতা বিনয় বসুমতাৰীৰ সৈতে। প্ৰজ্ঞানৰ এই সম্পৰ্কক উদ্যোগিক পামৰ বিষয়াসকলে সহজভাবে নললে। পিছলৈ তেওঁ শ্ৰমিকসকলৰো সন্দেহৰ পাত্ৰ হ’ল। তাতে যোগ হ’ল মুন বাইদেউৰ অনাকাংক্ষিত কঠোৰ ব্যৱহাৰ। তেওঁ সম্পূৰ্ণৰূপে ভাগি পৰে আৰু এদিন চাকৰি ইস্তফা দি ৰংনগৰৰ পৰা মেলানি মাগে।১
অভিনয় শিল্পী
- তপন দাস (প্ৰজ্ঞান)
- অৰুণ নাথ (বিমল)
- মৃদুলা বৰুৱা (মুন বাইদেউ)
- ঈশান বৰুৱা
- পৃথিৰাজ ৰাভা (বিনয় বসুমতাৰী)
- অবিনাশ শৰ্মা
- স্নিগ্ধা সাউদ (শিশুশিল্পী)
- বিষ্ণু খাৰঘৰীয়া
- ধীৰু ভূঞা
- জীমণি চৌধুৰী
- ভূপালী চৌধুৰী
- হেমেন চৌধুৰী
- বাদল দাস
- জয়ন্ত ভাগৱতী
- নয়ন প্ৰসাদ১
কলা-কুশলী
(তথ্যছকত নথকা)
- শব্দগ্ৰহণ- দীপক ৰয়
- কলা নিৰ্দেশনা- ফটিক বৰুৱা১
তথ্যসূত্ৰ
- ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 387
- ↑ http://www.enajori.com/?page_id=589. enajori.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰত্যাৱৰ্তন” প্ৰবন্ধৰ সংশোধন ৪০৭৫৯১ (২৫ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।