অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

যুদ্ধভূমিৰ কবিতা

যুদ্ধভূমিৰ কবিতা (Yudhabhumir Kabita) কিতাপখন সাহিত্য অকাডেমি বঁটা বিজয়ী কবি সমীৰ তাঁতীৰ প্ৰথমখন কাব্য সংকলন। সংকলনটিত কবিৰ ৫৩টা কবিতা সংকলিত হৈছে। সংকলনটি ১৯৮৫ চনৰ এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল। ২০০৩ চনৰ জানুৱাৰী মাহত ইয়াৰ পুনৰ মুদ্ৰণ হয়। ৮৪ পৃষ্ঠাৰ এই কিতাপখনৰ দাম ৩৩ টকা।

হালনাগাদ: ২৪ জানুৱাৰী ২০২৫ ৩৩৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

যুদ্ধভূমিৰ কবিতা (Yudhabhumir Kabita) কিতাপখন সাহিত্য অকাডেমি বঁটা বিজয়ী কবি সমীৰ তাঁতীৰ প্ৰথমখন কাব্য সংকলন। সংকলনটিত কবিৰ ৫৩টা কবিতা সংকলিত হৈছে। সংকলনটি ১৯৮৫ চনৰ এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল। ২০০৩ চনৰ জানুৱাৰী মাহত ইয়াৰ পুনৰ মুদ্ৰণ হয়। ৮৪ পৃষ্ঠাৰ এই কিতাপখনৰ দাম ৩৩ টকা। সেউজী সেউজীৰ হৈ পুলক বৰ্মনে প্ৰকাশ কৰা কিতাপখনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচ্ছদ, অলংকৰণ আৰু অক্ষৰবিন্যাস পংকজ গোবিন্দ মেধিৰ। নলবাৰীৰ পৰা কিতাপখন ছপা হৈ ওলাইছিল।১

লেখক পৰিচয়

গোলাঘাট জিলাৰ বিহৰা চাহ বাগিছাত ১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত সমীৰ তাঁতীয়ে জন্মগ্ৰহণ কৰিছিল। ১৯৮৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা তাঁতীয়ে হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত ‘সাদিনীয়া নাগৰিক’ কাককত উপ-সম্পাদক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল।২ বৰ্তমান তেওঁ অসম চৰকাৰৰ এগৰাকী জেষ্ঠ পৰ্যটন বিষয়া ৰূপে কৰ্মৰত। ৩ তেখেতৰ ফৰিংবোৰে বাটৰ কথা জানে কাব্য সংকলনটিয়ে ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।৪৫ এই সংকলনটিৰ উপৰিও কবিৰ অন্য ১১টি কাব্য সংকলন, অনুবাদ আৰু গদ্য সংকলন প্ৰকাশ হৈছে। শেহতীয়াকৈ প্ৰকাশ পোৱা তেখেতৰ কিতাপ দুখন হৈছে;

  1. বিগলিত প্ৰাৰ্থনা, (কাব্য সংকলন, মাৰ্চ, ২০২৪) আৰু
  2. লগ পাম ক’ৰবাত এদিন, (সমালোচনাত্মক গদ্য, মাৰ্চ, ২০২৪)

দুয়োখন কিতাপ আমি বুকচে প্ৰকাশ কৰিছে। তাঁতীয়ে যোৱা ৪৭ বছৰ জুৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই আহিছে।৬ কবি তাঁতীয়ে ২০১২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল।৭

বিষয়বস্তু

যুদ্ধভূমিৰ কবিতা সংকলনটি কবি সমীৰ তাঁতীৰ এটি কাব্য সংকলন। ইয়াত কবিৰ লেখক জীৱনৰ প্ৰথমছোৱাৰ ৫৩টি কবিতা সংকলিত হৈছে। কিতাপখনৰ জোনাক ৰাতি তোমাক খোজ কাঢ়ি যোৱা দেখিছোঁ শীৰ্ষক কবিতাটি কবিয়ে তেখেতৰ শিল্পী বন্ধু জ্ঞানেন্দ্ৰ বৰকাকতি, ধ্ৰুৱ ডেকা, প্ৰণবেন্দু বিকাশ ধৰ, আমিনুল হক, নৰেন দাস আৰু কমল পাটগিৰিলৈ উচৰ্গা কৰিছে। এই কবিতাৰে আৰম্ভ হোৱা সংকলনটিৰ শেষৰ কবিতাটি হৈছে- য’ত নিতউ বেলিয়ে পানীক চুমে। কিতাপখনৰ শেষত সাহিত্যিক, সমালোচক হীৰেন গোহাঁইৰ ভূমিকা আৰু কবিৰ এটি পাতনি সংযোজিত হৈছে। ভূমিকাত ড° হীৰেন গোহাঁয়ে লিখিছে;

‘যুদ্ধভূমিৰ কবিতা’ যথাৰ্থতে যুদ্ধৰ কবিতা, যুযুৎসু কবিতা।....সমসাময়িক ভাৰত আৰু অসমৰ এখন অমূল্য দলিল।...কবিৰ নিতান্ত ব্যক্তিগত পৰিচয় ইয়াত গৌণ। তেওঁ ইয়াত অত্যাচাৰিত, নিৰ্যাতিত আৰু দুঃসাহসী বিপ্লবীৰ কণ্ঠ।...‘ভিৱাণ্ডি’ৰ শানিত শ্লেষ, ‘নেলী’ৰ সুৰসমলয়, মংগলদৈ, বেলশৰ ননৈ ইত্যাদিৰ স্বল্পবাক অথচ তীব্ৰ আৰ্তি, যুদ্ধৰ ঋতুৰ ছন্দ আৰু ভাষাৰ বৈসাদৃশ্য, ‘থিয় হৈ অন্ধকাৰত’ কবিতাৰ ভাষা আৰু চিত্ৰকল্পৰ বন্য উন্মুক্ততা, ‘মানুহবোৰে কাপোৰ খুলিছে’ৰ refrain ঢৌৰ ভাবঘন বলিষ্ঠতা - এইবোৰ এক উদীয়মান প্ৰতিভাৰ কাৰুকৰ্ম।১

তথ্যসূত্ৰ

  1. ↑ সমীৰ তাঁতী. (জানুৱাৰী, ২০০৩). যুদ্ধভূমিৰ কবিতা. সেউজী সেউজী. পৃ. ৮৪
  2. ↑ (১৩ জানুৱাৰী, ২০১৩). সমীৰ তাঁতীলৈ ২০১২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা
  3. ↑ (জানুৱাৰী ১৩, ২০১৩). কবি সমীৰ তাঁতীলৈ অসম উপত্যকা বঁটা
  4. ↑ (18 December 2024). Three Assam litterateurs honoured with Sahitya Akademi Award 2024. দ্য আসাম ট্ৰিবিউন
  5. ↑ https://assam.news18.com/news/assam/samir-tati-won-the-sahitya-akademi-award-for-his-poem-fringbore-bat-katha-jane-tv-biju-kd-430342.html
  6. ↑ (18 December, 2024). GU prof, Assamese Poet, Bodo novelist win Sahitya Academy award. দ্য টাইমচ্‌ অৱ ইণ্ডিয়া
  7. ↑ (18 December, 2024). Sameer Tanti: ‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা. News 18

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থকবিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যুদ্ধভূমিৰ কবিতা” প্ৰবন্ধৰ সংশোধন ৪৬৫৫৯৭ (২৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।