অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মোৰো এটা সপোন আছে

মোৰো এটা সপোন আছে (Moro Eta Sapon Ase) হৈছে ৰুবুল মাউতৰ দ্বাৰা লিখিত এখনি আত্মজীৱনী। শৈশৱ-কৈশোৰৰ নানান প্ৰতিঘাত আৰু সংঘাত অতিক্ৰম কৰি আমেৰিকাৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰা জীৱবিজ্ঞানী আৰু গৱেষক ৰুবুল মাউতৰ জীৱন-কাহিনীৰে এই আত্মজীৱনীখন সমৃদ্ধ হৈছে।

হালনাগাদ: ৯ ডিচেম্বৰ ২০২৫ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মোৰো এটা সপোন আছে (Moro Eta Sapon Ase) হৈছে ৰুবুল মাউতৰ দ্বাৰা লিখিত এখনি আত্মজীৱনী। শৈশৱ-কৈশোৰৰ নানান প্ৰতিঘাত আৰু সংঘাত অতিক্ৰম কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰা জীৱবিজ্ঞানী আৰু গৱেষক ৰুবুল মাউতৰ জীৱন-কাহিনীৰে এই আত্মজীৱনীখন সমৃদ্ধ হৈছে।১২

লেখকৰ পৰিচয়

ৰুবুল মাউত (ইংৰাজী: Rubul Mout) হৈছে এগৰাকী অসমীয়া জীৱবিজ্ঞানী। তেখেতৰ গৱেষণাৰ বিষয় হৈছে মানৱীয় দেহৰ কেতবোৰ ৰোগ নিৰ্মূলকৰণৰ বাবে নতুন প্ৰটিনৰ সৃষ্টি কৰা; উচ্চতৰ প্ৰটিন সমাৱেশ প্ৰস্তুত কৰি সেইবোৰক কোষ সংকেতৰে সমৃদ্ধ কৰা আৰু জৈৱ-অণুবিদ্যুতৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰা।বৰ্তমান ৰুবুল মাউত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ হাৰ্ভাৰ্ড মেডিকেল স্কুল আৰু বষ্টন চিলড্ৰেনছ হাস্পতালৰ (বিচিএইচ) ষ্টেম চেল প্ৰগ্ৰেমৰ গৱেষণা-সভ্য।[4] ইয়াৰ পূৰ্বে তেখেত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰটিন ডিজাইন শাখাৰ 'ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডেছন ইন'ভেছন ফেলো' আছিল।

গ্ৰন্থখনৰ সংক্ষিপ্ত বিৱৰণ

মোৰো এটা সপোন আছে আত্মজীৱনীমূলক গ্ৰন্থখন মূলতঃ চাৰিটা খণ্ডত বিভক্ত। এই খণ্ডসমূহো সৰু-বৰ উপ-অধ্যায়ত বিভক্ত। গ্ৰন্থত মুঠ এসত্তৰটা উপ-অধ্যায় আছে। গ্ৰন্থখনৰ প্ৰথমটো খণ্ডৰ শিৰোনাম হৈছে-শৈশৱ। এইটো খণ্ডত লেখকে শৈশৱত সন্মুখীন হোৱা বিভিন্ন সংঘাতৰ বিষয়ে লিখিছে। পঢ়া টেবুলখনৰ বৰ্ণনাৰে তেখেতৰ শৈশৱ-কথা আৰম্ভ হৈছে। এইটো অধ্যায়ত প্ৰাথমিক স্কুলৰ পৰা মেট্ৰিক পাছ কৰালৈকে বৰ্ণনা সন্নিৱিষ্ট হৈছে। দ্বিতীয়টো অধ্যায় সংগ্ৰামত লেখকে উচ্চতৰ মাধ্যমিকৰ শিক্ষাগ্ৰহণৰ পৰা আৰম্ভ কৰি টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত বিজ্ঞানী হিচাপে যোগদান হোৱালৈকে সময়ছোৱাক সামৰি লৈছে। ৩তৃতীয়টো অধ্যায় সুযোগত লেখকে টাটাৰ প্ৰতিষ্ঠানটিত বিজ্ঞানী হিচাপে অৰ্জন কৰা অভিজ্ঞতাসমূহৰ বিষয়ে বৰ্ণনা কৰিছে। ৪আৰু সেই অভিজ্ঞতাই তেখেতেক কিদৰে ডক্তৰেটৰ বাবে সুযোগ আনি দিলে-তাৰ ব্যাখ্যা আগবঢ়াইছে। চতুৰ্থটো অধ্যায় দেউতাৰ অসুখত লেখক ড॰ মাউতে আমেৰিকাত মাচাছুচেটছ বিশ্ববিদ্যালয়ত গৱেষণা কৰি থাকোঁতেই দেউতাকৰ দুৰাৰোগ্য ৰোগৰ খবৰ পোৱা, সেই খবৰে তেওঁৰ মনোজগতত সৃষ্টি কৰা নানান চিন্তা-দুশ্চিন্তাৰ বিষয়ে লিখিছে। তেখেতৰ দেউতাক পাৰকিনচনৰ ৰোগত আক্ৰান্ত হৈছিল। এইটো অধ্যায়ত লেখকে জিন এডিটিঙৰ নানান সম্ভাৱনা, CRISPR/CAS9ৰ প্ৰযুক্তিৰ বিষয়েও ব্যাখ্যা আগবঢ়াইছে।১

সমালোচনা

কবি-সাহিত্যিক জীৱন নৰহে গ্ৰন্থখনৰ প্ৰসংগত কয় যে, “বিজ্ঞানী ৰুবুল মাউতে মনচুই যোৱা বৰ্ণনাৰে তেওঁৰ শিক্ষাজীৱনৰ পৰিক্ৰমা অতি সাৱলীলভাৱে গ্ৰন্থখনত তুলি ধৰিছে। অমানুসিক কষ্ট/ দৰিদ্ৰতাক কেনেকৈ পৰিয়ালৰ মানুহে (বিশেষকৈ মাক-দেউতাক-ককায়েক) মুখামুখি হৈ এই দীঘলীয়া যাত্ৰাত ৰুবুলক আগবঢ়াই দিছিল গ্ৰন্থখন পঢ়িলে সেই পৰিয়ালটোৰ প্ৰতি শ্ৰদ্ধাত মূৰ দো খাই যাব। আৰু যিসকল ব্যক্তিয়ে দৰিদ্ৰতাৰ গ্ৰাসক অতিক্ৰমি নিজকে প্ৰতিষ্ঠা কৰিছে তেওঁলোকে গ্ৰন্থখন পঢ়িলে নিজৰ জীৱন বৃত্তান্তকে বিচাৰি পাব আৰু তপত চকুলো এধাৰ বৈ আহিব।”২

গ্ৰন্থখনৰ তৃতীয়টো সংস্কৰণ ২০১৮ চনৰ জানুৱাৰী মাহত প্ৰকাশিত হয়।১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ শৰ্মা, দীপক. (১৬ অক্টোবৰ, ২০১৮). মোৰো এটা সপোন আছেঃ দীপক শৰ্মা. মণিকূট
  2. ↑ Moro Eta Sapon Ase. পূৰ্বায়ন
  3. ↑ নাথ,ভনিতা. মোৰো এটা সপোন আছেঃ ৰুবুল মাউত. Jamini
  4. ↑ হাজৰিকা,শিৱপ্ৰসাদ. (২০২২). মোৰো এটা সপোন আছে-. ই-কলম

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থআত্মজীৱনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোৰো এটা সপোন আছে” প্ৰবন্ধৰ সংশোধন ৫৬২১৬২ (৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।